ৰাতিবোৰ হাতী হয়
ৰাতিবোৰ হাতী হয়।
বেলিটো পাহাৰটোৰ সিপাৰে লুকালেইবাঢ়ি আহে উৎকন্ঠা।বেলিৰো যে কত বিশেষণ -দোকমোকালিৰ বেলি,দুপৰৰ বেলি,ৰান্ধনী বেলি..ৰান্ধিবলৈ মোৰ আখলতখুদকণ এটিও নাইখেনোৰ উভৈনদী সম্পদেঅহংকাৰৰ নদী ওফোন্দায়।শিতানে পথানে মাথোঁ ছহাট মাটিকাক কোনে বুজায়? উশাহৰ শেষপঞ্চভূতী দেহৰ অৱশেষ কোনে বা বুজি পায়।
কথাবোৰ ভাবি ৰাতিটো হাতী যেন হয়। দূৰ্ভাৱনাৰ বলিষ্ঠ চাপৰ খোজে মোৰ বুকুখন চেঁপি ৰয়। কাতৰ উশাহ এটাৰে প্ৰাৰ্থনা কৰোঁ - ৰাতিবোৰ হাতী নহওক মনবোৰ উদাৰ হওক জাতি ধৰ্ম বৰ্ণৰ পৰিয়চয় বোৰতেহেলৈ যাওক। মানুহবোৰ কেৱল মানুহ হওক ।
Comments
Post a Comment