এটা উইচিৰিঙাৰ আৰ্তনাদ
কিট্ কিট্ কিট্
চিঁ ঈঁ ঈঁ....
বৰ কৰ্কশ মাত এটা উফৰি আহে
মোৰ খোলা খিৰিকিৰে।
কিঁ....ঈঁ... কিট্ কিট্....
বৰ সংগোপনে সোমাই আহে
কলিজাৰ কপাট ভেদি
তেজে তেজে, শিৰে শিৰে..
পিতায়ে কয় উইচিৰিঙাই খেতিৰ পুলিবোৰ কাটে
।
কিঁ..... ঈঁ... বুলি
ভেঙুচালিৰ মাত মাতে।
মোৰ বুকু খান্দি
পিতাইৰ মৰিশালিৰ মাটি খুঁচৰি
উইচিৰিঙাই মাতে
সোধে -
মানুহ ক'ত?
মানৱতা ক'ত?
ৰজা ক'ত?
ন্যায় ক' ত?
এটা অবাধ্য উইচিৰিঙাই
ওৰে ৰাতি বিনায়
মোৰ মনত
মগজুত।
Comments
Post a Comment