কুশলে আছো, সুখেৰে আছো ৷৷

সুখী হ'বলৈ কি লাগে মানুহক? এগাল মান ধন-বিত? নাই, মোৰ ধন-বিত নাই ৷
সেই ফালৰ পৰা মই দুখীয়া ৷ এই মূহুৰ্তত যদি ঘৰৰ কোনোবা এজন টান নৰিয়াত পৰে তেনে কাৰোবাৰ ওচৰত হাত পাতিব লাগিব ৷ চলি আছো নিত্যান্ত এটা সাধাৰণ জীৱন যাপন কৰি ৷ তথাপিও সুখেৰে আছো ৷ কুশলে আছো ৷ সৰহ ধনৰ পিচে পিচে দৌৰা নাই কোনো দিন ৷
যি পাইছো তাকে লৈ চলি আছো ৷ কিন্তু মনটো এৰি দিছো সুন্দৰৰ সাধনাত ৷ বিশেষ কৈ নাটকত ৷ জীৱনত ইচ্ছা আছিল ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক হোৱাৰ ৷ নাই নোৱাৰিলো ৷ তথাপিও এৰি দিয়া নাই নাটকক ৷ সামৰ্থৰ জোখাৰে দৌৰি আছো নাটকৰ পিচত ৷ পিচে নাটক কৰিবলৈও টকা লাগে ৷ নাই ৷ কিন্তু  নাটক কৰি আছো ৷ মনটো আছে ৷ সেয়াই মূলধন ৷ বাকীখিনি ৰাইজৰ সঁহাৰি ৷ বিগত প্ৰায় এমাহজোৰা কষ্টৰ অন্তত আজি মে-ডাম-মে-ফী উপলক্ষ্যে
গাঁৱৰ মহিলা, যুৱতী সকলে মঞ্চায়ণ কৰিলে ৰূপ কোঁৱৰৰ অমৰ সৃষ্টি "কাৰেঙৰ লিগিৰী"ৰ ৷ অতি কম খৰচত ৷
"জেনেৰেটৰ" "চাউণ্ড"ৰ বাদে বাঁহৰ চাঙক মঞ্চ, দৰ্শক বহাৰ ঠাই আদি ৰাইজৰ শ্ৰমৰ ফচল ৷ বাকী লাইটৰ-মঞ্চৰ সামগ্ৰী "গগনাবা"( Gogamukh Gananatya Bahini ) ৰ পৰা লোৱা হ'ল ৷ নাটক উৎকৃষ্ট হ'ল বুলি নকওঁ ৷ কিন্তু এইবেলিৰ স'তে মাত্ৰ দুবাৰ নাটক কৰা গাঁৱৰ মহিলা সকলে যি হেঁপাহ আগ্ৰহেৰে নাটখন ৰূপায়িত কৰিলে সেয়া হে আচল কথা ৷ মানুহখিনিৰ হেঁপাহ আগ্ৰহক শ্ৰদ্ধাৰে মূৰ দোঁৱাইছো ৷ আৰু বেলিলৈও বোলে নাটক কৰিব ৷ ময়েই জৰিত থাকিব লাগিব এওঁলোকৰ লগত ৷ এনেকৈয়ে সৃষ্টি হ'ব এটা সাংস্কৃতিক যাত্ৰাৰ ৷ মই নাথাকিব পাৰো ভবিষ্যতত ৷ কিন্তু এই যাত্ৰাৰ যে পতাকা জোঁকাৰি গাঁৱৰ মহিলা সমাজ খনক সাংস্কৃতিক দৌৰলৈ আগবঢ়োৱাৰ প্ৰক্ৰিয়াটোৰ স'তে জড়িত হৈ পৰিলো ৷ তাৰ বাবে অনুভৱ কৰিছো গভীৰ প্ৰশান্তি ৷ এনেবোৰ সৰু সৰু প্ৰশান্তিৰ টুকুৰাৰে পূৰ্ণ কৰিব খোঁজো জীৱন নামৰ জীৰ্ণ জোলোঙাটো ৷ সেই বাবেই চাগে সুখী মই ৷ আজিও টোপনি যাম এক গভীৰ প্ৰশান্তিৰে - সাংস্কৃতিক যাত্ৰাত ভাগলোৱাৰ প্ৰশান্তি ৷
এয়াই জীৱন ৷ এয়াই মোৰ জীৱন উদযাপন ৷

Comments

Popular posts from this blog

Udar Axomiya ( উদাৰ অসমীয়া)

বালিয়ে পোতা এখন গাঁৱৰ কথা। - বিনয় কৃষ্ণ তামুলী ফুকন "গেৰমে" ভূচিত্ৰাৱলীত নথকা এখন সৰু নৈ। নৈ বুলি ক'বলৈ বেয়াই লাগে। খৰালি কালত সাপৰ নেগুৰ যেন। কিছু সময়ত পানী নাথাকেই। পানী নথকা সময়ত পাৰৰ গঞাই নৈৰ বুকুত গাঁত খান্দি খোৱা পানী, গা পখলা পানী মানে দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় পানী সংগ্ৰহ কৰে। নৈ খনৰ অৱস্থিতি অসম অৰুণাচল প্ৰদেশৰ ধেমাজি জিলা সীমান্তৱৰ্তী নলবাৰী গাঁও পঞ্চায়ত। নৈ খনৰ সংগম হৈছে গোগামুখৰ পৰা প্ৰায় ৪ কিলোমিটাৰ পূৱে বৈ থকা "ন-নদী" স'তে । কিন্তু বাৰিষাৰ কালছোৱাত নৈ খন অবাধ্য হয়। সাপৰ নেগুৰ যেন নৈ খনে কাল মূৰ্তি ধৰে। অৰুণাচলৰ পাহাৰত বৰষুণ দিলেই গেৰমে নৈ খন বিস্তাৰিত হয়। পাহাৰত গছ গছনি কাটি তহিলং কৰাৰ ফলত বালি আৰু বালি কঢ়িয়াই আনে গৰমেই । ফল ভোগে নামনিৰ গাঁও বোৰে। তেনে এখন গাঁৱৰ নাম ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ নলবাৰী পঞ্চায়তৰ মানিকপুৰ গাঁও। বড়ো জনগোষ্ঠীৰ লোকৰ বসতি এই গাওঁ খনৰ অৱস্থা এতিয়া তথৈবচ। গাঁও খন চাবলৈ গৈ দেখিলো ঘৰবোৰ পোত গ'ল। বড়ো জনগোষ্ঠীয়ে চাং ঘৰ নাসাজে যদিও বানৰ পৰা বাচিবলৈ চাং ঘৰ সাজিছে। সেই চাং ঘৰবোৰো গেৰমেৰে নৈৰ বালিয়ে পোতি মাটিৰ ঘৰ যেন কৰিছে। মোৰ পৰিদৰ্শন কালত কেইজনমান বড়ো ডেকাই নাৱেৰে মূল পথত উঠিছে। গাঁও খন মই ২০০০ চনৰ পৰা দেখিছোঁ। তেতিয়া বালিয়ে পোতা পথাৰবোৰ শালিতলি আছিল। হঠাৎ এই বিপৰ্যয়ৰ কাৰণ গছ তহিলং কৰা। ঘৰে ঘৰে পৰ্টেল খুলি দায়বদ্ধতাৰ পৰিচয় দিয়া সকলে এইবোৰ ঢুকি পোৱাগৈ নাই। সেয়েহে সমস্যাটো মোৰ ফালৰ পৰাই উপস্থাপন কৰিলোঁ। মাণিকপুৰে বালিৰ তলতে কঁকবকাই থাকিব নে!?