জীৱনৰ গীত ভালপোৱা ছোৱালী জনী কণ্ঠত বান্ধিব খোজে ৰাগিনীক তাই ৰাগৰ স'তেও গোপন প্ৰেম ৷ সপ্ত সুৰৰ মায়াৰে জাল গাঁথে তাই দিঠকে-সপোনে গুণ গুণাই জীৱনৰ গান ৷ বিষাদৰ বিলম্বিত লয়ৰ উদাসী গীত এটা যদিও উজায় আহে তাইৰ কণ্ঠত তাই ভাল পায় আওঁৰাবলৈ জীৱনৰ দ্ৰুত লয়ৰ সংগীত ৷৷ চৌৰাচিয়াৰ কৰুণ বাঁহীৰ দৰে তেজত বিয়পি থাকিলেও দুখ তাই আকুলতাৰে গায় কাকূতি ঘোষা অথবা পোহৰৰ প্ৰাৰ্থনা ৷ ৰূদ্ৰ তালৰ গীত ভাল নালাগে তাইৰ যি ভাঙি পেলাব পাৰে নিমিষতে জীৱন ফুলদানী তেজ-ঘামৰ বোকা মাটিৰে সজা ৷ তাই ভাল পায় জীৱনৰ সংগীত সুখৰ ৰাগিনী আশাৰ ৰাগ আৰু… পোহৰৰ প্ৰাৰ্থনা ৷৷
Posts
- Get link
- Other Apps
ৰং ভালপোৱা ছোৱালী জনীঃ চিনি পাই নে আপুনি ৰং ভালপোৱা ছোৱালী জনী? বৰ সহজ তাইক চিনি পাবলৈ যাৰ ওঁঠত লাগি থাকে মনালীচা মনালীচা হাঁহি আৰু লিহিৰি হাতত কেৰ্কেটুৱাৰ নোমৰে সজা ৰঙীন তুলিকা ৷ যি তুলিকাত লাগি থাকে সৰিয়হ বুলিয়া,বেঙেনা ফুলীয়া নতুবা কলপতিয়া শিমলু, পলাশৰ ৰং ৷ ঠিক কেৰ্কেটুৱাৰ দৰে জঁপিয়াই জঁপিয়াই , নাইবা ছাগলী পোৱালী এটিৰ দৰে দেদাউৰিয়াই ফুৰে তাই ৰং বিচাৰি ৷ জীৱনৰ ৰং বেজাৰৰ বেঙেনা বুলীয়া ৰংটো তাইৰ প্ৰিয় যদিও বুকুত কঢ়িয়াই ফুৰে তাই কৃষ্ণচূড়া ৰঙী সপোন এটা ৷ মদাৰৰ ৰঙে উতলা কৰিলেও তাইক সোনাৰু ফুলীয়া আশা এটালৈ গুণ গুনাই তাই ভাটৌ ৰঙী গান ৷ চিনি পাইছে নে তাইক? যি জীৱনৰ উকা কেনভাচ খন সজাব খোজে ৰঙেৰে এটোপ এটোপ ৰং- পলাশৰ, শিমলুৰ, সোণাৰুৰ… আঁকিব খোজে জীৱনৰ ছবি কলপতিয়া ৷৷ কিন্তু বেঙেনা বুলীয়া ৰং বোৰে কিয় কাঢ়ি নিব খোজে তাইৰ পলাশী উচাহ তাই আজিও নুবুজে ৷ চিনি পাই নে ৰং ভালপোৱা ছোৱালী জনী যি বুকুত কঢ়িয়াই ফুৰে এসাগৰ সৰিয়হ হালধীয়া আৰু চকুৰ পতাত বুলাই লয় বিষাদৰ বেঙুনীয়া ৷ বৰ আকুলতাৰে বিচাৰি ফুৰিছো তাইক ফুলা শিমলুৰ ডালত জুই ৰঙী কৃষ্ণচূড়াৰ তলত হালধী
- Get link
- Other Apps
নাটক হ'বঃ এটা বাঁহৰ খুটাৰে ওপৰত তামোলৰ কামি দি সজা মঞ্চ ৷ তাৰ ওপৰত ধান খেৰ পাৰি দিয়া হৈছে ৷ কেৰ-মেৰ শব্দ নকৰিবলৈ ৷ ওপৰত ফটা তামীঘৰা দুটা ৷ বিদ্যুতৰ ব্যৱস্থা আছে বাবে দুটা ফ্লাড লাইট জ্বলোৱা হৈছে ৷ মঞ্চৰ কাষতে জুই একুৰা জ্বলাই কেইজনমানে জুই পুঁৱাইছে ৷ তাতে এখন নাটকৰ আখৰা চলিছে ৷ আজি ভৰ আখৰা ৷ নাটকখন লিখিছিলো মই ৷ মোৰ জীৱনৰ দ্বিতীয় খন পূৰ্ণাংগ নাট - "বৰ্ণবাদ" ৷ গতিকে মোকো মতা হৈছে আখৰালৈ ৷ "ন-পাম ৰেঙনী নাট্য সংঘ" এচাম নাট ভাল পোৱা যুৱক-যুৱতীৰ দল ৷ নাটক কৰিব ৷ পিছে নাটক নাই ৷ কোনোবাই ক'লে মই নাটকৰ লগত লাগি থকা মানুহ ৷ গতিকে সংঘৰ কোনোবা এজন গৈ মোৰ ওচৰ ওলালগৈ ৷ বিনয়দা নাটক এখন দিয়ক ৷ আমি গাঁৱত কৰিম ৷ সোধিলো কেনেকৈ কৰিবা? ক'লে ভ্ৰাম্যমানৰ দৰে ৷ অলপ পৰ মনে মনে থকাৰ পাচত লাহেকৈ ক'লো ৷ ভাইটি নাটক কৰিবা বাৰু ৷ কিন্তু ভ্ৰাম্যমানৰ দৰে? ভ্ৰাম্যমান থিয়েটাৰ সমূহে ন মাহৰ বাবে তিনিখন নাটক লয় ৷ বাজেটো বহুত ৷ প্ৰথম শ্ৰেণীৰ নাট্য দলবোৰে এনিশাত প্ৰায় এক লাখ টকা কৈ লৈ নাট প্ৰদৰ্শন কৰে ৷ পাৰিবা জানো ভ্ৰাম্যমানৰ দৰে নাটক কৰিবলৈ ? ক'লো- নাটক কৰিব লাগে নিজৰ অৰ্থন
- Get link
- Other Apps
*ৰংদিয়া ৷ মৰম, ভালপোৱা ৷ সজাওঁ ৰামধেনু* ৰং, এৰা ৰঙৰ বিচিত্ৰ সমাহাৰেই জীৱন ৷ সকলো বোৰ ৰং যি বিচ্ছুৰিত কৰিলে সি শুকুলা, সকলো ৰং যি শুহি ল'লে সি আন্ধাৰ ৷ ক'লা ৷৷ বেঙুনীয়া, ঘন নীলা, নীলা সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙাৰ সমাহাৰ ৰামধেনু ৷ ৰংবোৰ সজাব জানিব লাগিব ৷ এনেয়ে এসোপামান ৰং সানি দিলে জানো ছবি হ'য়?? আমি ৰং বুটলি সজাব নাজানো বাবেই হয়তু সকলো ৰং জমা কৰি যাওঁ এফালৰ পৰা ৷ শেষত সকলো শুহি লয় অপ্ৰাপ্তি নামৰ শোষকটোৱে ৷ ক'লাৰে ভৰি পৰে জীৱন সৰহ সংখ্যকৰে ৷ ব্যতিক্ৰমি কিছুৱে জানে ৰং বুটলি সজাব জীৱনৰ ৰামধেনু ৷ ৰং সজাব নাজানিলেও প্ৰতিজন মানুহে ভাল পায় ৰং ৷ বুটলি সজাব খোজে জীৱন ৷ ভুলকৈ সানি দিয়ে নতুবা মিহলি কৰোঁতে খেলিমেলি হৈ যায় ৷ নিপুন জনে প্ৰাথমিক ৰং কেইটাকে মাত্ৰা অনুসৰি মিহলাই ওলিয়াই লয় না না ৰং ৷ আঁকি যায় মন পৰশা ছবি জীৱনৰ ৷ সেইবোৰ ব্যক্তিয়েই সফল যি মিলাব জানে ৰং, সজাব জানে জীৱন ৷ মোকো অলপ ৰং দিয়ানা ৷ ময়ো আঁকো সাত বৰণীয়া ৰাধেনু জীৱনৰ ৷৷ - বিনয়১৯ জানুৱাৰী১৭
Byke stant
- Get link
- Other Apps
ষ্টান্টঃ ( দূৰ্ঘটনা-আত্মহত্যা-হত্যা) মই যি সময়ত জনমিছিলো সেই সময়ত আমি মটৰ চাইকেল বাদেই নতুন বাইচাইকেল এখ ন ঘৰৰ চোতালত কোনোবাই তলা নমৰাকৈ ৰাখিলেই সুযোগবুজি পুৰুক কৈ লৈ যোৱা আৰু তাৰ বাবে দেউতাৰ কাণচেঁপা খোৱা অভ্যাসত পৰিণত হৈছিল। সেইটো যুগত গাঁৱত বাদেই অঞ্চলটোত থকা নাম মাত্ৰ "য়েচডি, ৰাজদূত" জাতীয় মটৰ চাইকেল কেইখনৰ হিচাপ আৰু মাত আমাৰ মুখস্থ আছিল। মই পঞ্চম নৱম মান শ্ৰেণীত থাকোতে দেউতাই কিনিছিল এখন "হিৰ' মেজেষ্টিক মপেড।" তাৰ অগলৈকে ঘৰত আছিল এখন ৰেলী চাইকেল। সেই চাইকেল খনেই আছিল মোৰ প্ৰথম চক্ৰ যুক্ত আৰামদায়ক বাহন। সেই সময়ত গাঁৱলৈ মটৰ চাইকেল এখন আহিলে আমি সৰু বোৰে আচিৰত হৈ চাইছিলো। ভাবিছিলো আমাৰ দেউতায়ো এনেকুৱা এখন লোৱা হলে!!? সৰু বোৰ বাদেই দিলো। ডাঙৰ সকলেও ঘৰলৈ মটৰ চাইকেল এখন আহিলে গৰ্ব অনুভৱ কৰিছিল।আৰু কাৰোবাৰ পদুলিত যদি এম্বেচাডৰ গাড়ী এখন ৰয়হি তেনে সেইঘৰ মানুহতো অধ্যৱন্তৰ শাৰীত পৰে। কিন্তু বৰ্তমান ৰাজ্য খনত মটৰ চাইকেল-গাড়ীৰ সংখ্যা ইমানেই বৃদ্ধি পালে যে এইবোৰ হিচাপ কৰা মূৰ্খামীৰ বাদে একো নহয়। এইবোৰ পুৰণি কথা। কোন কিমান আগত যাব পাৰে, আৰামদায়ক
Subansiri ( সোৱণশিৰি)
- Get link
- Other Apps
সোৱণশিৰি বান্ধ ‘তীৰ্বতৰ পো- ৰোমৰ ’ ৰ পৰা নামি আহিছিল তাই হীম চেঁচা বৰফৰ ফাঁকে ফাঁকে জংকী পানৈৰ দেশলৈ বুকুত কঢ়িয়াই আনিছিল সোণ ৷ স্ফটিক যেন পানীৰ ধাৰ লৈ দুয়োপাৰে ৰচিছিল স্বৰ্ণময় সপোন। নাচিছিল, হাঁহিছিল পলস সিঁচি সেউজীয়াৰ অই নিতঃম বিয়পাইছিল দুপাৰত "আনে অৱনৰি" আই সোৱণশিৰি। হঠাত আহিছিল দানৱ বলাৎকাৰ কৰিবলৈ তাইক হৰণ কৰিবলৈ সতীত্ব ৷ প্ৰতিবাদত চিঞৰি উঠিছিল জনতা জনতা নামৰ সুৰক্ষাৰ ছাটিটো লৈ প্ৰতিবাদৰ ধেমালি কৰিছিল কোনাবা ছাতি ধৰাই। দানৱৰ সতে মিতিৰালী কৰি ৰক্ষকৰ ভাও দিছিল কোনোবাই কোনোৱাই গধুৰ কৰিছিল নিজৰ জোলোঙা তোষামোদকাৰী সকলে সিদ্ধি কৰিছিল নিজৰ অভিষ্ট । লাহে লাহে বলাৎকাৰী দানৱে মচি দিছিল তাইৰ যৌৱনমতী হাঁহি। তাইৰ গৰ্ভত স্থাপন কৰি দানৱীয় বীজ সন্ত্ৰাস নমাব দুপাৰত সিহঁতে। দানবীয় বালৎকাৰত গৰ্ভৱতী সোৱণশিৰিয়ে গৰ্ভত কঢ়িয়াইছে দানৱ সন্তানৰ বীজ বৰ সংগোপনে বাঢ়িছে সি অইনিতঃম বোৰ কাবানৰ সুৰ হবলৈ আৰু কিছুপৰ । তাৰ পাছতেই স্বৰ্ণশ্ৰীৰ দুপাৰত গঢ়ি উঠিব এখন বালিৰ সাগৰ যাৰ নাম মৰুভূমি। ( প্ৰলয়ে কিন্তু নিচিনে ধনী- নিৰ্ধনী, প্ৰতিবাদী-তোষামোদকাৰী)
Torar okhukh (তৰাৰ অসুখ)
- Get link
- Other Apps
তৰাৰ অসুখ - বিনয় ১৮জানুৱাৰী ১৭চন ইকান-সিকাণকৈ বিয়পি পৰিল সেই খবৰ ৷ কোনোবাই চোতালত, কোনোবাই আখলত কোনোবাই বিয়নি মেলত আৰু পানী ঘাটলৈ যোৱা গাভৰু জাকে ইপাৰাৰৰ ঘাটৰ কোনোবা জনীক ৰিঙিয়াই ক'লে 'ঐ আমাৰ গাঁৱৰ তৰাৰ অসুখ ৷' বনজুইৰ দৰে বিয়পি গ'ল তৰাৰ অসুখৰ বাতৰি ইকাণ সিকাণ সহস্ৰ কাণ ৷ তৰাৰ অসুখৰ বাতৰি মুখৰুচক খবৰ হ'ল কাৰোবাৰ বাবে ৷ - "ঐ শুনিছনে জোনৰ লগত হেনো……" আদ্দাৰ বিষয় হ'ল তৰাৰ অসুখৰ খবৰ বু বু বা বা ওলিয়াই ওকণীৰ মেলত ৷৷ "তৰাৰ অসুখ" "তৰাৰ অসুখ" "তৰাৰ অসুখ" কোনেও কিন্তু নাজানিলে চতুৰ্দশী আহিলেই বাঢ়ে তৰাৰ অসুখ জোনৰ জোনাকত নিষ্প্ৰভ হৈ পৰে তৰাৰ মুখ ৷ কোনেওতো নাজানে পূৰ্ণিমাৰ শেষত কিয় গুচি যায় জোন এখোজ, দুখোজ ৷ তৰা ৰৈ থাকে আউঁসীৰ বাবে কঁপালত জ্বলি থাকে দগ্ মগ্ জোন ৷৷ বতাহে বিয়পাই খবৰ তৰাৰ অসুখ তৰাৰ অসুখ…