নাটক হ'বঃ

এটা বাঁহৰ খুটাৰে ওপৰত তামোলৰ কামি দি সজা মঞ্চ ৷ তাৰ ওপৰত ধান খেৰ পাৰি দিয়া হৈছে ৷ কেৰ-মেৰ শব্দ নকৰিবলৈ ৷ ওপৰত ফটা তামীঘৰা দুটা ৷ বিদ্যুতৰ ব্যৱস্থা আছে বাবে দুটা ফ্লাড লাইট জ্বলোৱা হৈছে ৷ মঞ্চৰ কাষতে জুই একুৰা জ্বলাই কেইজনমানে জুই পুঁৱাইছে ৷ তাতে এখন নাটকৰ আখৰা চলিছে ৷ আজি ভৰ আখৰা ৷ নাটকখন লিখিছিলো মই ৷  মোৰ জীৱনৰ দ্বিতীয় খন পূৰ্ণাংগ নাট - "বৰ্ণবাদ" ৷ গতিকে মোকো মতা হৈছে আখৰালৈ ৷ "ন-পাম ৰেঙনী নাট্য সংঘ"
এচাম নাট ভাল পোৱা যুৱক-যুৱতীৰ দল ৷ নাটক কৰিব ৷ পিছে নাটক নাই ৷ কোনোবাই ক'লে মই নাটকৰ লগত লাগি থকা মানুহ ৷ গতিকে সংঘৰ কোনোবা এজন গৈ মোৰ ওচৰ ওলালগৈ ৷ বিনয়দা নাটক এখন দিয়ক ৷ আমি গাঁৱত কৰিম ৷ সোধিলো কেনেকৈ কৰিবা? ক'লে ভ্ৰাম্যমানৰ দৰে ৷ অলপ পৰ মনে মনে থকাৰ পাচত লাহেকৈ ক'লো ৷ ভাইটি নাটক কৰিবা বাৰু ৷ কিন্তু ভ্ৰাম্যমানৰ দৰে? ভ্ৰাম্যমান থিয়েটাৰ সমূহে ন মাহৰ বাবে তিনিখন নাটক লয় ৷ বাজেটো বহুত ৷ প্ৰথম শ্ৰেণীৰ নাট্য দলবোৰে এনিশাত প্ৰায় এক লাখ টকা কৈ লৈ নাট প্ৰদৰ্শন কৰে ৷ পাৰিবা জানো ভ্ৰাম্যমানৰ দৰে নাটক কৰিবলৈ ? ক'লো- নাটক কৰিব লাগে নিজৰ অৰ্থনৈতিক সামৰ্থ অনুসৰি ৷
নাটকৰ জড়়িয়তে সমাজলৈ  এক শুভবাৰ্তা প্ৰেৰণ কৰাতো হ'ব লাগে নাটকৰ উদ্দেশ্য ৷ ল'ৰা জনে কি ভাবিলে ক'ব নোঁৱাৰো ৷ ক'লে - বিনয় দা আপোনালোকে যে কৰিছিল বৰ্ণবাদ নাটক খন সেই খনকে দিয়ক ৷ দিলো ৷
বিশ দিনমান গ'ল একো খবৰ নাপালো ৷ হঠাৎ ঘৰৰ মুখত মাৰুতী ভান এখন ৰ'ল হি ৷ নাট্য সংঘৰ সদস্য জনৰ লগত আৰু কেইজনমান যুৱক ৷ চাহ-তাহ দিয়াৰ অন্তত আগমনক উদ্দেশ্য সোধিলো ৷
ক'লে - আপোনাৰ নাটক খন জটিল ৷ কৰিব নোৱাৰিম বুলি ভাবিছিলো ৷ কিন্তু নাটক নাপালো ৷ সেই খনকে কৰিম বুলি ভাবিছো ৷ আপুনি ডাইৰেক্টশ্যন কৰি দিব লাগে ৷
         মই একেষাৰে নোৱাৰো বুলি ক'লো ৷ কাৰণ মোৰ  নাটক খন জটিল বুলি কোৱাৰ বাবে নহয় ৷ সময়ৰ অভাবৰ বাবে ৷ কাৰণ গাঁৱৰ মহিলা সকলে মে-ডাম-মে-ফিত নাটক কৰিব ৷ মই তাত লাগি থকাৰ বাবে সময় দিব নোৱাৰিম ৷ তাতে নিশা নিশা মোৰ ঘৰৰ পৰা প্ৰায় ৯ কিল'মিটাৰ নিগত গৈ নাটক শিকোৱাতো মোৰ স্বাস্থ্যয়ো নকয় ৷ গতিকে ক'লো তোমালোকে আৰম্ভ কৰা ৷ মই মাজে মাজে গৈ এপাক চাই দিম বাৰু ৷ কিন্তু সময় ওলিয়াব নোৱাৰিলো ৷ আজি আহিছো ৷ মানুহ বোৰৰ উৎসাহ দেখি ৷
ভৰ আখৰা চলিছে ৷ ২২ জানুৱাৰীত নাটক ৷ কেনো পৰিচালক নাই ৷ নিজে নিজে কৰিছে ৷ বাৰীৰ বাঁহ কাটি মঞ্চ সজাৰ পৰা ঘৰে ঘৰে গৈ ধন তোলা, চকী, তিৰপাল, শব্দ যন্ত্ৰ, পোহৰ সকলোৰে ব্যৱস্থা কৰা, নিশা নিশা আখৰা কৰা,  সকলোতে একেখিনি মানুহ ৷
      এৰা নাটক চৌষষ্ঠি কলাৰ ভিতৰত উৎকৃষ্ট কলা, দলীয় কৰ্ম ৷ প্ৰত্যেক মানুহৰে তেজত থাকে কলাৰ বীজ ৷ মানুহ সুন্দৰৰ পূজাৰী ৷ সেই বাবেই ইয়াত নাটক হ'ব ৷ মূল ধন কেৱল মনৰ ইচ্ছা ৷ এজাক সুন্দৰৰ আলিয়েদি খোজ দিব খোজা মানুহ আৰু এক অখ্যাত নাট্যকাৰৰ নাট আৰু এই মানুহ জাকৰ প্ৰচণ্ড ইচ্ছা শক্তি ৷ মুঠতে নাটক হ'ব ৷৷

Comments

Popular posts from this blog

Udar Axomiya ( উদাৰ অসমীয়া)

বালিয়ে পোতা এখন গাঁৱৰ কথা। - বিনয় কৃষ্ণ তামুলী ফুকন "গেৰমে" ভূচিত্ৰাৱলীত নথকা এখন সৰু নৈ। নৈ বুলি ক'বলৈ বেয়াই লাগে। খৰালি কালত সাপৰ নেগুৰ যেন। কিছু সময়ত পানী নাথাকেই। পানী নথকা সময়ত পাৰৰ গঞাই নৈৰ বুকুত গাঁত খান্দি খোৱা পানী, গা পখলা পানী মানে দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় পানী সংগ্ৰহ কৰে। নৈ খনৰ অৱস্থিতি অসম অৰুণাচল প্ৰদেশৰ ধেমাজি জিলা সীমান্তৱৰ্তী নলবাৰী গাঁও পঞ্চায়ত। নৈ খনৰ সংগম হৈছে গোগামুখৰ পৰা প্ৰায় ৪ কিলোমিটাৰ পূৱে বৈ থকা "ন-নদী" স'তে । কিন্তু বাৰিষাৰ কালছোৱাত নৈ খন অবাধ্য হয়। সাপৰ নেগুৰ যেন নৈ খনে কাল মূৰ্তি ধৰে। অৰুণাচলৰ পাহাৰত বৰষুণ দিলেই গেৰমে নৈ খন বিস্তাৰিত হয়। পাহাৰত গছ গছনি কাটি তহিলং কৰাৰ ফলত বালি আৰু বালি কঢ়িয়াই আনে গৰমেই । ফল ভোগে নামনিৰ গাঁও বোৰে। তেনে এখন গাঁৱৰ নাম ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ নলবাৰী পঞ্চায়তৰ মানিকপুৰ গাঁও। বড়ো জনগোষ্ঠীৰ লোকৰ বসতি এই গাওঁ খনৰ অৱস্থা এতিয়া তথৈবচ। গাঁও খন চাবলৈ গৈ দেখিলো ঘৰবোৰ পোত গ'ল। বড়ো জনগোষ্ঠীয়ে চাং ঘৰ নাসাজে যদিও বানৰ পৰা বাচিবলৈ চাং ঘৰ সাজিছে। সেই চাং ঘৰবোৰো গেৰমেৰে নৈৰ বালিয়ে পোতি মাটিৰ ঘৰ যেন কৰিছে। মোৰ পৰিদৰ্শন কালত কেইজনমান বড়ো ডেকাই নাৱেৰে মূল পথত উঠিছে। গাঁও খন মই ২০০০ চনৰ পৰা দেখিছোঁ। তেতিয়া বালিয়ে পোতা পথাৰবোৰ শালিতলি আছিল। হঠাৎ এই বিপৰ্যয়ৰ কাৰণ গছ তহিলং কৰা। ঘৰে ঘৰে পৰ্টেল খুলি দায়বদ্ধতাৰ পৰিচয় দিয়া সকলে এইবোৰ ঢুকি পোৱাগৈ নাই। সেয়েহে সমস্যাটো মোৰ ফালৰ পৰাই উপস্থাপন কৰিলোঁ। মাণিকপুৰে বালিৰ তলতে কঁকবকাই থাকিব নে!?