শিৱসাগৰৰ পৰা গোগামুখ লৈ আহি আছো। চন ১৯৯৯। দিচাং ঘাটত ফেৰীত উঠি টেকেলি ফুটা ঘাট, তাৰ পাছত ঢকুৱাখনা, ঘিলামৰা হৈ আৰু গোগামুখ পাম হি। তিনি বন্ধু একেলগে। বিশাল ব্ৰহ্মপুত্ৰৰ ৰূপ অনুভৱ কৰি, গৰিমা সোঁৱৰি এইপাৰ অৰ্থাৎ টেকেলীফুটা ঘাট পালো হি। জীপ গাড়ী চলে তাৰ পৰা ঢকুৱাখনালৈ । ফেৰীৰ পৰা নমাৰ লগে লগে টনা আঁজোৰা। একেবাৰে বৃটিছ যুগীয়া জীপৰ চালকে নিজৰ আসনতো মানুহ বহুৱাই লয়। নিজে টিকাটোৰ এফাল কোনোমতে থাপি যাত্ৰীৰ ঠেঙৰ ফাঁকেৰে হাত ভৰাই গিয়েৰ সলনি কৰে। আমি তিনি বন্ধুৱে এই টনা আঁজোৰা আৰু ঠেলা হেঁচাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ফেৰীৰ পৰা পোনে পোনে নামি জীপত নুঠি অলপ ৰৈ লাহে ধীৰে যোৱাৰ সিদ্ধান্ত ল'লো। হৈ চৈ কৰি জীপ কেইখন গ'ল । ঘাটতে এজন জনজাতীয় লোকে সাঁজ (পিৰিং পানী) বেচিছে। তিনি বন্ধু বহি গ'লো। সময় কটোৱাও হ'ব। গা জুৰ কৰাও হ'ব। সাঁজৰ লগত পাভ মাছ। বিল হ'ল গৈ পয়সত্তৰ টকা। মই বোলো সত্তৰ টকা ল । পাঁচ টকাটো এৰি দে। জনজাতীয় ভাইটোৱে বোলে নহ'ব। পুৰাই লাগিব। মই বোলো ব্ৰহ্মপুত্ৰৰে মাছ। টকা পাঁচটা এৰি দিব নোৱাৰ নে? সি কি ক'লে জানে? "ককাই ৰিজাৰ্ভ বেংকৰ কাষত তোৰ ঘৰটো বনাই ল