Posts

Image
স্বপ্ন ভংগ বেঙেনাবুলীয়া  সপোন এটা হৈ শুই থাক(+অ) বুকুত সোণাৰু ফুলিয়া উচাহ নিজাৰ কৰি এজেৰুৱা বেজাৰ নামে সখীয়তি ৰ'দৰ শেহত ৷ শাওনৰ বৰষুণত বুকুৰ পথাৰত গজে শেলুৱৈ আৰু পানীৰ তলত মোৰ শইচ সোনোৱালী সপোন ৷
Image
কাৰ বাবে কবিতা? শব্দৰ মহঙা দিনত কাৰ বাবে লিখিবি কবিতা ৷ কুশল বাৰ্তা বিনিময়ৰ বাবেও য'ত শব্দৰ দৈন্যতা ৷ শব্দ দৈন্যতাত মানুহ শব্দ দৈন্যতাত সমাজ শব্দ দৈন্যতাত পৃথিৱী ৷ আত্মকেন্দ্ৰিকতাৰ ইন্দ্ৰজালত বন্দী "আয়ৈ দেহী" বোলা এষাৰী সাদৰী মাত প্ৰসাৰিত সকলোৰে কেৱল উচ্চকাংক্ষাৰ  হাত মকৰাৰ দৰে জাল গুঁঠি লালসাৰ বুকুত বাসনাৰ পোৱালী আৰু কুৰুকি কুৰুকি খাই শেষ কৰে বুকুৰ মঙহ কোন তোৰ বুকুৰ বঙহ বিলাসী গাড়ীৰ ধূলিয়ে পোতি থৈ যায় পদপথৰ ভিক্ষুকৰ দেহ মাজ নিশা টোকৰ পৰে কোনোবা আন্ধাৰ গলিৰ বিশেষ জুপুৰিৰ দুৱাৰত য'ত ভোকে হাৰ মানে  কামনাই জয় কৰে শৰীৰ অৰ্থৰ বিনিময়ত ৷ অফিচৰ বিলাসী কোঠাৰ টেবুলে টেবুলে শতাংশৰ অংক চলে ৰজাই পাতে অংকৰ খেল বাহিৰত দূৰ্নীতি নিবাৰণৰ ফলক ওলমি ৰয় কোনোমতে সৰি নপৰা কৈ ৷ সকলোতে কমিচন ধন ঘটাই যেন জীৱনৰ "মিচন" পগলা ক'বি কি হ'ব লিখি প্ৰতিবাদী ৰামায়ণ ৷ শুনিছিলো - "দেশে দেশে দেশ আছে ৷" এই দেশত দলে পতি ভগৱান আছে ৷ কোনোবা যদি জাতিৰ পিতা কোনোবা আমদানিকৃত মাতা ৷ কোনোবাই দয়া কৰে দীনক পিছে জনতাই চটফটাই সহজাত ভোকত...
Image
ভালপোৱা আগ্ৰহ আৰু হেপাহ বোৰ শেষ হ'লেই বাঢ়ি আহে অজুহাত অভিযোগৰ ভীৰত হেৰাই থাকিব পাৰে ভালপাওঁ বোলা অমাতৰ মাত ৷ ভালপোৱা আৰু শান্তিৰ প্ৰথম স্বৰ্ত যোগাত্মকতা বিশ্বাস হীনতা অভিযোগৰ ইতি কথা ৷ আত্মাৰ সম্বন্ধ মানেইতু আত্মীয়তা নাথাকিব পাৰে তাত জৈৱীকতা ৷ ভালপাওঁ বুলিবলৈ লাগে গভীৰ বিশ্বাস বেয়াপোৱালৈ মাত্ৰ টিলিকি এটাৰ বাট অবিশ্বাস, আগ্ৰহহীনতা আৰু বিয়োগাত্মক চিন্তাৰ ভীৰত হেৰাই থাকিব পাৰে পলকতে ভালপাওঁ বোলা অমাতৰ মাত ৷৷ -২৫ জুলাই ১৭

বন্ধুত্বৰ দিন

Image
বন্ধুত্বৰ দিন এটা দিন আমি বন্ধু বন্ধু খেলিম ৷ একেলগে বহি উদযাপন কৰিম৷ এপিয়লা কফি অথবা এপেগ ৱাইনত চুমুক দিম একেলগে ৷ আলিংগন কৰিম উপহাৰ দিম আৰু ক'ম শুভ বন্ধুত্বৰ দিন ৷ আনুষ্ঠানিকতা খিনি শেষ হ'লেই পৰস্পৰে পিঠিত বহুৱাই দিম বিশ্বাসহীনতাৰ চুৰী ৷ তুমি ওপৰলৈ উঠিব খুজিলে মই তললৈ টানিম ৷ তোমাৰ সফলতাত অভিনন্দন জনাম ঠিকেই ভিতৰি ভিতিৰি জ্বলিম ভীষণ ৷ আৰু ৰচনা কৰিম তোমাক গুৰিয়াই ৰসাতললৈ পেলোৱাৰ সকলো অভিসন্ধি ৷ মাত্ৰ এটা দিন আমি উদযাপন কৰিম বন্ধুত্বৰ নামত ৷ এটা দিন কিয় বন্ধু? প্ৰতিটো দিনেই উৎসৰ্গা কৰো পৰস্পৰৰ নামত নালাগে থক এদিনৰ উদযাপন ৷ বুকুত আছা ৷ থক আজীৱন ৷ অ' ৰ'বা তোমাক সুধিছো - শ্ৰীকৃষ্ণ আৰু বিপ্ৰদামোদৰে পালন কৰিছিল নে বন্ধুত্বৰ দিন? ( মোক যিসকলে বন্ধু বুলি ভাৱে তেওঁলোকৰ নামত) -বিনয় ৬ আগষ্ট ১৭
Image
মৃত্যু কোনে কয় মৃত্যু শিল্প? শিল্প সাধনাৰ ফচল৷ মৃতদেহ তাৰ ভাস্কৰ্য নহয় তুমৰলি তেজত উৰে জানো শিল্পীৰ নিচান? হত্যা নহয় কোনো শিল্পীৰ ভাস্কৰ্য অথবা সুৰীয়া গান মৃত্যু অথবা হত্যা জীৱিতৰ বাবে লোতকৰ বান ৷ ( লফিকুল ইচলাম আহমেদৰ মুক্ত হত্যাৰ প্ৰতিবাদ আৰু বিদেহী আত্মাৰ বেহেস্ত প্ৰাপ্তিৰ  প্ৰাৰ্থনাৰে) ২ আগষ্ট ১৭

Kohiiya

Image
কঠিয়াৰ দৰে নিদ্ৰাৰত বাবেইতু মই স্বপ্ন দ্ৰষ্টা উজাগৰী সপোনৰ পম খেদি  হোৱা নাই পথভ্ৰষ্ট ৷ আন্ধাৰত নিতাল মাৰি মই কাণ উনাওঁ দোকমোকালিৰ ফেঁহুজালি ৰাতিটো শেষ হ'লেই শুনিম চিনাকি চৰাইৰ সুহুৰি ৷ সূৰ্য বন্দনাৰে মুখৰ হ'ব পৃথিৱীৰ য'ত নিদ্ৰামগন - উৰণ, বুৰণ, গজন, ভ্ৰমণ এঙামুৰি দি আৰাম্ভ কৰিম মোৰ সূৰ্যমুখী যাত্ৰাৰ ৷ যদিও জৰাগ্ৰস্ত শৰীৰৰ আত্মাৰ গোপনত নিমাতে নিতালে শুই থাকে দূৰ্জেয় সংকল্প মোৰ যদিও তমসা ঘোৰ পোহৰলৈওতো নহয় দূৰ ৷ টোমাই থোৱা কঠিয়াৰ দৰে নিতাল মাৰি থাকিলেও একাল বুকুত কঢ়িয়াই ফুৰিছো সেউজীয়া এগাল বতৰ পালেই পোখামেলি শ্যমলিমাৰ সাগৰ সাজিম ৷ পাহাৰটোৰ নামনিত  কলিয়া ডাৱৰ জমিলে বিষাদ নুবুলিবা বিষাদ বৰষুণ মোৰ আশীৰ্বাদ পানী পালেই মই গজিম   কঠিয়াৰ দৰে চ'টিয়াইদিম এসাগৰ সেউজীয়া জীৱনৰ বোকা মাটিত ৷      ২০ জুলাই ১৭ ভাই Jamini Anurag ৰ হাতত ৷
Image
ৰঙানদী তোৰ পাৰতেই হাড় পেলাইছিল মোৰ ককা আজুককা হঁতে প্ৰশান্তিৰে যাপন কৰি জীৱন তোৰে স'তে ওমলি-জামলি ৷ তই আছিলি শইচৰ সপোন, পিয়াহৰ পানী, চৌকাৰ জুই, প্ৰেমৰ অইনিঃতম বিষাদৰ কাবান ৷ বৈ আছিলি বাৰিষা-খৰালি উজাই আহিছিল কুমাৰৰ নাও  স্ফটিক ধাৰ যেন পানীত খৰালিৰ ৷  তই মাজে মাজে আহিছিলি মোৰ গাঁৱলৈ -বৰিষা ৷ দি গৈছিলি পলস মোৰ শইচৰ পথাৰ হ'বলৈ অধিক সোণোৱালী ৷ ৰঙা নৈ তই আছিলি শক্তিশালী ৷  শক্তিয়েই  তোৰ হ'ল কাল ৷ তোৰ বুকুত এতিয়া আকাল ৷ দুপাৰৰৰ জনতাৰ হাঁহাকাৰ তোৰ শক্তি আজি অৱৰুদ্ধ তই নিষ্পেষিত টাৰবাইনৰ চকৰীত সীমাবদ্ধ তোৰ স্বাধীনতা ৷ খৰালিত তই পৰি থাক মৃত সৰিসৃপ এডালৰ দৰে বুকুত লৈ মৰুভূমিৰ তামৰঙী সপোন বন্ধা থাকে তোৰ হাত সেয়ে পৰি ৰ'ৱ নিমাতে নিতালে ৷ শক্তি যে অপ্ৰতিৰুদ্ধ তোৰ অপাৰ শকতিত শিৰ নত কৰি মেলি দিয়ে তোক কিছুক্ষণ এৰাল চিগা গৰুৰ দৰে তই দেডাউৰি পাৰ ৷ ভাঙি চিঙি সকলো নিয়ম গুছি আহ চহৰ, নগৰ ভঁৰাল আখল সকলোতে তোৰ উন্মাদ বিচৰণ ৷ পাৰৰ জনতাৰ মৰণ ৷ ধুই নিয় মোৰ সম্ভাৱনাৰ পথাৰ কৰ বালাৎকাৰ দুয়োপাৰে - আৰ্তনাদ হাঁহাকাৰ ৷ ৰঙা নৈ নোৱাৰে ৰোধিব ত...