Monday, 17 July 2017


ৰঙানদী

তোৰ পাৰতেই হাড় পেলাইছিল
মোৰ ককা আজুককা হঁতে
প্ৰশান্তিৰে যাপন কৰি জীৱন
তোৰে স'তে ওমলি-জামলি ৷
তই আছিলি শইচৰ সপোন,
পিয়াহৰ পানী,
চৌকাৰ জুই,
প্ৰেমৰ অইনিঃতম
বিষাদৰ কাবান ৷

বৈ আছিলি
বাৰিষা-খৰালি
উজাই আহিছিল কুমাৰৰ নাও
 স্ফটিক ধাৰ যেন পানীত খৰালিৰ ৷

 তই মাজে মাজে আহিছিলি মোৰ গাঁৱলৈ -বৰিষা ৷

দি গৈছিলি পলস
মোৰ শইচৰ পথাৰ হ'বলৈ
অধিক সোণোৱালী ৷

ৰঙা নৈ তই আছিলি শক্তিশালী ৷
 শক্তিয়েই  তোৰ হ'ল কাল ৷
তোৰ বুকুত এতিয়া আকাল ৷
দুপাৰৰৰ জনতাৰ
হাঁহাকাৰ
তোৰ শক্তি আজি অৱৰুদ্ধ
তই নিষ্পেষিত
টাৰবাইনৰ চকৰীত সীমাবদ্ধ
তোৰ স্বাধীনতা ৷

খৰালিত তই পৰি থাক
মৃত সৰিসৃপ এডালৰ দৰে
বুকুত লৈ মৰুভূমিৰ তামৰঙী সপোন
বন্ধা থাকে তোৰ হাত
সেয়ে পৰি ৰ'ৱ নিমাতে নিতালে ৷

শক্তি যে অপ্ৰতিৰুদ্ধ তোৰ
অপাৰ শকতিত শিৰ নত কৰি
মেলি দিয়ে তোক কিছুক্ষণ
এৰাল চিগা গৰুৰ দৰে
তই দেডাউৰি পাৰ ৷
ভাঙি চিঙি সকলো নিয়ম
গুছি আহ চহৰ, নগৰ
ভঁৰাল আখল
সকলোতে তোৰ
উন্মাদ বিচৰণ ৷
পাৰৰ জনতাৰ মৰণ ৷

ধুই নিয় মোৰ সম্ভাৱনাৰ পথাৰ
কৰ বালাৎকাৰ
দুয়োপাৰে -
আৰ্তনাদ
হাঁহাকাৰ ৷

ৰঙা নৈ নোৱাৰে ৰোধিব তোক
এদিন মুকলি কৰি দিব সিহঁতে তোৰ
শৃংখলিত হাত
আমি দুপাৰৰ জনতা
তাৰেই প্ৰতিক্ষাত ৷
ককা আজু ককাৰ
হাড়ৰৰ সমীধত
বাজি উঠক পুনৰ
সুৱদী  বন ঘোষীয়া  মাত ৷

১৪ জুলাই ১৭

No comments:

Post a Comment