ৰঙানদী তোৰ পাৰতেই হাড় পেলাইছিল মোৰ ককা আজুককা হঁতে প্ৰশান্তিৰে যাপন কৰি জীৱন তোৰে স'তে ওমলি-জামলি ৷ তই আছিলি শইচৰ সপোন, পিয়াহৰ পানী, চৌকাৰ জুই, প্ৰেমৰ অইনিঃতম বিষাদৰ কাবান ৷ বৈ আছিলি বাৰিষা-খৰালি উজাই আহিছিল কুমাৰৰ নাও স্ফটিক ধাৰ যেন পানীত খৰালিৰ ৷ তই মাজে মাজে আহিছিলি মোৰ গাঁৱলৈ -বৰিষা ৷ দি গৈছিলি পলস মোৰ শইচৰ পথাৰ হ'বলৈ অধিক সোণোৱালী ৷ ৰঙা নৈ তই আছিলি শক্তিশালী ৷ শক্তিয়েই তোৰ হ'ল কাল ৷ তোৰ বুকুত এতিয়া আকাল ৷ দুপাৰৰৰ জনতাৰ হাঁহাকাৰ তোৰ শক্তি আজি অৱৰুদ্ধ তই নিষ্পেষিত টাৰবাইনৰ চকৰীত সীমাবদ্ধ তোৰ স্বাধীনতা ৷ খৰালিত তই পৰি থাক মৃত সৰিসৃপ এডালৰ দৰে বুকুত লৈ মৰুভূমিৰ তামৰঙী সপোন বন্ধা থাকে তোৰ হাত সেয়ে পৰি ৰ'ৱ নিমাতে নিতালে ৷ শক্তি যে অপ্ৰতিৰুদ্ধ তোৰ অপাৰ শকতিত শিৰ নত কৰি মেলি দিয়ে তোক কিছুক্ষণ এৰাল চিগা গৰুৰ দৰে তই দেডাউৰি পাৰ ৷ ভাঙি চিঙি সকলো নিয়ম গুছি আহ চহৰ, নগৰ ভঁৰাল আখল সকলোতে তোৰ উন্মাদ বিচৰণ ৷ পাৰৰ জনতাৰ মৰণ ৷ ধুই নিয় মোৰ সম্ভাৱনাৰ পথাৰ কৰ বালাৎকাৰ দুয়োপাৰে - আৰ্তনাদ হাঁহাকাৰ ৷ ৰঙা নৈ নোৱাৰে ৰোধিব ত...