আকৌ প্ৰেমত পৰিছে তাই - বিনয় ৩১ আগষ্ট অকণমান ৰ'দ বিচাৰি হাবাথুৰি খাইছিল তাই হোমৰ ধোঁৱাই চানি ধৰা আকাশ খন ফালি তাইৰ শুৱনি কোঠালৈ সোমোৱা নাছিল পোহৰ ৷ নীলাভ ৰাতিবোৰতো তাই বুকুত পুহি ৰাখিছিল অপ্ৰাপ্তিৰ বেদনা এসোঁতা আদেশ, আবাদৰ, আল-পৈচানৰ ভীৰত নিস্তেজ হৈ পৰিছিল ক্ৰমশঃ ৰভাৰ তলিৰ জেতুকাৰ ৰং ৷ যদিও আঁকিছিল সেওঁতাত সেন্দুৰৰ ৰেঘা কঁপালত লৈছিল ৰঙা ফোঁট তথাপিও যেন বুৰিয়াই নামিব খুজিছিল তাইৰ হিঁয়াৰ তলিলৈ কোনো এক দেৱদূত ৷ তাই হৈ উঠিছিল উনমনা অচিনাকি হাত বাউলি এটা সুহুৰি এটা দূৰৈৰ পথাৰৰ অইনিঃতম এটা বনঘোষা এটা হৈ সোমাই আহিছিল কোনোবা অপ্ৰাপ্তিৰ খিৰিকি খুলি ৷ তপত চুম্বন অথবা আলিংগনৰ মাজতো সি জোকাই আছিল তাইক অহৰ্নিশে শৰীৰ নাছিল তাত ভাগৰ বোৰৰ শেষত যেন সি কিলবিলাই দিছিল তাইৰ বাউল চুলিত লিখি থৈ গৈছিল নীলাভ চিঠি পদূলিৰ ধূলিত ৷ ক্ৰমশঃ গভীৰতলৈ সোমাই আহিছিল সি কঁপিছিল হাত সেন্দুৰ আঁকোতে সৰি পৰিছিল চাহৰ কাপ প্ৰিয়তমক যাচোঁতে অন্যমনস্ক নিৰ্বিকাৰত ভূমুকিয়াছেহি কোনে? মই তোক ভাল পাওঁ বোলা প্ৰাচীনতম কবিতাটো কাণত গুণ গুনাইছেহি ক...
Posts
চান্দা
- Get link
- X
- Other Apps
অসমৰ চান্দা অপসংস্কৃতি, উৎপত্তি আৰু ক্ৰমবিকাশ, হিচাপ বনাম ৰাইজৰ মৰণ ৷ শিৰুনামাটো দেখি মোক বিষয়টোৰ গৱেষক ছাত্ৰ বুলি ভুল নুবুজিব ৷ মোৰ জীৱন কালত চান্দা নামৰ ভয় লগা বিষয়টোৰ ওপৰত হোৱা কিছু অনুভৱ হে ব্যক্ত কৰিব খোজা হৈছে ৷ সত্তৰ দশকত মোৰ জন্ম ৷ প্ৰায় চল্লিশোৰ্ধৰ এই জীৱন কালত চান্দাক লৈ না না অভিজ্ঞতাৰ সন্মুখীন হৈছো ৷ চান্দা আৰু অসম যেন টকাটোৰ ইপিঠি-সিপিঠি হৈ পৰিছে ৷ বৰ বৰ সংগঠনকে ধৰি বিদ্যালয়ৰ ছাত্ৰ একতা সভা, গাঁও, চুবা, গলি বোৰত পতা স্বৰস্বতী পূজা, বিশ্বকৰ্মা পূজা, সত্যনাৰায়ণ পূজা আদি সকলো অনুষ্ঠানতে চান্দাৰ বহী নছপালে, দাবী ধমকি দি ধন নুতুলিলে নহ'বই ৷ কেনেকৈ কেতিয়াৰ পৰা আৰম্ভ হ'ল এই অপসংস্কৃতি? মোৰ চমু জীৱন কালত দেখা, শুনা, পঢ়া সকলো অভিজ্ঞতা সামৰি যি বুজিছো এই চান্দা তোলাৰ নিয়মটো অতীজৰে পৰা অসমত প্ৰচলিত আছিল ৷ তাহানি গঞাই গাঁৱত নামঘৰটো সাজিবলৈ গৃহস্থি প্ৰতি ধান-চাউল সংগ্ৰহ কৰা, বাৰীৰ বাঁহ খেৰ সংগ্ৰহ কৰাৰ নিয়ম আছিল ৷ পিচলৈ "ভেঞ্চাৰ স্কুল" খোলিবলৈও ৰাইজে ঘৰে ঘৰে কাঠ বাঁহ বা ধন তোলাৰ কথা শুনিছিলো ৷ এ...
- Get link
- X
- Other Apps
অসমীয়া সাহিত্যৰ নতুন মাধ্যম "স্বদেশ আৰু স্বজাতিৰ উন্নতি আৰু মঙ্গল মন্দিৰ সিংহ দুৱাৰ হৈছে মাতৃ ভাষা ৷" সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈ যোৱা কথাষাৰ হঠাৎ কিয় মনলৈ আহিল নাজানো ৷ হয়তু নিজৰ ভাষাটো ভাল পাওঁ সেই বাবে ৷ ভাষাটোৰ চৰ্চাৰ প্ৰসাৰ হৈছে হয়তু সেই বাবে ৷ "হেৰা কিমাননো আৰু ম'বাইল টিপি নাথাকা? আমনি নালাগে নে? " শ্ৰীমতীৰ প্ৰত্যাহিক অভিযোগ ৷ মই কেৰেপ নকৰোঁ ৷ তেওঁ ভাৱে এইজনে ফেচবুক-ৱাটচএপত ব্যস্ত থাকে ৷ থাকোঁ নথকা নহয় ৷ কিন্তু ফেচবুক মোৰ বাবে চাটিং চাটিং খেলা বস্তু নহয় ৷ মোৰ বন্ধুত্বৰ তালিকাত থকা সকলে গ'ম পায় মই কিমানৰ ইনবক্সত টুকুৰিয়াওঁ ৷ ফেচ বুক এই কাৰণেই ভাল লাগে যে 'অসমীয়া ইউনিক'ড' হোৱাৰ পৰা প্ৰায় সকল অসমীয়া ভাষী বন্ধুৱেই অসমীয়াত লিখা- মেলা কৰে ফেচ বুকত ৷ লিখিবলৈও সহজ ৷ কলম কাগজৰ ঝামেলা নাই ৷ চিন্তা কৰা আৰু নিজৰ স্মাৰ্ট ফোনটোতে লিখি থাকা ৷ হাতৰ আখৰ বেয়া বুলি লুকুৱাবলৈও নাই ৷ এটা সময়ৰ কথা মনত পেলাওকচোন ৷ লেটাৰ প্ৰেছত সীহৰ আখৰ এটা এটা কৈ বুটলি কম্পজ কৰি একো খন কিতাপ প্ৰকাশ কৰাৰ কথা ৷ নতুন চামে এই কথা নাজানে ৷ সৰু হৰফৰ ...
- Get link
- X
- Other Apps
অবিশ্বাস, বিশ্বাসহীনতা, বিশ্বাস ঘাটকতা ইত্যাদি: মই নাটকৰ লগত জৰিত মানুহ ৷ নাটৰ কৰ্মশালাবোৰত এটা খেল খেলোৱা হয় ৷ এজন প্ৰশিক্ষাৰ্থীক গা টো বেঁকা নকৰাকৈ পিঠি দি পোনে পোনে পকী মজিয়াত পৰি দিবলৈ কোৱা হয় ৷ তেওঁৰ যাতে কোনো হানি-বিঘিনি নহয় তাৰ বাবে পাচফালে দুজন সতীৰ্থ ৰৈ থাকে পকী মজিয়াত পৰা আগতেই ধৰি ৰাখিবলৈ ৷ বহুতেই এই খেলটো খেলিব নোৱাৰে ৷ পৰি নিদিয়ে ৷ ভয় কৰে ৷ জানোচা নধৰে ৷ সতীৰ্থ দুজনৰ ওপৰত তেওঁৰ বিশ্বাস নাথাকে ৷ এই খেলটো খেলিবলৈ সতীৰ্থ দুজনৰ ওপৰত গভীৰ বিশ্বাস লাগে ৷ যাৰ নাই, সি নোৱাৰে ৷ মানৱীয় সম্পৰ্ক, সম্বন্ধবোৰো ঠিক এই খেলটোৰ দৰে ৷ পৰস্পৰৰ মাজত বিশ্বাস নাথাকিলে সম্বন্ধ নিটিকে ৷ জীৱনৰ বাটত কিমান মানুহ লগ পোৱা হয় ৷ তেজ-মঙহৰ সম্বন্ধ থকা খিনিৰ বাদেও বন্ধু-বান্ধৱ, সহপাঠী, কৰ্মক্ষেত্ৰ-ব্যৱসায়ীক ক্ষেত্ৰ, যাত্ৰা পথৰ সহযাত্ৰী… আৰু শেষত তেজৰ সম্বন্ধ হীন পতি-পত্নী, প্ৰেয়স-প্ৰেয়সী ৷ এই সকলো ক্ষেত্ৰতে সম্বন্ধ বা আত্মীয়তা অটুত থাকে বিশ্বাস নামৰ তিনিটা অাখৰ যুক্ত শব্দটোৰ বাবে ৷ বিশ্বাসৰ পৰাই সৃষ্টি হয় সু-সম্পৰ্ক, আত্মীয়তা, বন্ধুত্ব, প্ৰেম, যুগ্ম জীৱন ইত্যাদি ৷ অৱশ্যে বিশ্বাসহীন ভাৱ...
- Get link
- X
- Other Apps
ভেনা মাখি কিমান ভোকাতুৰ হ'লে আঁজুৰি চিঙি খাব পাৰি কেঁচা মঙহ ? কিমান স্বাৰ্থপৰ হ'লে ৰূদ্ধ কৰি দিব পাৰি শ্বাস ক্ষণিকৰ শৰীৰি খেলৰ শেষত? কিমান পাষাণ হ'লে ঢালি দিব পাৰি আন্ধাৰ সেই বাটত যি বাটেৰে নামে প্ৰজন্মৰ জোনাক ? ভোক সহজাত ৷ কামনাও ৷ কিন্তু কামনাৰ ভোক? ভোক লাগিছিল সিহঁতৰ খাব খোজিছিল মঙহ ৷ জীয়া মঙহ কোনে দিব পাৰে শৰীৰৰ? তথাপিও কামোৰি আঁজুৰি চিঙিছিল তাইৰ শৰীৰৰ বাধা আৰু প্ৰতিবাদবোৰ স্তব্ধ হৈ গৈছিল তাই হৈ পৰিছিল অশৰীৰিৰী ৷ "ডিচপ'জেৱল গ্লাচ" এটাৰ দৰে পেলাই দিয়া হৈছিল তাইক মোহাৰি-সামৰি পান কৰাৰ শেষত কামনাৰ সুৰা ৷ প্ৰাণহীন শৰীৰটো পুনৰ বালাৎ কাৰ কৰিবলৈ আহিছিল এজাক ভেনা মাখি সিহঁতেও সিঁচি দিছিল কামনাৰ বীজ যি বীজৰ পৰা ওপজিছিল কিল্ বিল্ পোক ৷ মাখিৰো থাকে কামনাৰ সহজাত ভোক? ৰূদ্ধ কোঠাটোৰ বাহিৰত আছিল অলেখ জীয়া মানুহ কামাতুৰ পিশাচ আৰু মাখিৰ বলাৎকাৰৰ শেষত দূৰ্গন্ধই বিয়পাইছিল তাইৰ মৃত্যুৰ খবৰ ৷ বাতৰিৰ ভীৰৰ এটা বাতৰি আছিল এই খবৰ ৷ ঘৃণাত নাক কোঁচাইছিল কোঠাটোৰ বাহিৰৰ জীয়া মানুহ জাকে ৷ প্ৰতিবাদ কৰা নাছিল সিহঁতে কাৰণ - সি...
- Get link
- X
- Other Apps
বানৰ গান চাৰিও ফালে বান কেনেকৈ গাওঁ অ' স্বাধীনতাৰ গান! মুক্তি যুঁজাৰু ককাই দি যোৱা জাতীয় পতাকা থকা পেৰাটোও লৈ গ'ল বানে ককা দেউতাৰ শ্মশানৰ ভেটি পলস নহয় অ' বালিত পোত গ'ল ৷ খেজানাৰ ৰচিদ তেওঁৰ যুতুকীয়া কেৰু-মনি গাম খাৰু কোন বা ধুবুৰী পালেগৈ !? কোন স'তে চিঞৰো অ' "বন্দে মাতৰম" ভোকে নামানে কোনো ধৰম স্বাধীনতা কেনেকৈ যাচোঁ তোক মৰম! আখল-মাৰল-চ'ৰাঘৰ সপোন হ'ল মথাউৰিৰ শিৱিৰ ৰেচনৰ চাউল মাথো সম্বল ৷ কোন মাতে চিঞৰো "বন্দে মাতৰম"? হেৰ' বলিয়া বান এইবাৰ তোকেই চালাম আৰুবেলি যদি গজে মোৰ পথাৰত সোণালী ধান বল আহে যদি আমাৰ কণ্ঠত তেতিয়া গাম দে স্বাধীনতাৰ গান ৷ -বিনয় ১৪ আগষ্ট ১৭