Bhupen Mama
ড° ভূপেন হাজৰিকাক কিয় "মামা" বুলি কওঁ? মই সৌভাগ্যৱান বুলি গণ্য কৰোঁ নিজকে ৷ কাৰণ বিশ্ব বৰেণ্য ড° ভূপেন হাজৰিকা দেৱ মোৰ মামা হয় ৷ হাঁহি উঠিছে নহয়? নাহাঁহিব ৷ সঁচাকৈ মই তেখেতক মামা বুলিয়ে মানি আহিছো আজীৱন ৷ মই বৰ্ণমালা শিকিছিলো "ভূপেন মামাৰ গীতে মাতে অ আ ক খ" নামৰ গ্ৰন্থ খনৰ পৰা ৷ দেউতাই মামা বুলিয়েই পৰিচয় কৰাই দিছিল মোক ৷ তাত ভ বৰ্ণ মালাটোৰ শিকাবলৈ লিখিছিল "ভ-ই বোলে ভূপেন মামা ভাল গান গা ভাল গান নাগালে দিম পাইজামা ৷" সাঁজ বহি গৈছিল বুকুত ৷ মামা ৷ ভূপেন মামা ৷ অৱশ্যে পৰৱৰ্তী সংস্কৰণ বোৰত সংশোধন কৰি "ভ-ই বোলে ভূপেন মামা গীত এটা লিখাঁ তাতে মিঠা মিঠা সুৰ দি গোঁৱা ৷" বুলি পাইছিলো ৷ কিন্তু শেহতীয়াকৈ গুৱাহাটী বিশ্ব বিদ্যালয়ে আৰ্কাইভ কৰা http://bhupenhazarikadigitalarchive.org/songs-with-BHA-lyrics-bhupen%20maamaar%20giite%20maate.htm পেজটোত "ভ-ই বোলে ভাল কৈ গা ভূপেন মামা ভাল গান নাগালে নকৰো যে ক্ষমা ৷" বুলি লিখিছে ৷ সি যি কি নহওক সেই গ্ৰন্থ খন প্ৰকাশ কৰিছিল "অসম প্ৰকাশন পৰিষদে ৷" মাজতে কিতাপ খন পাই আমাৰ কন্যা কুঁহিকো আনি দ...