Posts

Image
নিশা হ'লে দিনান্তৰ শেষত হেৰাই  যায় সূৰ্য দিগবলয়ত ম'চি নিয়ে ৰ'দৰ যত গান এন্ধাৰ স'তে আলাপত বহিবলৈ সাজু হয় গনিকা পৃথিৱী ৷ নিঃপালি দি শুই থকা দানৱী ভাৱনাবোৰে এঙামুৰি দিয়ে কাচোনে বাহিৰ ওলায় এন্ধাৰৰ আঁৰ লৈ উজায় যায় নিসিদ্ধ গলি,বাইলেন, এপাৰ্টমেন্ট আৰু জুপুৰি বোৰলৈ ডি জে ৰ কোলাহলত নাঙঠ হয় ভৰুণ যৌৱন ৰঙা পৰীজনীৰ আলিংগনত ৰাগি লাগে গনিকা ৰাতিৰ গাত ৷ প্ৰবৃত্তিবোৰ সতেজ হৈ পৰে নিশাৰ স্পৰ্শত ধুলিসাৎ হৈ যায় কুমাৰী যৌৱন ভোক আৰু ভাগৰত পোত যোৱা কোনোবা জুপুৰিৰ যৌৱনমতীৰ দুৱাৰত টুকৰ পৰে আন্ধাৰৰ ৷৷ নতুবা কোলাৰ কেঁঁচুৱা নমাই কোনো ভোকাতুৰা নাৰীয়ে দুৱাৰ মেলি দিয়ে জন্মজ প্ৰবৃত্তিক ৷৷ নষ্ট কবিও সাৰে থাকে নিশা পান কৰিবলৈ আন্ধাৰৰ মাধূৰ্য নিশা হ'লেই কবিৰ কলমতো ভীৰ কৰে আহি অশ্লীল বৰ্ণমালাই গঢ়ি পিতি বুকুৰ কমাৰ শালত কবিয়ে গুচায় অশ্লীলতাৰ মামৰ শব্দত শান দি লিখে কবিয়ে ৰাতিৰ নিতুল  কবিতা যি কবিতা কেৱল আওঁৰাব পাৰি ৰৌদ্ৰোজ্বল দুপৰীয়া অথবা কুমাৰী পৃথিৱীৰ দিগবলয়ত ছাঁ লৈ সেউজীয়া নাহৰৰ ৷৷
Image
ব্লক আন ফ্ৰেণ্ড ইত্যাদি অলং দলং কচুপাতৰ পানী বেঙেনা গছত কাপোৰ থৈ দেও দি আহ পুতলাৰ দৰা-কইনা… নষ্টালজিক শব্দবোৰ হেৰাই থাকিল "ডিজিটে''ল পৃথিৱীত চেংমৰাৰ, নিম গুটিৰ বন্দুকবোৰ ''একে ৪৭" হ'ল বঁহতৰ ফুল অথাবা বাইচকলৰ চিটৰ "স্পনজৰ"ৰে যে ম'চিছিলো ফলি সেয়া এতিয়া "ডিলিট" হ'ল ৷ চেং গুটি খেলত অন্যায় কৰিলে নামাতো যাঃ বুলি ওফন্দ নাপাতে কোনেও আজি সেইবোৰ "আন ফ্ৰেণ্ড" হ'ল ৷৷ আৰু তাতোতকৈও ওপৰত "ব্লক" মন গ'লেই "ব্লক" কৰিব পাৰি কাৰোবাৰ "আন ফ্ৰেণ্ড"কৰিব পাৰি ডিলিট কৰিব পাৰি বন্ধুত্ব কিম্বা প্ৰেয়স-প্ৰেসীৰ তালিকাৰ পৰা ৷ ওফন্দ পাতি কোনে প্ৰেমিকাই নকৰে উপবাস সাদিন সাত ৰাতি সলনি কৰে ফোন নম্বৰ নাইবা "শ্লুইচ অফ" কৰে… ……  নাগায় কোনেও "লুকা-ভাকু ভাল নালাগে খেল কইনা দৰা" নেখেলে অলং-দলং কচু পাতৰ পানী "চাটিং-চাটিং" খেল "ব্লক" "অানফ্ৰেণ্ড"ৰ কোলাহলত হেৰাই যায় হৃদয়ৰ পৃথিৱী পাৰি জানো বিসৰ্জিৱ বন্ধুত্বৰ টান বুঢ়া আঙুলিৰ টিপত পাৰি

Today's Night

Image
আজি ৰাতি তেজৰ তলত থকা প্ৰাচীন বাঁহীটোত আজি ৰাতি আকৌ ফুঁ দিম গভীৰ অনুভৱৰ উশাহেৰে ভৰাইল ল'ম উদাসী বুকু ৰি ৰিয়াই বজাম সোঁৱৰণীৰ ফটিকা পি মাতাল বাঁহী তাৰা স্বৰত ৷ তোৰ ঘূমতি ভাঁঙিবলৈ মই নবজাওঁ বাঁহী হৃদয়ৰ বিষাদ তানপুৰাটো আৰু হেৰাই যোৱা সুৰ এটাৰ স'তে গোটেই নিশা বজাম প্ৰাপ্তি- অপ্ৰাপ্তিৰ যুগল বন্দী আজি ৰাতি আকৌ ফুঁ দিম মোৰ তেজৰ তলৰ প্ৰাচীন বাঁহীটোত ওৰে নিশা ৰি ৰিয়াই বজাম সুখ- অসুখৰ প্ৰাচীন স্বৰলিপিৰ সুৰ ৷
Image
বৰষুণ হৈ আহিছিল তাই উদ্বাস্তু মনৰ মৰুভূত এজাক বৰষুণ হৈ সৰিছিল তাই এজাক জীপাল বৰষুণ ৷ ঠিকনা হ'ব খোজিছিল তাৰ অঘৰী মনৰ ৷ পোখা মেলিছিল মৰুদ্যানৰ শুকান মাটিত এটি অচিনাকী পুলিৰ কেকটাচ হৈ ফুলিছে এতিয়া হালধীয়া কেকটাচৰ ফুল ৷৷ তাই সৰিছিল আশাৰ বৰষুণ হৈ ৰিম ঝিম বৰষুণ গজাবলৈ সেউজীয়া বুকুৰ পথাৰত কলিয়া ডাৱৰ বোৰে হিংসা কৰিছিল ৰিম ঝিম বৰষুণ জাক হৈ পৰিছিল বিধ্বসী বৰদৈচিলা হিংসুক গাজনীত ৷৷ উদ্বাস্তু মনৰ ঠিকনা হ'ব খোজা তাই জনীৰ ঠিকনাটোকে হেৰুৱাই পেলালে সি চিৰাল ফাট দিয়া অনুভূতিৰ পথাৰ খনত কোনে সিঁছিবহি প্ৰেমৰ বীজ?
Image
দুটা মানুহ ভিতৰি ভিতৰি মই দুটা মানুহ এটাক এৰি দিওঁ শিকিবলৈ জীৱন বোধৰ পাঠ বাস্তৱৰ  সাগৰত সাঁতুৰি-নাদুৰি ৷ আৰু আনটো - সি হৈ উঠে দূৰ্দান্ত প্ৰেমিক যি প্ৰেমীকাৰ নাম অনুভূতি ৷ এটাক চলিবলৈ দিওঁ মগজ নামৰ শৰীৰৰ জটিল অংশটোৰ আঙুলিৰ থাৰত আৰু আনটোত - হৃদয়ৰ আহ্বানত ৷ কোমল হৃদয়ৰ পৰশত এটা হৈ উঠে অনুভূতিৰ সফল প্ৰেমিক "মলি থয় হৃদয় দুৱাৰ" আৰু আনটোৱে মুখস্থ কৰে গাণিতিক আৰ্য্যা জীৱনৰ জ্যামিতিক সূত্ৰ বাস্তৱৰ ৷ "এ প্লাচ বি হওল স্কোৱেৰ" ভিতৰি ভিতৰি মই দুটা মানুহ এটা অক্লান্ত যুদ্ধা -জীৱনৰ আনটো দূৰ্দান্ত প্ৰেমিক-অনুভূতিৰ ৷ মইটোৱে তুলি দিয়ে হৃদয় আৰু মগজুক এখন তুলাচালীনত ৷ কাৰ ওজন? ? মগজুৰ?? নে হৃদয়ৰ???
Image
জীৱনৰ গীত ভালপোৱা ছোৱালী জনী কণ্ঠত বান্ধিব খোজে ৰাগিনীক তাই  ৰাগৰ স'তেও গোপন প্ৰেম ৷ সপ্ত সুৰৰ মায়াৰে জাল গাঁথে তাই দিঠকে-সপোনে গুণ গুণাই জীৱনৰ গান ৷ বিষাদৰ বিলম্বিত লয়ৰ  উদাসী গীত এটা যদিও উজায় আহে  তাইৰ কণ্ঠত  তাই ভাল পায় আওঁৰাবলৈ জীৱনৰ দ্ৰুত লয়ৰ সংগীত ৷৷ চৌৰাচিয়াৰ কৰুণ বাঁহীৰ দৰে তেজত বিয়পি থাকিলেও দুখ তাই আকুলতাৰে গায় কাকূতি ঘোষা অথবা পোহৰৰ প্ৰাৰ্থনা ৷ ৰূদ্ৰ তালৰ গীত ভাল নালাগে তাইৰ যি ভাঙি পেলাব পাৰে নিমিষতে জীৱন ফুলদানী  তেজ-ঘামৰ বোকা মাটিৰে সজা ৷ তাই ভাল পায় জীৱনৰ সংগীত সুখৰ ৰাগিনী আশাৰ ৰাগ আৰু… পোহৰৰ প্ৰাৰ্থনা ৷৷
Image
ৰং ভালপোৱা ছোৱালী জনীঃ চিনি পাই নে আপুনি ৰং ভালপোৱা ছোৱালী জনী? বৰ সহজ তাইক চিনি পাবলৈ যাৰ ওঁঠত লাগি থাকে মনালীচা মনালীচা হাঁহি আৰু লিহিৰি হাতত কেৰ্কেটুৱাৰ নোমৰে সজা ৰঙীন তুলিকা ৷ যি তুলিকাত লাগি থাকে সৰিয়হ বুলিয়া,বেঙেনা ফুলীয়া নতুবা কলপতিয়া শিমলু, পলাশৰ ৰং ৷ ঠিক কেৰ্কেটুৱাৰ দৰে জঁপিয়াই জঁপিয়াই , নাইবা ছাগলী পোৱালী এটিৰ দৰে দেদাউৰিয়াই ফুৰে তাই ৰং বিচাৰি ৷ জীৱনৰ ৰং বেজাৰৰ বেঙেনা বুলীয়া ৰংটো তাইৰ প্ৰিয় যদিও বুকুত কঢ়িয়াই ফুৰে তাই কৃষ্ণচূড়া ৰঙী সপোন এটা ৷ মদাৰৰ ৰঙে উতলা কৰিলেও তাইক সোনাৰু ফুলীয়া আশা এটালৈ গুণ গুনাই তাই ভাটৌ ৰঙী গান ৷ চিনি পাইছে নে তাইক? যি জীৱনৰ উকা কেনভাচ খন সজাব খোজে ৰঙেৰে এটোপ এটোপ ৰং- পলাশৰ, শিমলুৰ, সোণাৰুৰ… আঁকিব খোজে জীৱনৰ ছবি কলপতিয়া ৷৷ কিন্তু বেঙেনা বুলীয়া ৰং বোৰে কিয় কাঢ়ি নিব খোজে তাইৰ পলাশী উচাহ তাই আজিও নুবুজে ৷ চিনি পাই নে ৰং ভালপোৱা ছোৱালী জনী যি বুকুত কঢ়িয়াই ফুৰে এসাগৰ সৰিয়হ হালধীয়া আৰু চকুৰ পতাত বুলাই লয় বিষাদৰ বেঙুনীয়া ৷ বৰ আকুলতাৰে বিচাৰি ফুৰিছো তাইক ফুলা শিমলুৰ ডালত জুই ৰঙী কৃষ্ণচূড়াৰ তলত হালধী