নিশা হ'লে
দিনান্তৰ শেষত হেৰাই যায় সূৰ্য দিগবলয়ত
ম'চি নিয়ে ৰ'দৰ যত গান
এন্ধাৰ স'তে আলাপত বহিবলৈ
সাজু হয় গনিকা পৃথিৱী ৷
নিঃপালি দি শুই থকা দানৱী ভাৱনাবোৰে
এঙামুৰি দিয়ে
কাচোনে বাহিৰ ওলায়
এন্ধাৰৰ আঁৰ লৈ
উজায় যায়
নিসিদ্ধ গলি,বাইলেন, এপাৰ্টমেন্ট
আৰু জুপুৰি বোৰলৈ
ডি জে ৰ কোলাহলত
নাঙঠ হয় ভৰুণ যৌৱন
ৰঙা পৰীজনীৰ আলিংগনত
ৰাগি লাগে গনিকা ৰাতিৰ গাত ৷
প্ৰবৃত্তিবোৰ সতেজ হৈ পৰে
নিশাৰ স্পৰ্শত
ধুলিসাৎ হৈ যায় কুমাৰী যৌৱন
ভোক আৰু ভাগৰত পোত যোৱা
কোনোবা জুপুৰিৰ যৌৱনমতীৰ দুৱাৰত
টুকৰ পৰে আন্ধাৰৰ ৷৷
নতুবা কোলাৰ কেঁঁচুৱা নমাই
কোনো ভোকাতুৰা নাৰীয়ে
দুৱাৰ মেলি দিয়ে
জন্মজ প্ৰবৃত্তিক ৷৷
নষ্ট কবিও সাৰে থাকে নিশা
পান কৰিবলৈ আন্ধাৰৰ মাধূৰ্য
নিশা হ'লেই কবিৰ কলমতো
ভীৰ কৰে আহি অশ্লীল বৰ্ণমালাই
গঢ়ি পিতি বুকুৰ কমাৰ শালত
কবিয়ে গুচায় অশ্লীলতাৰ মামৰ
শব্দত শান দি লিখে কবিয়ে
ৰাতিৰ নিতুল কবিতা
যি কবিতা কেৱল আওঁৰাব পাৰি
ৰৌদ্ৰোজ্বল দুপৰীয়া
অথবা কুমাৰী পৃথিৱীৰ
দিগবলয়ত
ছাঁ লৈ সেউজীয়া নাহৰৰ ৷৷
Comments
Post a Comment