তই শূন্যতাৰ স'তে ওমল কিয়? এই উদাসী ছোৱালী জনী শূন্যতাৰ সাগৰত ওপঙি কিয় মেলাৱ দুখৰ কলিয়া চুলি শোকৰ বতাহত? হুমুনিয়াহেৰে গধুৰ কৰ কিয় মোৰ বুকুৰ উপকূল ৷ ইমান আকুলতাৰে কিয় হাত বাউলি মাত বিষাদী অতীতক কিয় গুণ গুণাৱ বিষাদ কাৱানৰ সুৰ? শূন্যতাৰ বেলুন এটা লৈ কিয় ওমল নিজান দুপৰীয়া অথবা জয়াল ৰাতি ৷ শূন্যতাতো এখন চিলা নহয় যাৰ পিঠিত বান্ধি উৰুৱাই দিবি জীৱনৰ যত দুখ, অপ্ৰাপ্তি ৷ উদাসী ছোৱালী জনী অ' কাৰ বিৰহত উচুপি উঠ কাৰ নুশুনা মাতত আকুল হ'ৱ বিষাদৰ চকুলোৰে তিয়াৱ শিতানৰ গাৰু ? তই বিষাদৰ বাঁহীটো বজাই মোক কন্দুৱাবলৈ কিয় ভাল পাৱ বাৰু? উদাসী ছোৱালী জনী অ' মই চিলা হ'ব খোজোঁ নীলকণ্ঠী আকাশলৈ উৰুৱাই লৈ যাব খোজোঁ তোৰ সমষ্ট বিষাদ গুজি দিম যেন ৰ'দ ফুল তোৰ নেঘেৰী খোপাত ৷ আহ সামৰি বিষাদ ৰ'দৰ দেশলে যাওঁ আহ পোহৰৰ গান গাওঁ বৰফৰ দৰে গলিবলৈ দিওঁ শূন্যতাৰ বল আশাৰ জিল মিল ৰদ'ত ৷
Posts
আমে মলিয়ালে তৰা
- Get link
- X
- Other Apps
তৰা, আমে মলিয়াইছে আকউ কঠালৰ ডালত নিশা নিশা কেতেকীৰ মাত কুমলীয়া পাত তগৰৰ গাত কপৌ জুপিয়েও মেলিছে চুপহি তই বাৰু লগাইছ নে মোলৈ পকোৱা সূতাৰ গামোচাৰ তাঁত? পৰিছে নে মনত তাঁত বাটি কাঢ়োতে দেখিছনে মোৰ মুখ ৰাঁচ ভৰাওঁতে ৰৈ গৈছে নে ভৰি তাঁত চলাওঁতে লগাইছনে শালিকী যুটিয়া ব' তোলোঁতে শালত তুলিবি কেতিয়া বুকুৰ শালত আৰু প্ৰেমৰ গান এটা গাই ফুল বাচিবি সপোনৰ? গবি কেতিয়া- "বহোঁ তাঁতৰ পাতত চকু আলিবাটত" সৰি পৰিবনে মাকোঁ মোৰ কথা ভাবি পিচলিব নে গৰকাত ভৰি? চিগিবনে বাৰে বাৰে সূতা ভাগিবনে ৰাঁচৰ কাঠি? লুটিয়াই দিবলৈ লোৱা ফুল পাহৰ এফাল মই এফাল তই আমি যেন ইপিঠি সিপিঠি ৷ তৰা অ' আম ফুলিছে আকউ তোৰ গামোছাৰ ফুলত জিলিকি উঠিছে ফুলাম জাপি আহ বৰষুণত তিতোঁ প্ৰেমৰ বৰষুণত উজাগৰে থাকোঁ এনিশা কেতেকী বিনোৱা ৰাতি ৷৷ -বিকৃতাফু ২১ মাৰ্চ ১৮
- Get link
- X
- Other Apps
মোৰ তেজত এখন অৰণ্য ৷ ওপৰত এখন আকাশ আৰু সাৰে থকা তিনিটা তৰা এটা উজ্বল নীলা কোমল অথচ উজ্বল তাৰ পোহৰ অনন্য৷৷ বুকুত এখন বিষাদৰ কেনভাচ কোন চিত্ৰকৰৰ নিপুণ হাত ? আঁকি দিলে তিনিওটা তৰা এটা উজ্বল ঢুকি নাপাও মেলিলেও হেঁপাহৰ হাত ৷ অৰণ্য খন মুখৰিত তেজৰ তলৰ ৷ আকুলতাৰ স্ৰোতসৃনী নৈৰ পাৰৰ কোনোটো ঘাটত বিষাদী গৰখীয়া তাৰ বাঁহীৰ ইমান কাতৰ মাত ৷৷
- Get link
- X
- Other Apps
তুমি কুশলে থাকিলেই মই জী থাকিম ৷৷ কাৰ বাবে জীৱনৰ গান কোনে শুনিব তাৰ সুৱদী টান? কাৰ ওচৰত মোৰ যত মান- অভিমান? তোমাৰ পৰাইচোন আৰম্ভ তোমাতেই শেষ তোমাৰ কোলাতে মূৰ থৈ পাহৰিম এদিন জীৱনৰ যত ক্লেশ ৷ কাৰ বাবে এই আয়োজন কাৰ বাবে জীৱনৰ যুঁজ নাথাকেতো সময় বালিত সৰু সৰু মানুহৰ খোজ ৷ চক্ৰৱৎ যাত্ৰা মোৰ দূৰ-সুদূৰ ঘূৰি ঘূৰি আহি পুনু তোমাতেই শেষ ৷ তুমি উজুটি খোৱা শংকাৰ শিলত তুমি জুৰুলি জুপুৰি হোৱা দুখৰ বৰষুণত দেই-পুৰি যোৱা অপ্ৰাপ্তিৰ দাবানলত মোৰ বুকুত জ্বলে বেদনাৰ জুই দপ্ দপ্ কথাবোৰ ভাবি আনমনা হোৱা দবোৱা কটাৰিয়ে আঙুলি কাটে কথাবোৰ ভাবি আনমনা হোৱা জীৱনৰ তাঁতৰ সূতা চিগে ৷ তুমিতো নুবুজা হৃদয় গলে কি তাপত ৷ উশাহ কাতৰ হয় দুপৰ নিশা দূৰৈৰ নিয়তি চৰাইৰ মাতত ৷ তথাপিও সপোন দেখোঁ - পুৱতিতে সাৰ পাম জীৱনৰ গান গাম দ্বৈত স্বৰত ৷ কথা দিয়া হেৰা কুশলে থাকিম বুলি উশাহ ল'ম বুকু খোলি থপিয়াই আনিম ৰঙা বেলি কথা দিয়া - হুমুনিয়াহ বোৰ দলিয়াই দিম ৷ তুমি কুশলে থাকিলেই মই জী থাকিম ৷৷ - বিকৃতাফু ২১ মাৰ্চ ১৮
- Get link
- X
- Other Apps
আত্মদীপ কোনেও নুসুধে "আছেনে কুশলে তোৰ আত্মা" নুসুধে কোনেও বুকুত কঢ়িয়াই ফুৰা কাঁইট যেন ভাৱনা বোৰৰ কথা ৷ কি আত্মীয় কি অনাত্মীয় কি বঙহ দেখে মাথো বাহ্যিক মঙহ ৷ নেদেখে মঙহৰ আঁৰৰ কলিজা আত্মাৰ গোপনত মানুহ বৰ অকলশৰীয়া নিজে ৰচা নাটৰ নিজেই গায়ন, বায়ন ভাৱৰীয়া ৷ ওপজাৰ পৰা মৰণলৈ বোৱা নৈখনত এক অকলশৰীয়া নাৱৰীয়া ৷ - বিকৃতাফু
- Get link
- X
- Other Apps
নিষিদ্ধ ভাৱনাবোৰ ভাৱনাৰে মই স্বাধীন নুসুধিবা মোক মই কি ভাবিম, নাভাবিম ৷ ভাৱনাত মই গুছি যাব পাৰো বেহেস্ত, স্বৰ্গ, হেভেন নতুবা বৈকুণ্ঠলৈ গুছি যাব পাৰো নিষিদ্ধ গলি অথবা ৰঙা পোহৰৰ চুবুৰীলৈ, সাতখন পাতালৰ অটললৈ নাইবা নকৰ কুণ্ডলৈ ৷ নৈৰ দৰে ভাৱৰো থাকে নিৰৱধি গতি নাই পৰিধি বৈ যাব পাৰে ভাৱনা পাৰ ভাঙি ৷ পৰ্বত, পাহাৰ, ভৈয়াম, পাহাৰ মহতিয়াই পাৰ ভাঙি, মাথাউৰি চিঙি যদি বয় নৈ ভৱনাওতো যাব পাৰে উটি বুৰি আপোন মনা কৈ ৷ নিজৰ নিজানত ভাবিব পাৰি শালীন অশালীন কিম্বা নিষিদ্ধ ৷ নিসিদ্ধতাৰ সংজ্ঞা বিচাৰি থমকি নৰয় ভাৱনা কাৰ বাবে নিষিদ্ধতা? প্ৰকাশৰ যোগ্যতা হীন ভাৱনা মানেইতো নিসিদ্ধ নহয় যি আহিব পাৰে মনৰ গোপনত, সপোনত, দিঠথকত ৷ প্ৰেয়সীৰ জৰায়ুত আনৰ ভ্ৰুণৰ দৰে একলা একলাকৈ বাঢ়িব পাৰে সংগোপনে নিষিদ্ধ ভাৱনা ৷ ভাৱনা স্বাধীন শাসনহীন আত্মাতে বিলিন ৷ নুবুজে যি নিষিদ্ধতা কি শালীনতা কি মনৰ গোপনত যি বাঢ়ি আহে চকুমুদি ভাবিব পাৰি যি মুখ খোলি ক'ব নোৱাৰি সি ভাৱনা হ'ব পাৰে সৃষ্টিশীল অথবা বিধ্বংসী খুলি কুৰুকি খাই পেলাব পাৰে আত্মাক অথবা গঢ়ি তুলিব পাৰে আত্ম সন্তুষ্টিৰ বিশাল চাপৰি ...