বৰপেটা সত্ৰ, খ্ৰীষ্ট ধৰ্মী, মাজুলীৰ অস্পৃশ্যতা ইত্যাদি।। -বিনয় কৃষ্ণ তামুলী ফুকন । শিৰোনামাটো দেখি নাভাবিৱ যে এই লেখাটো কোনোবা গৱেষক ছাত্ৰৰ গৱেষণা পত্ৰ। নিমাখিত, সাধাৰণ মানুহ এটাৰ বাস্তৱ অভিজ্ঞতাৰ পৰা আহৰণ কৰা কিছু অপ্ৰিয় সত্য। 'সঁচা ক'বা। কিন্তু অপ্ৰিয় সত্য নক'বা।' বোলা কথাষাৰৰ মই পৰী পন্থী। ক'ম এশবাৰ ক'ম। হাজাৰ বাৰ ক'ম। মহাত্মা গান্ধীয়ে কেৱল এইষাৰ কথা কোৱা নাছিল। ভাৰত বৰিষৰ পৰা অস্পৃশ্যতা নিৰ্মূলৰ বাবে হৰিজন সকলক চুৱ পৰা কৰি থৈ যাব খুজিছিল। নোৱাৰিলে। হৰিজন শব্দটোৰ ঠাইত চাফাই কৰ্মী শব্দৰ প্ৰচলন হ'ল। অসমৰ ডিব্ৰুগড় চহৰত "পৌৰ সভাৰ চাফাই কৰ্মীৰ কলনি বুলি" যিটো আৱাসীক এলেকা আছে , তাক জন সমাজত আজিও "চুইপাৰ কলনি" বুলিয়েই জনা যায়। লখিমপুৰতো একেই কথা। "মেটৰ পট্টী"। তাতোতকৈয়ো ডাঙৰ কথা অসমত এই অস্পৃশ্যতা অক্ষুন্ন ৰাখিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ জীয়াই ৰখা বুলি দাৱী কৰা সত্ৰ সমূহে। সত্ৰ নগৰী মাজুলী কে ধৰি বৰপেটা সত্ৰ, বা অসমৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা সত্ৰ সমূহতে অস্পৃশ্যতাৰ প্ৰভাৱ আটাইতকৈ বেছি। আজিও সত্ৰৰ গোঁসায়ে কোন...