Posts

চিঠিবোৰ ক'ত হেৰাল?

Image
চিঠিবোৰ ক'ত হেৰাল? "প্ৰকৃতিৰ চ'ৰা ঘৰ চালো পিত্ পিত্ কাউৰী ঠেঙীয়া সেই আখৰ কেটিত যি অমিয়া ঘঁহা আছে আৰু ক'তো নাই"             হেমচন্দ্ৰ গোস্বামী নাজিত তৰা অ' মই আজিও বাট চাও ছাঁইৰঙী জীৰ্ণ চাইকেলত বেটৰ বাক্সেট ওলোমাই বন্ধ থামত বুকুৰ উশাহ বিলাই ফুৰা ডাকোৱাল জনলৈ গাঁৱত থাকোতেই ভাল আছিল সিকিটোৰ লুজেন গুটি কিনি দি কণল'ৰাৰ হাততে পঠাব পাৰিছিলো তোলৈ টোপনি খতি কৰি লিখা চিঠিখন ৷ ক'তবাৰ যে লিখিছিলো, ফালিছিলো আকৌ লিখিছিলো… পুনশ্চত লিখিছিলো "আখৰ বেয়া বুলি নাহাঁহিবা ৷" যিদিনা গাওঁ এৰি চহৰলৈ আহিছিলো তই কণপাহিৰ হাতত এজাপ চিঠি দিছিলি কেইবাদিনো লিখা অথচ দিবলৈ সুবিধা নোপোৱা এজাপ চিঠি ৷ নগৰত বেডিং খোলাৰ আগতে খুলিছিলো তোৰ দেহৰ চিনাকী গোন্ধ থকা ফুলাম চিঠি ৷ উৰি গৈছিলো গাঁৱৰ চিনাকী ঘাট, নৰা পথাৰৰ ৰৱাৱ টেঙাৰ সোৱাদ, ভদীয়া পথাৰৰ আলিত বহি খোৱা টোপোলা জলপান, বিয়া ঘৰৰ যোৰা নামৰ জাঁত আৰু ক'ত কি…… নাজিতৰা তই সপ্তাহত এখন চিঠি দিছিলি মোলৈ ডাকত ৷ মৰম বুজাবলৈ তই কেতিয়াবা আঙুলি কাটি তেজেৰে লিখিছিলি চিঠি ৷ লিখিছিলি গাঁৱৰ খবৰ "কফে
Image
আকৌ এবাৰ প্ৰেমত পৰিছো মইঃ ভুল কৰিছে আপুনি ভাবিছে মই নষ্ট চৰিত্ৰৰ মানুহ ৷ বুঢ়া বয়সত প্ৰেম!!? না ৰে বাবা না এই যে নতুন বছৰৰ, জন্ম দিনৰ শুভকামনা বোৰ এইবোৰে মোলৈ কঢ়িয়াই আনে আতংকৰ জীৱনৰ ঘড়ীটোৰ পৰা খহিপৰা প্ৰতিটো প'লে জানো মোক স্বাগতম জনোৱা নাই মৃত্যুলৈ? ? পাৰ হৈ যোৱা প্ৰতিটো বছৰ প্ৰতিটো জন্মদিনে জানো চুটি কৰি অনা নাই মোৰ হৃদ স্পন্দৰ আয়ু? হে সময় ৰৈ যা চোন এবাৰ মই যে আকৌ প্ৰেমত পৰিছো জীৱনৰ ৷     - বিনয় 26/12/2016

ফেচবুকৰ মাগুৰবৰণীয়া ছোৱালী জনী"

Image
"ফেচবুকৰ মাগুৰবৰণীয়া ছোৱালী জনী" অই মাগুৰ বৰণীয়া ছোৱালীজনী ফেচবুকৰ পাতৰ পৰা মোলৈ চাই নাথাকিবিচোন ৷ আপলড' নকৰিবি না তোৰ ভমকা ফুলীয়া হাঁহিটো ৷ নিলিখিবিচোন প্ৰেমৰ ষ্টেটাচ ৷ তোক লগ পোৱা নাই বহুদিন লগ পালে চাগে মনত পৰিব "সোণজিৰা মাহী" জনী লৈ মনত পৰিব চাগে ছাগলী পোৱালী এটাৰ দৰে জপিয়াই, দেদাউৰি পাৰি ফুৰা তোৰ সেই তাহানিৰ সময় খিনিলৈ যি সময় নদীত নাওঁ বাই তই উজাই গ'লি নাৱৰ টিঙৰ পৰা এচাটি পানী চ'টিয়াই তইবাৰু কি বুজাব খুজিছিলি অই মাগুৰ বৰণীয়া ছোৱালী জনী উৰনিৰ তলৰ পৰা আনলৈ চাব নাপায় সেন্দুৰৰ ৰেঘাত ঘূণে ধৰিব আমি মুনিহ মানুহ সেন্দুৰ নিপিন্ধো সেই বাবেই কৈছো মাগুৰ বৰণীয়া ছোৱালী জনী অ' আপলড' নকৰিবিচোন তোৰ জুই ফুলীয়া হাঁহিটো ভয় হয় মোৰ আকৌ প্ৰেমত পৰি যাম তোৰ কাৰণ আমি যে সেন্দুৰ নিপিন্ধো ৷৷ - বিনয়

চাৰিটি স্তৱক

চাৰিটি স্তৱক (১) শেলুৱৈ ধৰা বুুকুৰ দেৱালত আঁহতৰ পুলি এটা গজিছে তাৰ শিপাই গিলি পেলাব এদিন আৱৰি পেলাব বুকুৰ দেৱাল কোনেও গমেই নাপাব ইয়াত এখন প্ৰাচীৰ আছিল ৷ শেলুৱৈ সেউজীয়া প্ৰাচীৰ ৷          (২) মোৰ বুকুৰ থাপনাত কোনে জ্বলাই বিষাদ চাকি গুণগুণাই আকুল কাকূতি ঘোষা যাৰ সুৰত গধুৰ হৈ পৰে খঁৰিকাজাই গন্ধী উদাস সন্ধিয়া        (৩) পলসুৱা বুকু দখল কৰি কোনে উৰুৱাই গ'ল প্ৰেমৰ তেজ ৰঙা পতাকা বিষাদে-আন্ধাৰে উৰি অহা এটি জোনাকীয়ে ক'লে পতাকা নহয় কবি বিষাদ সূতাৰে বোৱা বিৰহ নিচান বতাহত কঁপি কঁপি গাই দুখৰ মালিতা ৷       (৪) ভটিয়নীত নাও মেলি কোন নাৱৰিয়াই গাই দুখৰ "কাবান"? প্ৰেম- ৰ'দৰ চিঠি নে শোকৰ "কাবান" সহজে বুজাতো টান       - বিনয় ২৩ ডিচেম্বৰ

শোক

Image
শোক: কপৌটিৰ ৰুণ এটি হৈ কোনে গধূৰ কৰে মোৰ দুখৰ চোতাল গধূলী গোপাল ফুলাৰ সময়ত জিলিৰ চিঞৰ সিঞাৰি সিঞাৰি গো-ধূলি উৰুৱাই গুছি যায় গৰখীয়া তাৰ  বাঁহীৰ সুৰত কঁপি উঠে মোৰ এসাগৰ পথৰুৱা শোক শোক বোৰ স্বতঃস্ফূৰ্ত নিষ্পাপ আৰু নিষ্কলুষ ৷ *******-  

Budha Dav ( বুদ্ধদেৱ)

Image
বুদ্ধদেৱ গৈছিল নে বুদ্ধ মোক্ষ বিচাৰি নিজান ৰাতি শেতেলীত এৰি থৈ মনোৰমা পত্নীক? ভাবিছিল নে বহি ৰ'ব বুদ্ধিদ্ৰোমৰ তলত? পাৰিছিল নে সঁচাকৈ বিসৰ্জিৱ সন্তানৰ স্নেহ? নে অতিষ্ঠ হৈ উঠিছিল বুদ্ধদেৱ? পত্নীৰ একঘেমীয়া অজুহাত খিং খিঙীয়া কৰ্কষ মাত আৰু গতানুগতিক জীৱন এটা যাপন কৰি আমনি লগাত পালাইছিল নেকি বুদ্ধ জীৱনৰ পৰা!!!? বুদ্ধ দেৱৰ পত্নীয়ে বাৰু বকলা মেলিছিল নেকি যেতিয়া বজাৰৰ পৰা খালি মোনা লৈ ওভটিছিল বুদ্ধ? কাজিয়া লাগি গুচি গৈছিল নেকি মাকৰ ঘৰলৈ? নে সন্দেহ কৰিছিল বুদ্ধক পৰকীয়া প্ৰেমৰ বাবে ৷ বিৰহ আৰু অৰ্ন্তদণ্ডত তেওঁ ওলাই যোৱা নাছিলতো গভীৰ নিশা হাত সাৰে, ভৰিত সাৰে ৷ কোনো দিন পত্নীৰ অহংকাৰী মুখখন নাচাও বুলি বহি লোৱা নাছিলতো বট বৃক্ষৰ তলত? হেৰি আজিৰ স্বামী সকলক সুধিছো আপোনাৰো বাৰু বুদ্ধদেৱ হোৱাৰ বাসনা এটা উজায় আহে নে কেতিয়াবা?? ( লাফিং বুদ্ধৰ পিঠিৰ টোপোলাটোত কি থাকে বাৰু? দুখ নহয়তু? দুখবোৰ ঢাকি হাঁহি থাকে নেকি লাফিং বুদ্ধই ??)