চাৰিটি স্তৱক

চাৰিটি স্তৱক
(১)
শেলুৱৈ ধৰা বুুকুৰ দেৱালত
আঁহতৰ পুলি এটা গজিছে
তাৰ শিপাই গিলি পেলাব এদিন
আৱৰি পেলাব বুকুৰ দেৱাল
কোনেও গমেই নাপাব ইয়াত এখন
প্ৰাচীৰ আছিল ৷
শেলুৱৈ সেউজীয়া প্ৰাচীৰ ৷
         (২)
মোৰ বুকুৰ থাপনাত
কোনে জ্বলাই বিষাদ চাকি
গুণগুণাই
আকুল কাকূতি ঘোষা
যাৰ সুৰত গধুৰ হৈ পৰে
খঁৰিকাজাই গন্ধী
উদাস সন্ধিয়া
       (৩)
পলসুৱা বুকু দখল কৰি
কোনে উৰুৱাই গ'ল
প্ৰেমৰ তেজ ৰঙা পতাকা
বিষাদে-আন্ধাৰে
উৰি অহা এটি জোনাকীয়ে ক'লে
পতাকা নহয় কবি
বিষাদ সূতাৰে বোৱা বিৰহ নিচান
বতাহত কঁপি কঁপি গাই
দুখৰ মালিতা ৷
      (৪)
ভটিয়নীত নাও মেলি
কোন নাৱৰিয়াই গাই
দুখৰ "কাবান"?
প্ৰেম-
ৰ'দৰ চিঠি নে
শোকৰ "কাবান"
সহজে বুজাতো টান
      - বিনয় ২৩ ডিচেম্বৰ

Comments

Popular posts from this blog

আত্মশ্লাঘা (কবিতা)

গণতন্ত্ৰৰ গান