তামস নগৰত জোনাকৰ তামিঘৰা
তামস নগৰত জোনাকৰ তামস নগৰত জোনাকৰ তামীঘৰা ৰচনাকাল ২০০২ তামস নগৰ চৌপাশে মাথো অন্ধকাৰ আত্মহংকাৰ, অৰ্থগৰ্ব, ক্ষমতাৰ ৷ ভোগ আৰু লালসাৰ , কামনাৰ, বাসনাৰ ঘোপ মৰা আন্ধাৰ ৷ কাৰ ফুলনীত কিমান ডাঙৰ ডালিয়া ফুলে সেই লৈ অহংকাৰ ৷ কাৰ দ'গী কিমান চিকুন তাক লৈ অহংকাৰ ৷ কোনে কিমান বিলাসী ব্ৰেণ্ডৰ মদ খায় সেই লৈ অহংকাৰ ৷ কাৰ গিৰীয়েকে কিমান মোটা অংকৰ ভেটী লৈ পত্নীক সজাব পাৰে হীৰক স্বৰ্ণলংকাৰেৰে তাক লৈ অহংকাৰ পুত্ৰক কিনি দি অত্যধুনীক বাইক মেলিদিব পাৰে যমদূত ৰূপে ৰাজপথত সেই লৈ অহংকাৰ কাৰ জীয়েকৰ ভেনিটী বেগত ওলাই বিলাসী গৰ্ভনিৰোধক সেই লৈ অহংকাৰ ৷ কাৰ সন্তানে বৰ্জন কৰি মাতৃভাষা নাজানি বনঘোষা-বৰগীত ডিক্স বাৰত নাচিব পাৰে স্বল্পবসনা যুৱতীৰ স'তে যাপন কৰিব পাৰে মাতাল নীলা নিশা তাক লৈ অহংকাৰ ৷ তামস নগৰ চৌপাশে মাথো ঘোপ মৰা আন্ধাৰ ৷ ইয়াত আদালতত অন্ধকাৰ ৰজাৰ ঘৰত, আমোলাৰ টেবুলত ৰেচনৰ কাৰ্ডত, পানীৰ নলাত কেৰাচীনৰ গেলানত অন্ধকাৰ ৷ পৰীক্ষাৰ উত্তৰ বহীত কাৰ্যালয়ৰ ফাইল চহীত দূৰ্নীতিৰ পাহাৰ ঘোপমৰা আন্ধাৰ বেংকত অন্ধকাৰ, ট্ৰেজাৰীত অন্ধকাৰ মাহৰ শেষত হাঁহাকাৰ ৷ ইয়াত