এই ৰেল চলে
এই ৰেল চলে
বিনয় কৃষ্ণ তামুলী ফুকন ৷
ৰচনা কাল -২০০২ চন
ঝক ঝক ঝক
ঝক ঝক ঝক
চলি আছে ৰেল
শাসনৰ ৰেল -
ঝক ঝক ঝক ঝক
শোষণৰ ৰেল-
ঝক ঝক ঝক ঝক
ৰাজনীতিৰ ৰেল - ঝক ঝক ঝক
ৰজা তৰা ৰেল -ঝক ঝক ঝক
প্ৰজা চেঁপা ৰেল -ঝক ঝক ঝক
ৰেল ঔ ৰেল দীঘে লেল পেল
পেটৰ মাজত সোমাই নিয়
নেতা পালি নেতাৰ খেল ৷
আমাৰ সপোন ভঙা ৰেল
আমাৰ টোপনি কঢ়া ৰেল
বৰ দীঘল এই ৰেল
সংখ্যা নাই চকাৰ
ইম্মান দীঘল এই ৰেল
সংখ্যা নাই ডবাৰ
এই যে ডবা
নামঘৰৰ ডবা
গুৰুম গুৰুম
গুদ্দোডোম ডুম ডুম …
বুকু শাঁত পৰি যায় ৷
একেই ডবা এই ৰেলৰ
বুকু ভাঙি চিঙি থৈ যায় ৷
ঝক ঝক ঝক
ঝক ঝক ঝক
ঝক ঝক ঝক
ঝক ঝক ঝক
চলি যায় ৰেল ৷
নামনি নামনি নামনি
ৰেলত হয় সম্পদৰ ৰপ্তানি
উজনি উজনি উজনি
এই ৰেলত হয় চকুপানীৰ
আমদানি ৷
এই ৰেলত উঠি
নাঠুৰাম গুছি যায়
গান্ধী পৰি থাকে
মুখ থেকেচা খায় ৷
সীমান্তত নিহত সৈনিকৰ মৃতদেহ
এই ৰেলতে আহে
বিহ দিয়া বুট আহে
নিৰ্বাচন ভোট আহে
বহিৰাগত আহে
আহি আহি ঘৰ বান্ধে
ভোক আহে
ভাত নাহে ৷
ঝক ঝক ঝক
ঝক ঝক ঝক
ঝক ঝক ঝক
ঝক ঝক ঝক
চলি থাকে ৰেল
পাঁচোটা ষ্টেচন পাৰ হৈ
এই ৰেলে কয়লা লয়
জনৰতাৰ বুকু পোৰি কৰা কয়লা ৷
বিনিময়ত দি যায়
কম্বল, দমকল বিলাতী সুৰাৰ বটল
আৰু প্ৰতিশ্ৰুতিৰ থৈলা ৷
স্বৰোজগাৰ?
অন্নপূৰ্ণা?
সমৃদ্ধি যোজানা?
কোনে পাই চৰকাৰী লোন?
আমাৰ কাঁহীৰ দাঁতিত
ল'বলৈ কিনিব নোৱাৰো
এজেবা লোণ ৷
ঝক ঝক ঝক
ঝক ঝক ঝক
ঝক ঝক ঝক
ঝক ঝক ঝক
চলি আছে ৰেল ৷
তৃতীয় শ্ৰেণীৰ কোনোবা দবা ৰ পৰা ফেৰিৱালাই চিঞৰে ৷
ফেৰীৱালা?
হ'ব পাৰে কোনোবা দিচপুৰ অথবা দিল্লীৱালা ৷
"এই চাকৰি চাকৰি চকৰি
ফৰ্থগ্ৰেড?
গোটোৱা গোটোৱা লাখ,হাজাৰ ৷
তুমি যদি শোড়ষী গাভৰু
হ'লেই হ'ব সংগী
চাকৰি বিক্ৰেতাৰ ৷
এংকৰি বেংকৰি
চীপজৰী লও বুলি
কিনিব পৰা নাই জৰী
কেনেকৈ কিনো
চৰকাৰী চাকৰি?
ঝক ঝক ঝক
ঝক ঝক ঝক
ঝক ঝক ঝক
ঝক ঝক ঝক
চলি যায় ৰেল
জনতাৰ ভোক আৰু ক্ষোভৰ
ভগ্ন স্বপ্নৰ
দুডাল দীঘল চিৰি
লেল্ পেল্
তাৰ ওপৰেদি চলি যায় ৰেল
শোষণৰ ৰেল -
ঝক ঝক ঝক
শাসনৰ ৰেল -
ঝক ঝক ঝক ঝক
শোষণৰ ৰেল-
ঝক ঝক ঝক ঝক
ৰাজনীতিৰ ৰেল - ঝক ঝক ঝক
ৰজা তৰা ৰেল -ঝক ঝক ঝক
প্ৰজা চেঁপা ৰেল -
ঝক ঝক ঝক ঝক
আমাৰ সপোন ভঙা ৰেল
আমাৰ টোপনি কঢ়া ৰেল
ঝক ঝক ঝক ঝক
………………
Comments
Post a Comment