সংবাদ সেৱীৰ_গীত

সাংবাদিক
আমি জনতাৰ প্ৰহৰী …
………………

গণ তন্ত্ৰৰ প্ৰহৰী আমি
জাগি থাকোঁ  ৰাতি দিন ৷
জনতাৰ বাতৰি বিলাওঁ
নাই ভাগৰৰ চিন ৷৷

ৰ'দেই হওক বা বৰষুণ
শিলাবৃষ্টি ধুমুহা
ব্ৰজৰ গৰ্জনো হাৰ নামানো
জনতা আমাৰ প্ৰেৰণা ৷৷

সাংবাদিক
আমি জনতাৰ প্ৰহৰী …
………………

গণতন্ত্ৰৰ মন্ত্ৰেৰে আমি
শিক্ষিত, দিক্ষীত, অনুপ্ৰাণিত
কলম-কেমেৰা আমাৰ সংগী
বিলাওঁ সংবাদ অবিৰত ৷৷

ভেদাভেদৰ ঠাই
আমাৰ মনত নাই
আমি যে অতন্দ্ৰ প্ৰহৰী
সততা আৰু নিৰ্ভিকতাৰে
বিলাও আমি সত্য  নিষ্ঠ বাতৰি ৷৷

ৰাইজৰ জয়েই আমাৰ জয়
জয় জনতা জনাৰ্দন
ৰাইজৰ পক্ষতে থাকিম সদায়
এয়াই আমাৰ পণ ৷৷

সাংবাদিক
আমি জনতাৰ প্ৰহৰী …
………………

সংবাদসেৱী বন্ধু সকললৈ সমৰ্পিত ৷৷
-বিনয়
 ৰচনাকাল ১২ এপ্ৰিল ২০১৫

Comments

Popular posts from this blog

Udar Axomiya ( উদাৰ অসমীয়া)

বালিয়ে পোতা এখন গাঁৱৰ কথা। - বিনয় কৃষ্ণ তামুলী ফুকন "গেৰমে" ভূচিত্ৰাৱলীত নথকা এখন সৰু নৈ। নৈ বুলি ক'বলৈ বেয়াই লাগে। খৰালি কালত সাপৰ নেগুৰ যেন। কিছু সময়ত পানী নাথাকেই। পানী নথকা সময়ত পাৰৰ গঞাই নৈৰ বুকুত গাঁত খান্দি খোৱা পানী, গা পখলা পানী মানে দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় পানী সংগ্ৰহ কৰে। নৈ খনৰ অৱস্থিতি অসম অৰুণাচল প্ৰদেশৰ ধেমাজি জিলা সীমান্তৱৰ্তী নলবাৰী গাঁও পঞ্চায়ত। নৈ খনৰ সংগম হৈছে গোগামুখৰ পৰা প্ৰায় ৪ কিলোমিটাৰ পূৱে বৈ থকা "ন-নদী" স'তে । কিন্তু বাৰিষাৰ কালছোৱাত নৈ খন অবাধ্য হয়। সাপৰ নেগুৰ যেন নৈ খনে কাল মূৰ্তি ধৰে। অৰুণাচলৰ পাহাৰত বৰষুণ দিলেই গেৰমে নৈ খন বিস্তাৰিত হয়। পাহাৰত গছ গছনি কাটি তহিলং কৰাৰ ফলত বালি আৰু বালি কঢ়িয়াই আনে গৰমেই । ফল ভোগে নামনিৰ গাঁও বোৰে। তেনে এখন গাঁৱৰ নাম ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ নলবাৰী পঞ্চায়তৰ মানিকপুৰ গাঁও। বড়ো জনগোষ্ঠীৰ লোকৰ বসতি এই গাওঁ খনৰ অৱস্থা এতিয়া তথৈবচ। গাঁও খন চাবলৈ গৈ দেখিলো ঘৰবোৰ পোত গ'ল। বড়ো জনগোষ্ঠীয়ে চাং ঘৰ নাসাজে যদিও বানৰ পৰা বাচিবলৈ চাং ঘৰ সাজিছে। সেই চাং ঘৰবোৰো গেৰমেৰে নৈৰ বালিয়ে পোতি মাটিৰ ঘৰ যেন কৰিছে। মোৰ পৰিদৰ্শন কালত কেইজনমান বড়ো ডেকাই নাৱেৰে মূল পথত উঠিছে। গাঁও খন মই ২০০০ চনৰ পৰা দেখিছোঁ। তেতিয়া বালিয়ে পোতা পথাৰবোৰ শালিতলি আছিল। হঠাৎ এই বিপৰ্যয়ৰ কাৰণ গছ তহিলং কৰা। ঘৰে ঘৰে পৰ্টেল খুলি দায়বদ্ধতাৰ পৰিচয় দিয়া সকলে এইবোৰ ঢুকি পোৱাগৈ নাই। সেয়েহে সমস্যাটো মোৰ ফালৰ পৰাই উপস্থাপন কৰিলোঁ। মাণিকপুৰে বালিৰ তলতে কঁকবকাই থাকিব নে!?