সন্দেহ

যি কোনো সময়ত
যি কোনো অকাৰণত
গজি উঠিব পাৰে
বিহ মেটেকাৰ দৰে
চানি পেলাব পাৰে বুকুৰ
বিশ্বাসৰ পুখুৰী

কূটি কূটি ফোঁপোলা কৰি পেলাব পাৰে
ঘূণ পোকৰ দৰে
বিশ্বাসৰ পালেং
সৰি পৰিব পাৰে আপুনি
ধুপুচ কৈ
বিশ্বাস হীনতাৰ মজিয়াত

উৎসুকতাৰ সহোদৰ নহয় ই
উৎসুকতাই আবিস্কাৰ কৰে
সন্দেহে ধ্বংস কৰে ৷

বনজুইৰ দৰে নিমিষতে দহি পেলাব পাৰে
সোণৰ সংসাৰ
সন্বন্ধৰ প্ৰাচীন পিৰামিড খহাই দিব পাৰে
সন্দেহৰ "লিটল" বোমাটোৱে ৷

অকাৰণতে চিগি যাব পাৰে
বুকুৰ এঁৱা সূতা
শালিকী জঁটিয়া লাগিব পাৰে
আশাৰ তাঁতত

তাচ পাতৰ ঘৰৰ দৰে খহি পৰিব পাৰে
পুৰাতন বিশ্বাসৰ দৌল ৷

বিশ্বাসহীনতাৰ ফচল ই
বৰ বিষাক্ত
আদম আৰু ইভৰ নিসিদ্ধ ফলৰ দৰে ৷

সন্দেহৰ বীজ এবাৰ গজিলে
বাঢ়ি আহে বিহলঙনীৰ দৰে
ৰুৱও নালাগে
চপাও নানাগে
মাথো নিৰাপত্তা দিব লাগে
অবিশ্বাসৰ জেওৰাৰে ৷

উৎসুকতাৰ দৰেই চিৰন্তন সন্দেহ
ধংসাত্মক
ঘাটক
আৰু
ঘূণ পোকৰ দৰে
কূটি কূটি শেষ কৰে
বিশ্বাসৰ সকলো ৰং
কেৰক,
কেৰেক
কেৰেক ৷

Comments

Popular posts from this blog

মই সোৱণশিৰিয়ে কৈছোঁ

Udar Axomiya ( উদাৰ অসমীয়া)