ছন্দ (Rhythm)
জন্মজ হৃদপিণ্ডৰ ছন্দ ধুক, ধুক ধুক, ধুক ছন্দোবদ্ধতাত বন্দী জীৱন ৷ ছন্দোবদ্ধ প্ৰতিটো খোজ ছন্দোবদ্ধ জীৱন ৷ তাল তাৰ বজাই কোনে কোন সেই অদৃশ্য তবলা বাদক! ? এই যে ওপঙি আছে ব্ৰহ্মাণ্ডত গ্ৰহ- নক্ষত্ৰ গ্ৰহানুপুঞ্জ অন্তত গতি তাৰ আহ্নিক-বাৰ্ষিক সিও ছন্দোবদ্ধ ৷ প্ৰতিখন চহৰ-নগৰ মহা নগৰৰ থাকে নিজা ছন্দ সময় লগত বন্ধা থাকে তাল ৷ ছন্দপতন মানেই বে-তালা জীৱন বে-সুৰা জীৱন সংগীত ছন্দত ঘূৰিছে ভূমণ্ডল চলি আছে হৃদস্পন্দন বাজিছে সময় তবলা দ্ৰুত,মধ্য, বিলম্বিত উত্থান-পতন তথাপিও বে-তালা নহয় জীৱন ৷ যদি হেৰাই যায় যায় জীৱনৰ ছন্দ শেষ সকলো আনন্দ ৷ শক্তি প্ৰাৰ্থী হে অদৃশ্য শক্তি - ছন্দেৰে গাওঁ জীৱনৰ গান বাজি থক আমৰণ সুৰীয়া তান ৷ - বিনয় ১লা জুলাই ১৭ ( সংগীতজ্ঞ "বাবা বি ভি কাৰান্থ "দেৱৰ তাল সম্পৰ্কীয় এটি পাঠ ভিত্তিত ৷ হঠাৎ মনত পৰিল)