ছন্দ (Rhythm)



জন্মজ হৃদপিণ্ডৰ ছন্দ
ধুক, ধুক
ধুক, ধুক
ছন্দোবদ্ধতাত বন্দী জীৱন ৷
ছন্দোবদ্ধ প্ৰতিটো খোজ
ছন্দোবদ্ধ জীৱন ৷
তাল তাৰ বজাই কোনে
কোন সেই অদৃশ্য
তবলা বাদক! ?

এই যে ওপঙি আছে
ব্ৰহ্মাণ্ডত গ্ৰহ- নক্ষত্ৰ
গ্ৰহানুপুঞ্জ
অন্তত গতি তাৰ
আহ্নিক-বাৰ্ষিক
সিও ছন্দোবদ্ধ ৷

প্ৰতিখন চহৰ-নগৰ
মহা নগৰৰ
থাকে নিজা ছন্দ
সময় লগত বন্ধা থাকে
তাল ৷

ছন্দপতন মানেই
বে-তালা জীৱন
বে-সুৰা জীৱন সংগীত

ছন্দত ঘূৰিছে ভূমণ্ডল
চলি আছে হৃদস্পন্দন
বাজিছে সময় তবলা
দ্ৰুত,মধ্য, বিলম্বিত
উত্থান-পতন
তথাপিও বে-তালা নহয়
জীৱন ৷

যদি হেৰাই যায় যায়
জীৱনৰ ছন্দ
শেষ সকলো আনন্দ ৷

শক্তি প্ৰাৰ্থী
হে অদৃশ্য শক্তি -
ছন্দেৰে গাওঁ
জীৱনৰ গান
বাজি থক
আমৰণ সুৰীয়া তান ৷

   - বিনয় ১লা জুলাই ১৭
( সংগীতজ্ঞ "বাবা বি ভি কাৰান্থ "দেৱৰ তাল সম্পৰ্কীয় এটি পাঠ ভিত্তিত ৷ হঠাৎ মনত পৰিল)

Comments

Popular posts from this blog

Udar Axomiya ( উদাৰ অসমীয়া)

বালিয়ে পোতা এখন গাঁৱৰ কথা। - বিনয় কৃষ্ণ তামুলী ফুকন "গেৰমে" ভূচিত্ৰাৱলীত নথকা এখন সৰু নৈ। নৈ বুলি ক'বলৈ বেয়াই লাগে। খৰালি কালত সাপৰ নেগুৰ যেন। কিছু সময়ত পানী নাথাকেই। পানী নথকা সময়ত পাৰৰ গঞাই নৈৰ বুকুত গাঁত খান্দি খোৱা পানী, গা পখলা পানী মানে দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় পানী সংগ্ৰহ কৰে। নৈ খনৰ অৱস্থিতি অসম অৰুণাচল প্ৰদেশৰ ধেমাজি জিলা সীমান্তৱৰ্তী নলবাৰী গাঁও পঞ্চায়ত। নৈ খনৰ সংগম হৈছে গোগামুখৰ পৰা প্ৰায় ৪ কিলোমিটাৰ পূৱে বৈ থকা "ন-নদী" স'তে । কিন্তু বাৰিষাৰ কালছোৱাত নৈ খন অবাধ্য হয়। সাপৰ নেগুৰ যেন নৈ খনে কাল মূৰ্তি ধৰে। অৰুণাচলৰ পাহাৰত বৰষুণ দিলেই গেৰমে নৈ খন বিস্তাৰিত হয়। পাহাৰত গছ গছনি কাটি তহিলং কৰাৰ ফলত বালি আৰু বালি কঢ়িয়াই আনে গৰমেই । ফল ভোগে নামনিৰ গাঁও বোৰে। তেনে এখন গাঁৱৰ নাম ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ নলবাৰী পঞ্চায়তৰ মানিকপুৰ গাঁও। বড়ো জনগোষ্ঠীৰ লোকৰ বসতি এই গাওঁ খনৰ অৱস্থা এতিয়া তথৈবচ। গাঁও খন চাবলৈ গৈ দেখিলো ঘৰবোৰ পোত গ'ল। বড়ো জনগোষ্ঠীয়ে চাং ঘৰ নাসাজে যদিও বানৰ পৰা বাচিবলৈ চাং ঘৰ সাজিছে। সেই চাং ঘৰবোৰো গেৰমেৰে নৈৰ বালিয়ে পোতি মাটিৰ ঘৰ যেন কৰিছে। মোৰ পৰিদৰ্শন কালত কেইজনমান বড়ো ডেকাই নাৱেৰে মূল পথত উঠিছে। গাঁও খন মই ২০০০ চনৰ পৰা দেখিছোঁ। তেতিয়া বালিয়ে পোতা পথাৰবোৰ শালিতলি আছিল। হঠাৎ এই বিপৰ্যয়ৰ কাৰণ গছ তহিলং কৰা। ঘৰে ঘৰে পৰ্টেল খুলি দায়বদ্ধতাৰ পৰিচয় দিয়া সকলে এইবোৰ ঢুকি পোৱাগৈ নাই। সেয়েহে সমস্যাটো মোৰ ফালৰ পৰাই উপস্থাপন কৰিলোঁ। মাণিকপুৰে বালিৰ তলতে কঁকবকাই থাকিব নে!?