ভালপোৱা

এই যে ভাল পোৱা ৷
এক অস্তিত্বহীন অনুভূতি মাথো
বেয়া পোৱাৰ বিপৰীত শব্দ ৷
যুদ্ধৰ শেষৰ  শান্তিৰ দৰে
চাকিৰ তলিৰ ছাঁ ৰ দৰে
পহাৰ তলিৰ
খাৱৈৰ দৰে
বেলিৰ শেষৰ
নিশাৰ দৰে
বিপৰীত অনুভৱ এটাৰ নাম ভাল পোৱা ৷
বেয়া পোৱাতো অপৰিহাৰ্য ভাল পোৱাৰ বাবে ৷
কাৰোবাক বেয়া পাওঁ বাবেইতো
আন কাৰোবাক ভাল পাওঁ ৷
ভাল পোৱা যদি হ'ল হেতেন
আন্তঃৰাষ্ট্ৰীয়
গোলকীয়
অথবা -
ব্ৰহ্মাণ্ডিয়
নহ'ল হেতেন
যুদ্ধ-বিগ্ৰহ ৷
ভালপোৱা মানে যে
আত্মকেন্দ্ৰিকতা
আত্মাৰ স'তে সম্বন্ধ
ভাল পোৱাৰ ৷
য'ৰ পৰা সৃষ্টি হয়
আত্মীয়তা ৷
বেয়া পোৱাৰ পৰিণাম
শত্ৰুতা ৷
ভাল পাবলৈ নিশিকিবা
নিজকো
 বেয়া নাপালে আনক
ভাল পাব পাৰি নে নিজক?
শেষ হক পৃথিৱীৰ যত
ভালপোৱা
য'ত নাথাকিব
বৈপৰিত্য -
বেয়াপোৱাৰ ৷৷

   - বিনয়  শেষ জুন ২০১৭

Comments

Popular posts from this blog

মই সোৱণশিৰিয়ে কৈছোঁ

Udar Axomiya ( উদাৰ অসমীয়া)