নৈ খনক মুকলি কৰি দে:
( ৰঙানৈৰ বানকবলিত সকলৰ হাতত)

কিতাপবোৰ উটি গ'ল অ' মা ৷
মাৰ্কশ্বিট বোৰ
চাৰ্টিফিকেট বোৰ
জ্যামিতিৰ বাকচ
হ'মৱৰ্ক কৰি থৈছিলো হে
বহী খনো লৈ গ'ল
ভাইটিৰ
পুতলা থকা পেন্সিল বক্স
স্কুলৰ বেগ
পানীৰ বটল
সকলো লৈ গ'ল
নৈ খনে ৷
কি পঢ়িম অ' মা?
শৰ্মা চাৰে যে
হমৱৰ্ক নেদেখুৱালে
বৰ লাজ দিয়ে
নৈ খনে বাৰু নাজানিলে নেকি?

দুপৰ নিশা হে আহিবলৈ পালে নে তাই
ইমান মনে মনে অথচ
বিনা অনুমতিত
ঘৰত সোমাই লৈ গ'ল সকলো ৷
তাই নিলাজী নে অবাধ্য অ' মা?
শুনিছো তাইৰ আহিবলৈ মন নাছিল
পঠিয়াই দিলে সিহঁতে বল কৰি ৷
তাই শক্তিশালী যদিও
অবাধ্য নাছিল হেনো
বান্ধি থৈছিল সিহঁতে
তাইৰ বল দেখি মেলি দিলে
আৰু দেডাউৰি পাৰি তাই
পিতপিতাই ফুৰিবলৈ আহিল
নগৰ চহৰ
আনকি
সাৰি নগ'ল আমাৰ ঘৰ ৷
মা
তইচোন কৈছিলি
"নৈৰ সমান ব'ব কোন
আইৰ সমান হ'ব কোন"
তাই চাগে পাহৰিলে
ক্ষোভত,  খঙত
আৰু সমান কৰি থৈ গ'ল
সকলোৰে গৰ্ব ৷
মথাউৰিত শিৱিৰ পাতি
আমি একে লগে আছো
শইকীয়া খুড়াৰ মাৰুতী ৮০০
আৰু বৰুৱা বৰদেউতাৰ
স্ক'ৰপিয়ই মুখামুখি কৈ কথা পাতি আছে ৷

মা' সৱেই খাইছে খিচিৰি
একেলগে ৷

মা
নৈখনক মুকলি কৰি দিবলৈ ক
নহ'লে আৰু মোৰ
স্কুল পঢ়া নহ'ব ৷

     ১৮ জুলাই ১৭,  নিশা দুপৰ

Comments

Popular posts from this blog

মই সোৱণশিৰিয়ে কৈছোঁ

Udar Axomiya ( উদাৰ অসমীয়া)