ক্লজড্ চাৰ্কিট কেমেৰা (গল্প)
-বিনয় কৃষ্ণ তামুলী ফুকন -কালি কেইবজাত অফিচলৈ গৈছিলা? -এঘাৰ বজাত। -মইতো তোমাক ন বজাতে ঘৰত এৰি গৈছিলোঁ। সদায় তুমি দহ বজাত অফিচলৈ যোৱা। কালি কিয় ইমান দেৰিকৈ গ'লা? কোনোবা আহিছিল নেকি ঘৰলৈ? অভিৰঞ্জনৰ প্ৰশ্ন কেইটাই নীলাঞ্জনাক হতাশ কৰিলে যদিও তাই উত্তৰ দি গ'ল। -নাই। গাটো খুউৱ বেয়া লাগিছিল। অফিচলৈ ওলাইয়ো বিচনাত পৰি দিলোঁ। দেৰী হৈ গ'ল। নীলাৰ উত্তৰত অভিৰঞ্জন সন্তুষ্ট হ'ল নে নহ'ল তাই নুবুজিলে। কিন্তু গা-বেয়া লগা বুলি কোৱাতো সি তাইক এবাৰলৈও নুসোধিলে "কি হৈছে তোমাৰ বুলি।" এই কথাটোৱেহে নীলাঞ্জনা মনটো বেয়া কৰি পেলালে। "নীলাঞ্জনা- অভিৰঞ্জন " সৰু চহৰ খনৰ এক আদৰ্শ যুটি। সকলোৰে দৃষ্টিত সুখী দম্পত্তি। দুয়োৰে চৰকাৰী চাকৰি। অভিৰঞ্জনৰ কৰ্মক্ষেত্ৰ ঘৰৰ পৰা প্ৰায় ত্ৰিশ কিলোমিটাৰ নিলগত। নীলাৰ চাকৰি স্থানীয় চহৰ খনতে। স্বচ্ছল জীৱন। ৯ বছৰীয়া পুত্ৰ তন্ময়কলৈ সুখৰ সংসাৰ সিহঁতৰ। তথাপিও যেন নীলাঞ্জনাৰ বুকুৰ কোনোবাএটা কোনত দুখ আছে নীলাৰ। অভিৰঞ্জনে তাইক বুজি নোপোৱাৰ দুখ। উপাৰ্জনৰ এক আহিলা আৰু শৰীৰৰ দাবী পূৰণৰ যন্ত্ৰ হে যেন তাই। তাইৰ শৰীৰ মনৰ খবৰ ল'বলৈ সময়...