হেৰুৱা জোনাক:
হেৰুৱা জোনাক : হেৰাই যোৱাৰ কথা আছিল জোনাকত হাস্নাহানা অথবা শেৱালীৰ পাহিৰে মালা গঁঠাৰ কথা আছিল কাকিনী তামোলৰ আগেৰে উজাই অহা গাভৰু জোনৰ পোহৰত বহি ৷ আওৰোৱাৰ কথা আছিল প্ৰেমৰ কবিতা ৷ দূৰৈৰ ৰাতিৰ বাঁহীত মাতত আকুল হৈ পাহৰি যোৱাৰ কথা আছিল জীৱনৰ যত দুখ ৷ জীয়াই থকাৰ গানটোত সুৰ দিয়াৰ কথা আছিল - জোনাকত বহি ৷ ৰূপোৱালী নদীখনৰ বালিয়ে বালিয়ে ভটিয়াই যোৱাৰ কথা আছিল গংগা চিলনীৰ চিঞৰ খেদি ৷ হঠাৎ জানো কোনে ঢাকি দিলে গাভৰু জোনক ক'লে কাণে কাণে -জোনাক তোৰ বাবে নহয় নাঙলৰ সীৰলুত সেউজীয়া সিঁচা মানুহ - জোনাকত গা জুৰাই নবহিবি ৰাতিৰ বাঁহী অথবা গংগা চিলনীৰ মাত খেদাৰ সপোন নেদেখিবি হাস্নাহানা অথবা শেৱালীৰ মালা - কাক পিন্ধাবি তই ? ৰ'দ, তেজ,ঘামৰ পৃথিৱীত জোনাক নানামে ৷ জোনাক পি মাতাল হোৱাৰ হেপাহটো উজাই আহিছিল হে এঠোন ক'ত জানো হেৰাই গ'ল গাভৰু জোন ৷ - বিনয়, 26/12/2016