হেৰুৱা জোনাক:

হেৰুৱা জোনাক:

হেৰাই যোৱাৰ কথা আছিল জোনাকত
হাস্নাহানা অথবা শেৱালীৰ
পাহিৰে মালা গঁঠাৰ কথা আছিল
কাকিনী তামোলৰ আগেৰে
উজাই অহা গাভৰু জোনৰ পোহৰত বহি ৷
আওৰোৱাৰ কথা আছিল
প্ৰেমৰ কবিতা ৷
দূৰৈৰ ৰাতিৰ বাঁহীত মাতত
আকুল হৈ
পাহৰি যোৱাৰ কথা আছিল
জীৱনৰ যত দুখ ৷
জীয়াই থকাৰ গানটোত
সুৰ দিয়াৰ কথা আছিল -
জোনাকত বহি ৷
ৰূপোৱালী নদীখনৰ বালিয়ে বালিয়ে
ভটিয়াই যোৱাৰ কথা আছিল
গংগা চিলনীৰ চিঞৰ খেদি ৷

হঠাৎ জানো কোনে ঢাকি দিলে
গাভৰু জোনক
ক'লে কাণে কাণে
-জোনাক তোৰ বাবে নহয়
নাঙলৰ সীৰলুত সেউজীয়া সিঁচা মানুহ
- জোনাকত গা জুৰাই নবহিবি
ৰাতিৰ বাঁহী অথবা গংগা চিলনীৰ মাত খেদাৰ
সপোন নেদেখিবি
হাস্নাহানা অথবা শেৱালীৰ মালা
- কাক পিন্ধাবি তই ?
ৰ'দ, তেজ,ঘামৰ পৃথিৱীত
জোনাক নানামে ৷

জোনাক পি মাতাল হোৱাৰ
হেপাহটো উজাই আহিছিল হে এঠোন
ক'ত জানো হেৰাই গ'ল
গাভৰু জোন ৷
  - বিনয়, 26/12/2016

Comments

Popular posts from this blog

মই সোৱণশিৰিয়ে কৈছোঁ

Udar Axomiya ( উদাৰ অসমীয়া)