Posts

সোঁৱৰণীৰ এখিলা পাতঃ সত্তৰ দশকত মোৰ জন্ম।  ইতিমেধ্য জীৱনৰ চাৰিটা দশক পাৰ কৰিলো। আজি 2016 চনৰ শেষটো দিন। এবাৰ ঘূৰি চাবলৈ মন গৈছে পাৰ হৈ যোৱা সময় বোৰ। মনত পৰিছে শৈশৱৰ সেই সোনোৱালী দিনবোৰলৈ।লখিমপুৰ জিলাৰ এখন ভিতৰুৱা গাঁও- অহোম গাঁৱত মোৰ জন্ম। শুনামতে সেই সময়ত দেউতাই তেতিয়াৰ বৰ অসমৰে মেঘালয়ৰ গাৰু পাহাৰত আছিল চাকৰি সূত্ৰে। মা-নিজৰ ঘৰত অছিল প্ৰসৱকালিন অৱস্থাৰ বাবে। তাতেই এনাইদেও মুক্তি যুদ্ধা স্বৰ্ণপ্ৰভা ফুকনৰ তত্বাবধানত মোৰ জন্ম। মোৰ কেঁচুৱাকালটো গাৰু পাহাৰত পাৰ হৈছিল যদিও সেই বিষয়ে মোৰ একো মনত নাই। মনত আছে কেৱল আহোম গাঁৱৰ কথা। আহোম গাঁও খন পুৰণি গাঁও। গাঁৱৰ পিছফালে গেজেপ মৰা হাবি। জাক জাক বান্দৰ, বিভিন্ন প্ৰজাতিৰ চৰাই, তৰহ তৰহ বনৰীয়া ফল-মূলৰেৰে ভৰপুৰ।গাঁৱৰ জনবসতি সেৰেঙা। মুঠেই 18 ঘৰমান মানুহ। সৱ অহোম সম্প্ৰদায়ৰ। এনাইদেওৰ লগত  আহোম সম্প্ৰদায়ৰ অপৰিহাৰ্য পানীয় সাজ প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় পিঠা তৈয়াৰ কৰিবৰ বাবে বন-দৰৱ সংগ্ৰহ কৰিবলৈ হাবিলৈ গৈ চিনাকি হৈছিলো নানা উদ্ভিদ, প্ৰাণীৰ সতে।এইবোৰ আছিল আৰম্ভনী। ভাবিছো আজি 2016 চনৰ শেষ দিনটোৰ পৰাই আৰম্ভ কৰোঁ লুটিয়াবলৈ মোৰ জীৱন সোঁৱৰণৰ পৃষ্ঠা।         ব
Image
এটা হালধীয়া যাত্ৰাৰ অন্তত সমুখত মোৰ এসাগৰ হালধীয়া সৰিসৃপৰ দৰে এঁকা-বেঁকা পথটোৰ শেষত পামগৈ নে তোৰ বুকুৰ ঘৰ ? চাংঘৰৰ 'মৗৰাম'ৰ উম লৈ পিবলৈ দিবিনে এবাটি হালধীয়া "আপং" যি আপঙৰ ৰাগীত মাতাল হ'লে বুকুলৈ নামি আহে আকাশ ভাঙি জোনাক ৷ কাংকান অ' তোৰ "এগে গাচৰ"ত সৰিয়হ তলিৰ হালধীয়া ফুলিছে "নামচিঙ"ৰ ফুৰফুৰীয়া গোন্ধে মোক হাত বাউলি মাতিছে হালধীয়াৰ সাগৰ খনত উজাই মই গৈ আছো গৰখীয়া অইনিঃতমৰ সুৰে সুৰে কুমতীয়া ঘাটৰ বিৰহী কনেঙৰ হিঁয়া ভগা 'কাবান'ৰ ভাঙনি বিচাৰি সমুখৰ এই পথৰ শেষৰ চাং ঘৰটো পালেই মই পাহৰি পেলাম যাত্ৰাৰ যত  ক্লান্তি কনেং অ' বৰ হেঁপাহেৰে মই উজাই গৈ আছো এখন হাধীয়া সাগৰ সাঁতুৰি সাঁতুৰি ৷ ( ফটো - পৰশমণি হাজৰিকা ৰ সৌজন্যত)
Image
ফুলা সৰিয়হঃ ফুলা সৰিয়হ দেখি মাতাল নহ'বি অ' কবি গায়ে-মূৰে হালধীয়া ঘঁহি মাতাল নহ'বি হালধীয়া ৰাগীত ৷ যোৱাটো বানত উটি গ'ল ধান নৈৰ ঘোলাপানী খাই হালধীয়া ৰোগত ঢুকাল পিতাই ৷ হালধীয়াৰ প্ৰেমত পৰিবলৈ আমি সৰিয়হ নিসিঁছো ৰিঃবৃগাচেঙত হালধীয়া বুটা বাচিলেও হালধীয়াৰে সজাব নোখোজো জীৱন জোনাকোতো হালধীয়া যি জোনাকী ৰাতি কাতৰ হয় কুমুদৰ কৰুণ চিফুঙত কাংকানৰ বুকুত নোপোৱাৰ জুই জ্বলে সেই জোনাক ৰাতি ৷ হালধীয়াৰ প্ৰেমত পাগল নহ'বি অ' কবি পকা পাতো চোন হালধীয়া যি সৰিপৰে বৰ নিৰৱে ৷ - বিনয় 29/12/2016

গীত

Image
গীতঃ জয়মতী বিনয় কৃষ্ণ তামুলী ফুকন জয় সাগৰৰ জয় দেউলে কিয় আজি সোঁৱৰাই জয়া কেৱল জানো সতীয়েই আছিল যি ৰাখিলে দেশৰ মান বুকুৰ তেজৰ শলিতা জ্বলাই জয়মতী জয়মতী তই নহৱ কেৱল মহাসতী তই দেশৰ বাবে তই জাতিৰ বাবে নিজকে বিসৰ্জিলি তই বীৰাংগনা জয়মতী ৷ পুৰুষ প্ৰধান সমাজে তোক সজাব খুজিলে সতী কোনে লিখিছিল ধৰ্মপুথি নাৰীক কৰি অৱলা সতী তই নহৱ সতী বীৰাংগানা হে মহীয়সী জয়মতী ৷ লাইথেপেনাৰ তই জীয়ৰী গদাধৰৰ জীৱন লগৰী লাই-লেচাইক বুকুত সাৱটি ৰাখিলি নিজৰ দেশ- জাতি ৰাঙলি কৰিলি জেৰেঙাৰ মাটি তথাপি সজাব খোজে কোনে তোক মহাসতী, বীৰাংগনা তই মহীয়সী জয়মতী ৷ আজি বুৰঞ্জী আমি আকৌ লিখিম জয়মতী তোক তেজেৰে আঁকিম ৰাখি গ'লি দেশৰে মান বীৰাংগনা তোক দিওঁ সন্মান ৷ বঙহৰ দেওৰ বাবে তই দিছিলি জানো প্ৰাণ নাছিল জানো তাত স্বজাতিৰ সন্মান? চুড়াত দাগেৰে লিখা ৰ'ল ইতিহাস কাঁইটিয়া কোটকোৰাৰ জোঙাল হুলত ওঠৰ দিনৰ নিৰ্যাতনক কোন পুৰুষ সমাজে কৰে উপহাস? ? তই নহৱ সতী জয়মতী তই তেজে লিখা বিপ্লৱৰ ইতিহাস তই বীৰাংগনা তই মহীয়সী ৰাখি গ'লি দেশ জাতি বীৰাংগনা জয়মতী জনাও প্ৰণাম হিঁয়াৰ বিনয় 28/12/20

Tai Ahom ( আহোম এটা নিশঃকতিয়া জাতিৰ নাম?)

Image
আহোম এটা নিঃশকতিয়া জাতিৰ নাম দেওধাই, বাইলুঙে ধৰম পক্ষীৰ ঠেঙেৰে চোৱা মঙলৰ আঁতধৰি সোণৰ জখলা বগাই  সৰগৰ পৰা নামি আহিছিল স্বৰ্গদেও আলিংগনেৰে, দমনেৰে, মৰেমেৰে, সন্ধিৰে, বুদ্ধিৰে সাতৰাজ মাৰি গঢ়িছিল একৰাজ ৷ গঢ়িছিল দেশ, খান্দিছিল মাটি সাজিছিল গড় দৌল, কাৰেং, সাগৰ… কঁপিছিল দিল্লীৰ মচনদ সাৰি নগৈছিল নিষ্কৰ্মা মোমাই ধোদেও গঢ়িছিল আলি ৷ কাৰ সাধ্য আছিল স্বৰ্গদেওক অপমান কৰে কাৰ ধৃষ্টতা আছিল দ্ৰোহ আচাৰে কাৰ কলিজা আছিল ওখ শিৰে প্ৰৱেশিৱ বৰ চ'ৰাত? এইবোৰ ইতিহাসৰ পাত বুটলা কথা আহোম আজি এটা নিঃশকতিয়া জাতিৰ নাম ৷ মামৰে ধৰিল আজি মোমাই কটা হেংদান সাগৰ শুকাল মাণিক লুকাল শিৰ তুলি থিয় দি থকা কাৰেঙত লেতেৰা ৰাজনীতিৰ পদচিহ্নই খৰ্ব কৰি থৈ গ'ল সাতাম পুৰুষিয়া গৰ্ব ৷ আহোম আজি এটা নিঃশকতিয়া জাতিৰ নাম কোনে আকৌ শান দিব মামৰে ধৰা হেংদান? আছ নে হেৰ' দাধৰা কাঁড়ি, পাইক, দাংধৰা, চাবুকধৰা? বৰগোঁহাই, বুঢ়াগোঁহাই, বৰপাত্ৰ গোঁহাই গগৈ,হাজৰিকা, শইকীয়া ভাগে ভাগে মান খোৱা ৷ মৈদামৰ পৰা স্বৰ্গদেও ওলাই আহিছে তহঁতৰ সাহ-পিত দেখি নিজকে ধিক্কাৰ দিছে সৰগৰ পুলিন-পুথাও সকলে
প্ৰসংগঃ দেচুৱালী- গেলামাল আগৰ দিনত অসমৰ প্ৰায়বোৰ গাঁৱতে একোখন সৰু সৰু নিমখ-তেল, আলু-পিঁয়াজৰ, লেমৰ চিম্নি আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান আছিল ৷ কোনো কোনো দোকানীয়ে অসমবাসী গঞাৰ দূৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি কানিৰ দৰে বৰবিহো বেচিছিল এনে দোকানত ৷ এই ব্যৱসায়ী সকল আছিল বহিৰাগত ৷ হয় মাৰোৱাৰী নহয় বিহাৰী ৷ কাঁয় কাঁয় কৰি থকাৰ বাবে মাৰোৱাৰী সকলক অসমীয়া গঞাই "কেঞা" আৰু মাৰোৱাৰীৰ দোকান সমূহক "কেঞা গোলা" বুলিছিল ৷ এই "গোলা" শব্দৰ পৰাই "গোলাৰ মাল" আৰু পিচলৈ "গেলামাল" শব্দৰ উৎপত্তি ৷ সেইদৰে বিহাৰী সম্প্ৰদায়ৰ ব্যৱসায়ী সকলে বছৰটোত গোটোৱা টকা বছৰৰ একোবাৰ নিজৰ দেশ ( বিহাৰ)ত থ'বলৈ "দেচ"লৈ গৈছিল ৷ সেইবাবে অসমীয়াই এই বিহাৰী সকলক দেশ+ৱালী= দেচুৱালী বুলিছিল ৷    কথা হ'ল এই বহিৰাগত ব্যৱসায়ী সকলে যুগ যুগ ধৰি অসমক ব্যৱসায়ৰ ক্ষেত্ৰ হিচাপেহে ব্যৱহাৰ কৰি আহিছে ৷ সেইদৰে ঋতু ভেদে অহা লেপ-তুলি সীয়া, কাঠ ফলা কামৰ বাবে অহা বিহাৰ- উত্তৰ প্ৰদেশৰ মানুহবোৰ, স্থায়ী কৈ থকা নাপিত, ধোবা আদি মানুহবোৰৰ প্ৰধান উদ্দেশ্য 'দেচ'ত থকা পৰিয়াললৈ ধন পঠিওৱা ৷
কবিতা বিষয়ক অনুভৱ : কবিতা কিমান ধুনীয়া হ'লে তোৰ শৰীৰ লাহি-পাহী, দীৰ্ঘদেহী নে মেদ বহুল হ'লে তোক কবিতা বুলি মাতিব পাৰি ভবা নাই কোনোদিন ৷ কি শব্দৰে সজালে তই অকবিতা নহ'বি কেনেকৈ সজাম তোৰ অস্পৰ্শীত শৰীৰ ভবানাই কোনো দিন ৷ তোক কোনে সজালে তই কবিতা হ'ৱ কোনে পিন্ধালে হ'ৱ অকবিতা আছে নেকি কিবা সংজ্ঞা সূত্ৰ অথবা আৰ্য্যা? কবিতা তোক নাঙঠ কৰি পৰীক্ষাগাত চাব খোজানাই ৰঞ্জন ৰস্মিৰে তোলা হাড়ৰ ছবি ৷ চাব খোজা নাই আধুনিক যন্ত্ৰৰে তোৰ শৰীৰৰ গোপন অংগ কবিতা তই মোৰ বাবে ভৰযৌৱনা নৈ খন হৈ বৈ থাক অনুভৱৰ উপত্যকা সামৰি গনিব খোজা নাই কিমান কবি কিমান অকবিয়ে মাতালল হৈ টুকুৰিয়াই তোৰ "কোঠা"ৰ দুৱাৰ বেয়া নেপাবি অ' কবিতা কবি- অকবি সকলোবোৰতো তোৰেই আজন্ম প্ৰেমিক যি কেৱল বুজে কেনেকৈ পান কৰিব পাৰি হেৰাই যাব পাৰি তোৰ দেহৰ ভূগোলত ৷ মই কবি নে অকবি নাজানো তথাপিও ভালপাও তোক মাতাল হ'ব খোজো তোৰ হাতৰ এবাটি আপং পি কোনোবা সোৱণশিৰীয়া ৰাতি ৷ " কবিতা আজিও যাম ৰাতি বহলাই পাৰিবি পাটীী ৷"   বিঃ দ্ৰঃ - হীৰুদালৈ ক্ষমা প্ৰাৰ্থনাৰে      - বিনয় 26/22/2016