সোঁৱৰণীৰ এখিলা পাতঃ

সত্তৰ দশকত মোৰ জন্ম।  ইতিমেধ্য জীৱনৰ চাৰিটা দশক পাৰ কৰিলো। আজি 2016 চনৰ শেষটো দিন। এবাৰ ঘূৰি চাবলৈ মন গৈছে পাৰ হৈ যোৱা সময় বোৰ। মনত পৰিছে শৈশৱৰ সেই সোনোৱালী দিনবোৰলৈ।লখিমপুৰ জিলাৰ এখন ভিতৰুৱা গাঁও- অহোম গাঁৱত মোৰ জন্ম। শুনামতে সেই সময়ত দেউতাই তেতিয়াৰ বৰ অসমৰে মেঘালয়ৰ গাৰু পাহাৰত আছিল চাকৰি সূত্ৰে। মা-নিজৰ ঘৰত অছিল প্ৰসৱকালিন অৱস্থাৰ বাবে। তাতেই এনাইদেও মুক্তি যুদ্ধা স্বৰ্ণপ্ৰভা ফুকনৰ তত্বাবধানত মোৰ জন্ম। মোৰ কেঁচুৱাকালটো গাৰু পাহাৰত পাৰ হৈছিল যদিও সেই বিষয়ে মোৰ একো মনত নাই। মনত আছে কেৱল আহোম গাঁৱৰ কথা। আহোম গাঁও খন পুৰণি গাঁও। গাঁৱৰ পিছফালে গেজেপ মৰা হাবি। জাক জাক বান্দৰ, বিভিন্ন প্ৰজাতিৰ চৰাই, তৰহ তৰহ বনৰীয়া ফল-মূলৰেৰে ভৰপুৰ।গাঁৱৰ জনবসতি সেৰেঙা। মুঠেই 18 ঘৰমান মানুহ। সৱ অহোম সম্প্ৰদায়ৰ। এনাইদেওৰ লগত  আহোম সম্প্ৰদায়ৰ অপৰিহাৰ্য পানীয় সাজ প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় পিঠা তৈয়াৰ কৰিবৰ বাবে বন-দৰৱ সংগ্ৰহ কৰিবলৈ হাবিলৈ গৈ চিনাকি হৈছিলো নানা উদ্ভিদ, প্ৰাণীৰ সতে।এইবোৰ আছিল আৰম্ভনী। ভাবিছো আজি 2016 চনৰ শেষ দিনটোৰ পৰাই আৰম্ভ কৰোঁ লুটিয়াবলৈ মোৰ জীৱন সোঁৱৰণৰ পৃষ্ঠা।
        বিগত চাৰিটা দশতক বহু কিবাকিবি দেখিলো, শুনিলো, পৰিবিৰ্তত পৃথিৱীখনৰ ক্ৰমাগত পৰিবৰ্তন বোৰ লিখি থৈ গ'লে ভবিষ্যতে নাতি-নাতিনী হঁতে গম পাব আমাৰ দিনৰ পৃথিৱীখনৰ কথা।
    কি দেখিলো/শুনিলোঃ-
      জীৱনৰ প্ৰথম দশকটোত অৰ্থাৎ কৈশোৰৰ মনত ৰাখিব পৰা সময়ৰ পৰা নিৰ্মল প্ৰকৃতি দেখিলো, ধূলি-বালি, বোকা-পানীৰ সতে জীৱনৰ কি সম্পৰ্ক সেয়া  দেখিলো,গাঁও কি দেখিলো, আত্মীয়তা কি দেখিলো-বুজিলো, নাম ঘৰ, দবা, খোল-তাল, বায়ন, বিলাপ, প্ৰাণেশ্বৰী খেদা দেখিলো,ভাওনা-সবাহ, বিয়ানাম-আইনাম, আখৈ, সান্দহ, কোমল চাউল, ভজা চাউল, হুৰুম, তিল পিঠা, ঘিলা পিঠা, পানী পিঠা, নাঙল ধোৱা পিঠা, চিৰা, মুড়ি, এঁৱা, দৈ, পায়স দেখিলো। কুলা-বুঢ়ী নাচ, গাঠিয়ন খুণ্ডা, পানী-তোলা চেও, ওজা চাপৰ, ফৰিঙা, বৰটি, নাকটি দেখিলো। নৰা পেঁপা, ম'হৰ শিঙৰ পেঁপা, চিকটি, গৰপ, গগনা, সুতুলী, টকা , বাঁহী, মুৰুলী, খুটি তাল  কৰ তাল, ৰেপনী, বীনা, টোকাৰী দেখিলো, নোঁৱাই তোলনী বিয়াৰ কলপুলি দৰা দেখিলো, কলপাতৰ ৰভা দেখিলো, বৰ বিয়াৰ নাহৰ পাতৰ অদৰণি তোৰণ দেখিলো। লাহে লাহে বিদেশী খেদা আন্দোলন দেখিলো,চিঞাহি কা়ঁড়, কটপা, বাতলু গুটি দেখিলো, জাক পাতি গঞাই গাঁও পহৰা দিয়া দেখিলো, হাবিত লুকাই থকাৰ কথা শুনিলো, নিমখৰ নাটনি দেখিলো, বগা বৰফৰ দৰে চপৰা নিমখ দেখিলো   কোন বিদেশী খেদিলে নেদেখিলো, চি আৰ পি এফ দেখিলো, ঘৰ-দলং জ্বলা দেখিলো, অগপ চৰকাৰ দেখিলো, অসমীয়া মানুহ ঘূণীয়া হোৱা দেখিলো,855জন ছহীদ হোৱা কথা শুনিলো, প্ৰফুল্ল মহন্ত, ভৃগু ফুকন হঁতক চাবলৈ অহা অগনন জনতা দেখিলো। সূৰ্য গ্ৰহণত গোটেই দিনেটা ঘৰত মানুহ সোমাই থকা দেখিলো। বজৰংগ ৰাইন দেখিলো, আলফা দেখিলো, চালফা দেখিলো, 407গাড়ী দেখিলো, একে 47 ৰাইফল দেখিলো, পি চি অ' দেখিলো,মাৰ ফোন,ডব্লিউ এল এল, এণ্ডৰইড ফোন দেখিলো।............বিমুদ্ৰা কৰণ দেখিছো.......ৰঙালাইটৰ দূৰন্ত গতিৰ গাড়ী দেখিছো, এলুমুনিয়ামৰ থালি লৈ শামুকীয়া গতিৰে ফুট পাথত বগাই যোৱা জীৱন দেখিছো...... এনেবোৰ বহু ঘটনা পৰিঘটনাৰ সাক্ষী মোৰ এই 40 বছৰীয়া জীৱন।
  জীৱনী বৰ বৰ লোকে লিখে।  মই সাধাৰণ মানুহ। এই দেখা শুনা সৰু সৰু কথা, অভি়জ্ঞতা বোৰ সাৱলীল আৰু বিস্তাৰিত ভাৱে লিখি থৈ যাম  বুলি ভাবিছো। জীৱনৰ কথা, প্ৰেমৰ কথা, সমস্ত ৷ সৰু কথা। কেনে হব??

বিনয়/31 ডিচেম্বৰ 2016

Comments

Popular posts from this blog

Udar Axomiya ( উদাৰ অসমীয়া)

বালিয়ে পোতা এখন গাঁৱৰ কথা। - বিনয় কৃষ্ণ তামুলী ফুকন "গেৰমে" ভূচিত্ৰাৱলীত নথকা এখন সৰু নৈ। নৈ বুলি ক'বলৈ বেয়াই লাগে। খৰালি কালত সাপৰ নেগুৰ যেন। কিছু সময়ত পানী নাথাকেই। পানী নথকা সময়ত পাৰৰ গঞাই নৈৰ বুকুত গাঁত খান্দি খোৱা পানী, গা পখলা পানী মানে দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় পানী সংগ্ৰহ কৰে। নৈ খনৰ অৱস্থিতি অসম অৰুণাচল প্ৰদেশৰ ধেমাজি জিলা সীমান্তৱৰ্তী নলবাৰী গাঁও পঞ্চায়ত। নৈ খনৰ সংগম হৈছে গোগামুখৰ পৰা প্ৰায় ৪ কিলোমিটাৰ পূৱে বৈ থকা "ন-নদী" স'তে । কিন্তু বাৰিষাৰ কালছোৱাত নৈ খন অবাধ্য হয়। সাপৰ নেগুৰ যেন নৈ খনে কাল মূৰ্তি ধৰে। অৰুণাচলৰ পাহাৰত বৰষুণ দিলেই গেৰমে নৈ খন বিস্তাৰিত হয়। পাহাৰত গছ গছনি কাটি তহিলং কৰাৰ ফলত বালি আৰু বালি কঢ়িয়াই আনে গৰমেই । ফল ভোগে নামনিৰ গাঁও বোৰে। তেনে এখন গাঁৱৰ নাম ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ নলবাৰী পঞ্চায়তৰ মানিকপুৰ গাঁও। বড়ো জনগোষ্ঠীৰ লোকৰ বসতি এই গাওঁ খনৰ অৱস্থা এতিয়া তথৈবচ। গাঁও খন চাবলৈ গৈ দেখিলো ঘৰবোৰ পোত গ'ল। বড়ো জনগোষ্ঠীয়ে চাং ঘৰ নাসাজে যদিও বানৰ পৰা বাচিবলৈ চাং ঘৰ সাজিছে। সেই চাং ঘৰবোৰো গেৰমেৰে নৈৰ বালিয়ে পোতি মাটিৰ ঘৰ যেন কৰিছে। মোৰ পৰিদৰ্শন কালত কেইজনমান বড়ো ডেকাই নাৱেৰে মূল পথত উঠিছে। গাঁও খন মই ২০০০ চনৰ পৰা দেখিছোঁ। তেতিয়া বালিয়ে পোতা পথাৰবোৰ শালিতলি আছিল। হঠাৎ এই বিপৰ্যয়ৰ কাৰণ গছ তহিলং কৰা। ঘৰে ঘৰে পৰ্টেল খুলি দায়বদ্ধতাৰ পৰিচয় দিয়া সকলে এইবোৰ ঢুকি পোৱাগৈ নাই। সেয়েহে সমস্যাটো মোৰ ফালৰ পৰাই উপস্থাপন কৰিলোঁ। মাণিকপুৰে বালিৰ তলতে কঁকবকাই থাকিব নে!?