Tai Ahom ( আহোম এটা নিশঃকতিয়া জাতিৰ নাম?)

আহোম এটা নিঃশকতিয়া জাতিৰ নাম

দেওধাই, বাইলুঙে
ধৰম পক্ষীৰ ঠেঙেৰে চোৱা মঙলৰ আঁতধৰি
সোণৰ জখলা বগাই
 সৰগৰ পৰা নামি আহিছিল স্বৰ্গদেও
আলিংগনেৰে, দমনেৰে, মৰেমেৰে,
সন্ধিৰে, বুদ্ধিৰে
সাতৰাজ মাৰি গঢ়িছিল একৰাজ ৷
গঢ়িছিল দেশ,
খান্দিছিল মাটি
সাজিছিল গড়
দৌল, কাৰেং, সাগৰ…
কঁপিছিল দিল্লীৰ মচনদ
সাৰি নগৈছিল
নিষ্কৰ্মা মোমাই
ধোদেও গঢ়িছিল আলি ৷

কাৰ সাধ্য আছিল
স্বৰ্গদেওক অপমান কৰে
কাৰ ধৃষ্টতা আছিল
দ্ৰোহ আচাৰে
কাৰ কলিজা আছিল
ওখ শিৰে প্ৰৱেশিৱ
বৰ চ'ৰাত?

এইবোৰ ইতিহাসৰ পাত বুটলা কথা
আহোম আজি এটা
নিঃশকতিয়া জাতিৰ নাম ৷
মামৰে ধৰিল আজি
মোমাই কটা হেংদান

সাগৰ শুকাল
মাণিক লুকাল

শিৰ তুলি থিয় দি থকা কাৰেঙত
লেতেৰা ৰাজনীতিৰ পদচিহ্নই
খৰ্ব কৰি থৈ গ'ল
সাতাম পুৰুষিয়া গৰ্ব ৷

আহোম আজি এটা
নিঃশকতিয়া জাতিৰ নাম
কোনে আকৌ শান দিব
মামৰে ধৰা হেংদান?
আছ নে হেৰ' দাধৰা
কাঁড়ি, পাইক, দাংধৰা, চাবুকধৰা?
বৰগোঁহাই, বুঢ়াগোঁহাই, বৰপাত্ৰ গোঁহাই
গগৈ,হাজৰিকা, শইকীয়া
ভাগে ভাগে মান খোৱা ৷

মৈদামৰ পৰা স্বৰ্গদেও ওলাই আহিছে
তহঁতৰ সাহ-পিত দেখি
নিজকে ধিক্কাৰ দিছে
সৰগৰ পুলিন-পুথাও সকলে
হতাশাৰ হুমুনিয়াহ কাঢ়িছে ৷
শানিত হেংদান লৈ ওলাই আহ এবাৰ
কাৰেঙত যখিনী নাচিছে ৷
কাৰেঙৰ ইটা খহি পৰিবলৈ নিদিবি
লেতেৰা ৰাজনীতিৰ মলিন ভৰিৰৰ
গিৰিপনিত ৷

বুজাইদে আহোম এক শক্তিৰ নাম
দোঁ নোখোৱা
অথচ
কটা যাব পৰা এটা
সুউচ্চ শিৰৰ নাম ৷
     - আজিৰ অসমৰ আহোম জ্ঞাতি ভাইৰ হাতত ৷ ২৮ ডিচেম্বৰ ২০১৬

Comments

Popular posts from this blog

মই সোৱণশিৰিয়ে কৈছোঁ

Udar Axomiya ( উদাৰ অসমীয়া)