Posts

Bonde ma taran ( বন্দে মা তৰম)

Image
বন্দে মাতৰম বন্দে মাতৰম বুলি কেনেকৈ বন্দো অ' আই পাহৰিয়েই পালালোচোন বন্দনা বঞ্চনাৰ কেকোঁৰা চেঁপাত ৷ আই পূৰ্বাচলত মোৰ ঘৰ ইয়াত প্ৰহৰীয়াৰ সহস্ত্ৰ বেষ্টনিত বন্দী স্বাধীনতা অথবা গণতন্ত্ৰ নিঃচিদ্ৰ পহৰা আৰু তালাচিৰ মাজত চলে গণতন্ত্ৰ অথবা স্বাধীনতাৰ সন্ধান স্থবিৰ হৈ যায় সকলো আতংকৰ গ্ৰস্ত প্ৰজাবোৰ সোমাই থাকে ৰূদ্ধ দ্বাৰে ৷ কেৱল ৰজাঘৰীয়াই গাই দেশ বন্দনা ত্ৰিৰংগৰ তলত ৷ কোন স'তে বন্দো বন্দে মাতৰম আমি যে অনাথৰ দৰে যাপন কৰো জীৱন প্ৰতিটো প্ৰাপ্যৰ বাবে সংগ্ৰাম আৰু নিবিচৰা বোৰ জাপি দিয়াৰ বাবে প্ৰতিবাদ কৰি কৰি হেৰাই যাব খোজিছে দেশ বন্দনাৰ গান ৷ কাৰণ- আমি যে বাস কৰোঁ পূৰ্বাচলত ইয়াত প্ৰতিবাদ হয় স্বাধীনতা আৰু গণতন্ত্ৰৰ অৰণ্য খনৰ সিপাৰৰ পৰা কৈ যায় সকিয়াই ভুৱা এই স্বাধীনতা ভুৱা এই গণতন্ত্ৰ ৷ কাৰ কথা পতিয়াবি আই আমি মাথো জানো পেটৰ দায়াৰ যাতনা কিমান অপ্ৰাপ্তিৰ বেদনা কিমান ৷ কি দৰে বন্দো বন্দেমাতৰম! ! নোপোৱাৰ আৰ্তনাদ কৰি কৰি বেসুৰা গৈ গ'ল  কণ্ঠ কি দৰে আওঁৰাও স্বাধীনতা অথবা গণতন্ত্ৰৰ মন্ত্ৰ???

Shikira ahibo bokul lolor bihuloi ( ছাকিৰা আহিব)

Image
ছাকিৰা আহিব বকুল তললৈ ছাকিৰা, তই বকুল তললৈ আহিবি বিয়পি পৰিছল খবৰ বনজুইৰ দৰে ইখন সিখন সাতো খন গাঁও ৷ তই আহিবি বুলি আয়ে ভাজিছিল বৰাধান হুৰুম জেতুকা বুলাইছিল গাঁৱৰ গাভৰু জাকে তোৰ স'তে এপাক কঁকাল ভাঙি নচাৰ হেঁপাহত ৷ ধোঁৱা চাঙত তুলি থোৱা ঢোলৰ খোলাটো দি আহিছিল মুচিয়াৰক ৰং মন ককাইদেৱে ন-চাওনি চোৱাবলৈ ওজা ঢোলৰ ৷ বতাহে বতাহে বিয়পিছিল খবৰ ছাকিৰা আহিব ছাকিৰা আহিব বকুল তলৰ বিহুলৈ ৷ গাঁৱৰ ডেকা জুমে চিকুনাই বকুলৰ তল পাৰিছিল দলিচা তোৰ বাবে ৷ ছাকিৰা বকুল তলতচোন কোনোবা বহিৰাগতই তৰিছে তম্বু দেখুৱাবলৈ- অৰ্থ গৰ্বৰ যাদু খেলাা ৷৷ কলৈ আহিবি ছাকিৰা? ক'ত নাচিবি বিহু কঁকাল ঘূৰাই?? সেই বুলিয়ে তই ককাইদেউক কিয় লগাই দিলি সিহঁতৰ কথা তেওঁ যে বৰ খঙাল স্বাধীনতাৰ সূৰ্য বিচাৰি যোৱা ককাইদেও জনৰ যদি খং উঠে আৰু জ্বলাই দিয়ে বকুল তলৰ বহিৰাগতৰ তামিঘৰা লেৰেলি নাযাবনে তাৰ তাৰ তাপত আমাৰ হেঁপাহৰ বকুল ৷ ছাকিৰা তইতো দেখানাই লক্ষীপথাৰৰ আৰ্তনাদ পোৱা নাই চৰাইপুঙৰ বাতৰি তোৰ ককাইদেউক বিচাৰি যদি আকৌ আহে সিহঁত সাৰ পাই চিঞৰিব এবাৰ ভনীমাইৰ আত্মাই আকৌ ছাকিৰা অ' নেলাগে মাত
Image
ফাগুন বিষাদৰ নাম  যদিও পলাশ শিমলুৰ ফুলৰ ৰং মোৰ প্ৰিয় প্ৰিয় নহয় মায়াৱী ফাগুন ধূলিৰে ধূসৰ ফাগুনী পচোৱাই ওখ শিমলুৰ পাহি নোৱাৰে কঁপাব সৰুৱাই কেৱল জুই ফুল ৰঙা কৰি বুকুৰ শিমলু তল ৷৷ মৌপিয়া, শালীকিৰ দেওদোপনিত সৰি পৰে পলাশ পাপৰি সৰা ফুলে ওপচাই বিষাদ চকুলো সৰাই কোনোবা উদাস কবিৰ ৷ প্ৰিয় ঋতু নহয় ফাগুন জুই ফুলে ফাগুনত উৰুৱাই শুকান ধূলি ধূসৰ কৰে সুখময় পথ আৰু বাজি থাকে জুইৰঙী বিষাদ মালিতা শোকৰ ভাটিয়ালী বুকুৰ কোনোবা কোনত ৷৷ তথাপিও প্ৰতিটো ফাগুনত বাট চাওঁ জুইৰঙা ফাগুনৰ ৰঙা জুইৰে লিখিবলে পলাশ শিমলু ৰঙী ৰঙীন কবিতা ৷
Image
কলাৰ মূল্য কাৰ বাবে শিল্পী শিল্প কাৰ বাবে? ? প্ৰতিজন মানুহৰ তেজত নিৰৱে শুই থাকে শৈল্পিক অনুভূতি মনৰ গোপনত মানুহ কলাকাৰ সেই মানুহৰ তেজতে থাকে এক অসুন্দৰ দানৱ দানৱীয় বাসনাৰ ৷ তথাপিও "কলা জীৱনৰ বাবে" য'ত নাই ধ্বংসৰ কূটিল জিঘাংসা কলা সাধনাৰ ফচল কলা সুখৰ আঁচল যি আঁচলত ধৰি আগুৱাব পাৰি সুন্দৰৰ দিগন্তলৈ বুকুৰ বকুল তলত জ্বলাব পাৰি  প্ৰশান্তিৰ শলিতা ৷ মানুহৰ বুকুত সুৰক্ষিত কলা কিয় লাগে সহস্ত্ৰ প্ৰহৰীয়া ? কলা আঁতৰত বহু যোজন - অসুন্দৰৰ বিধ্বসী বাৰুদ পৰা ৷ Gun ৰ তপত নলীয়েদি ওলাব জানো সুৰীয়া গান??
Image
মৌনতা ভাষা হেনো তিনি প্ৰকাৰ ৷ কথিত, লিখিত ৷ আৰু??? ইংগিত ৷৷ হয় বহু কথা বুজাব পাৰি চকুৰ টিপত,আঙুলিৰ থাৰত… কিন্তু  মৌনতা? মৌনতাও এক ভাষা ৷ মৌনতাই কোনো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা বহু কথা বুজাই দিব পাৰে ৷ মৌন প্ৰকাশ বৰ শক্তিশালী ৷ বৰ গভীৰ ৷ মগজুৰে নহয় ৷ বুকুৰেহে বুজিব পাৰি মৌন প্ৰকাশ ৷
Image
অহংকাৰত ওফন্দি থকা নাৰী গৰাকীব : সেওঁতাৰ ৰঙা সেন্দুৰৰ ফোঁট পিন্ধিলেও তাই বাস কৰে এখন নিজৰ পৃথিৱীত অকলশৰে ৷৷ শেতেলীত থাকিলেও নিজৰ পুৰুষ নিসিদ্ধ ভাৱনাৰে স'তে কথা পাতে তাই অবৈধ বাসনা কিছুমান বুকুত কঢ়িয়াই তাই ভাও দিয়ে সুখী হোৱাৰ ৷ ডাঙৰ কৈ আঁকে কঁপালৰ ফোঁট যাৰ আঁৰত লুকাই থাকে অপ্ৰাপ্তিৰ হুমুনিয়াহ ৷ হাঁহি হাঁহি দেখুৱাব খোজে মই সুখী পৃথক মোৰ জীৱন দৰ্শন মই সৃষ্টিশীলা লিখি যাওঁ প্ৰেম কবিতা বিয়োগান্তক নাট আৰু নিসিদ্ধ উপন্যাসিকা অহংকাৰৰ বেলুন এটা লৈ ওমলি থাকে তাই ৷ যি বেলুনত বতাহৰ সলনি সোমাই থাকে নিৰাশাৰ হুমুনিয়াহ ৷ তাই নাজানে প্ৰজন্ম সৃষ্টি কৰিব পৰাৰ বাবেই নাৰী সৃষ্টিশীলা তাই বিচাৰে চিৰ যৌৱন য'ত নাই সৃষ্টিৰ উন্মাদনা সৃষ্টিৰ জৰায়ুত নিসিঁছে তাই ভবিষ্যতৰ বীজ জানোচা হেৰাই যায় তাইৰ যৌৱনমতী দেহৰ লাৱণ্য ৷ অংকাৰত ওফন্দি থকা নাৰী গৰাকীক সোধিবৰ মন যায় বন্ধ্যা নাৰীৰ কবিতাই জানো জগাব পাৰে সম্ভাৱনাৰ উন্মেষ? ? কি লাভ লিখি প্ৰেমৰ কবিতা বিয়োগান্তক নাট আৰু নিসিদ্ধ উপন্যাসিকা?? যাৰ অনুৰ্বৰ জৰায়ুত নগজে সৃষ্টিৰ বীজ ৷৷
Image
কাৰ স'তে কথা পাতিবি?? কাৰ স'তে কথা পাতিবি?? কাৰ স'তে কথা পাতিবি অ' বন্ধু? কাৰ স'তে?? কাৰ স'তে বহিবি হৃদয় দুৱাৰ খুলি নিবিড় আলাপত?? প্ৰেমৰ কথা পাতিবলৈ শব্দই নাই কাহানিবাই বুকুখন হেঁচি থ'লো শিলুৱা অনুভূতিৰে ৷ পাতিবলৈ দৈননন্দানুনিকতাৰ কথা নায়েইচোন কোনো ইতিবাচক পুৱাৰ পৰা নিশালৈ দৌৰি ফুৰিছ কেৱল প্ৰাপ্তিৰ তাড়নাত ৷৷ কোনে শুনিব একঘেয়ামী দিনলিপিৰ নিৰস শব্দ?? কাৰ স'তে কথা পাতিবি ৰাজনীতিৰ? ৰজাইচোন পৃষ্ঠপোষক অনীতিৰ ৷ কাৰ স'তে কথা পাতিবি ধৰ্মৰ বিভেদ হে মূল শক্তি ৷ কাৰ স'তে কথা পাতিবি সমাজ নীতিৰ ব্যক্তিকেন্দ্ৰিকতাৰ খোলাত বন্দী ৷ কাৰ স'তে কথা পাতিবি স্বদেশৰ নাইচোন কাৰো স্বদেশ প্ৰীতি ৷ কাৰ স'তে বন্ধু? কাৰ স'তে? কাৰ স'তে পাতিবি অভিজ্ঞতাৰ ৰ'দেপোৰা কলিজাৰ কৰ্কশ শব্দদেৰে জীৱনৰ কথা, প্ৰাপ্তিৰ কথা, অ-প্ৰাপ্তিৰ কথা?? কাৰ স'তে কথা পাতিবি অ' বন্ধু? ? স্বদেশ-স্বজাতীৰ কথা? হাতত লৈ 'গুগুল'ৰ পৃথিৱী সকলো দৌৰিছে বিশ্বায়নৰ পিছে পিছে ৷৷ ক'বি কাক- স্বজাতীৰ প্ৰেম মানে যে নহয় মানৱতাহীনতা ৷৷ প্ৰ