ফাগুন বিষাদৰ নাম 

যদিও পলাশ শিমলুৰ ফুলৰ ৰং মোৰ প্ৰিয়
প্ৰিয় নহয় মায়াৱী ফাগুন
ধূলিৰে ধূসৰ ফাগুনী পচোৱাই
ওখ শিমলুৰ পাহি নোৱাৰে কঁপাব
সৰুৱাই কেৱল জুই ফুল
ৰঙা কৰি বুকুৰ শিমলু তল ৷৷
মৌপিয়া, শালীকিৰ দেওদোপনিত
সৰি পৰে পলাশ পাপৰি
সৰা ফুলে ওপচাই বিষাদ
চকুলো সৰাই কোনোবা
উদাস কবিৰ ৷

প্ৰিয় ঋতু নহয় ফাগুন
জুই ফুলে ফাগুনত
উৰুৱাই শুকান ধূলি
ধূসৰ কৰে সুখময় পথ
আৰু বাজি থাকে
জুইৰঙী বিষাদ মালিতা
শোকৰ ভাটিয়ালী
বুকুৰ কোনোবা কোনত ৷৷

তথাপিও প্ৰতিটো ফাগুনত
বাট চাওঁ জুইৰঙা ফাগুনৰ
ৰঙা জুইৰে
লিখিবলে পলাশ শিমলু ৰঙী
ৰঙীন কবিতা ৷

Comments

Popular posts from this blog

আত্মশ্লাঘা (কবিতা)

গণতন্ত্ৰৰ গান