"অলপ চিন্তা অগভীৰ আঁচনিয়ে শাসনক কৰে সংকৃৰ্ণ… ৷" -ভূপেন মামা ১৯৮৩ চনত মোৰ বয়স ৯ বছৰ ৷ ৮৫ ত ১১ ৷ গতিকে বিদেশী বহিস্কাৰ আন্দোলনটো ৰিণিকি ৰিণিকি আৰু অগপৰ চৰকাৰ খন, প্ৰফুল্ল মহন্ত, ভৃগু ফুকন, বৃন্দাৱন গোস্বামী, বিহাৰত নিজৰ ডিঙি ব্লেডেৰে ৰেপি আত্মহত্যা কৰা জন ( নাম মনলৈ অহা নাই) ৰাষ্ট্ৰপতি শাসন, ৰাইন' বজ্ৰাৰাংগ আদিৰ কথা স্পষ্টকৈ মনত আছে ৷ পিচলৈ গম পাইছিলো বিদেশী খেদা আন্দোলনটো বিদেশী খেদা আন্দোলন নহৈ বহিৰাগত গতৰ বিৰুদ্ধেও হৈছিল ৷ ভাৰতৰ অন্যান্য প্ৰদেশৰ পৰা অহা ধোৱা, নাপিত, মুচি, ৰিক্সা, থেলাৱালা জাতীয় সকলক খেদিবলৈ অসমীয়া ল'ৰাই এইবোৰ কামত ধৰিছিল ৷ পিছে নেচেল ৷ জাতীয়তাবাদৰ জুই ধান খেৰৰ জুইৰ দৰে জ্বলি ফুচুক কৈ নুমাই থাকিল ৷ গোগামুখত আকৌ বৰলাৰ ফালে মিচিং লোকে অসমীয়াভাষী মানুহৰ ঘৰ জ্বলাইছিল ৷ কোন বিদেশী, কোন স্বদেশী, কোন বহিৰাগত তাৰ বিচাৰ নকৰি আন্দলোনটোৱে আওবাট লৈছিল ৷ সেইবোৰ পুৰণি কথা ৷ বাংলাদেশী বিতাৰণৰ বাবে কৰা ৬ বছৰীয়া আন্দোলনটো অথলে গ'ল বুলি মোৰ বদ্ধমূল ধাৰণা ৷ ছাত্ৰ কেইজন মান ৰাতিৰ ভিতৰত নেতা হ'ল ৷ নেতা হৈ উদ্দেশ্য পাহৰিলে ৷ আমোলাতান্ত্ৰিক দেশত ফুকলিয়া