Gan bor howk ( গানবোৰ হওক)


গান বোৰ হওক 

বুটলি বুটলি  নিতুল  শব্দ
চন্দোবদ্ধতাৰে যি মালা গাঁঠা বিতোপন
যাৰ সুৰভীয়ে পূৰ্ণ কৰে
অনুভূতিৰ তপোবন
আন্ধাৰ মনৰ যি জোনাকী পৰুৱা হৈ
দেখুৱাই জোনাকৰ বাট
শুনাচোন সেই সুৱদী মাত ৷

গান জানো হয়
শালীনতাৰ পৰিধি ভঙা
এজাক ধুমুহাৰ নাম?
নামৰ বাবে গায় জানো
কোনোবাই অশ্ৰাব্য শব্দৰ মালিতা
নুমুৱাবলৈ লাজৰ শলিতা?

গানে লৈ যায়
বুকোচাত উঠাই সপ্তসুৰৰ
কোনোবা মায়াৱী পুৰিলৈ
গান নামি আহে
পুৱাৰ সোনালী ৰ'দ হৈ
উৰুৱাই লৈ যায় য'ত দুখ বাষ্পীভূত কৰি
ভাৱ সাগৰলৈ

গান হ'ব পাৰে
সংস্কাৰক,
গান হ'ব পাৰে
প্ৰেৰণা দায়ক
হ'ব পাৰে গান
বিপ্লৱৰ বাহক
গানে জোঁকাৰিব পাৰে
ক'লা পতাকা প্ৰতিবাদৰ
উৰুৱাব পাৰে শান্তিৰ নিচান
হ'ব পাৰে কোনোবা যুদ্ধাৰ
চিকমিক তৰোৱালৰ শান

হৃদয়ৰ যত অনুভূতি
শৈল্পিকতাৰ পোচাক পিন্ধাই
কামনা, বাসনা, ঘৃণা
জিঘাংক্ষাকো
প্ৰকাশিৱ পাৰে গানে
ৰাগীনিৰ নেপুৰ পিন্ধায় ৷

গানে যাদু জানে
গানে কন্দুৱাব পাৰে
নিচুকাব পাৰে গানে
মায়ময় ভাৱ সাগৰত
সাঁতুৰাৱ পাৰে
সঁচা গানে ৷

গান বোৰ গান হওক
সমাজ গঢ়াৰ মন্ত্ৰ হওক
চিৰ সুন্দৰৰ আৰাধনাৰ
স্ত্ৰোতপাঠ হওক গান
গান হওক অমাতৰ মাত
সকলো গানৰ হওক
এটা জাত - শুকুলা
য'ত নাথাকিব
আন্ধাৰ ক'লা
গান হৈ ৰওক
সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ কলা ৷
( আজিৰ দিনটোৰ অনুভৱ)

Comments

Popular posts from this blog

Udar Axomiya ( উদাৰ অসমীয়া)

বালিয়ে পোতা এখন গাঁৱৰ কথা। - বিনয় কৃষ্ণ তামুলী ফুকন "গেৰমে" ভূচিত্ৰাৱলীত নথকা এখন সৰু নৈ। নৈ বুলি ক'বলৈ বেয়াই লাগে। খৰালি কালত সাপৰ নেগুৰ যেন। কিছু সময়ত পানী নাথাকেই। পানী নথকা সময়ত পাৰৰ গঞাই নৈৰ বুকুত গাঁত খান্দি খোৱা পানী, গা পখলা পানী মানে দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় পানী সংগ্ৰহ কৰে। নৈ খনৰ অৱস্থিতি অসম অৰুণাচল প্ৰদেশৰ ধেমাজি জিলা সীমান্তৱৰ্তী নলবাৰী গাঁও পঞ্চায়ত। নৈ খনৰ সংগম হৈছে গোগামুখৰ পৰা প্ৰায় ৪ কিলোমিটাৰ পূৱে বৈ থকা "ন-নদী" স'তে । কিন্তু বাৰিষাৰ কালছোৱাত নৈ খন অবাধ্য হয়। সাপৰ নেগুৰ যেন নৈ খনে কাল মূৰ্তি ধৰে। অৰুণাচলৰ পাহাৰত বৰষুণ দিলেই গেৰমে নৈ খন বিস্তাৰিত হয়। পাহাৰত গছ গছনি কাটি তহিলং কৰাৰ ফলত বালি আৰু বালি কঢ়িয়াই আনে গৰমেই । ফল ভোগে নামনিৰ গাঁও বোৰে। তেনে এখন গাঁৱৰ নাম ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ নলবাৰী পঞ্চায়তৰ মানিকপুৰ গাঁও। বড়ো জনগোষ্ঠীৰ লোকৰ বসতি এই গাওঁ খনৰ অৱস্থা এতিয়া তথৈবচ। গাঁও খন চাবলৈ গৈ দেখিলো ঘৰবোৰ পোত গ'ল। বড়ো জনগোষ্ঠীয়ে চাং ঘৰ নাসাজে যদিও বানৰ পৰা বাচিবলৈ চাং ঘৰ সাজিছে। সেই চাং ঘৰবোৰো গেৰমেৰে নৈৰ বালিয়ে পোতি মাটিৰ ঘৰ যেন কৰিছে। মোৰ পৰিদৰ্শন কালত কেইজনমান বড়ো ডেকাই নাৱেৰে মূল পথত উঠিছে। গাঁও খন মই ২০০০ চনৰ পৰা দেখিছোঁ। তেতিয়া বালিয়ে পোতা পথাৰবোৰ শালিতলি আছিল। হঠাৎ এই বিপৰ্যয়ৰ কাৰণ গছ তহিলং কৰা। ঘৰে ঘৰে পৰ্টেল খুলি দায়বদ্ধতাৰ পৰিচয় দিয়া সকলে এইবোৰ ঢুকি পোৱাগৈ নাই। সেয়েহে সমস্যাটো মোৰ ফালৰ পৰাই উপস্থাপন কৰিলোঁ। মাণিকপুৰে বালিৰ তলতে কঁকবকাই থাকিব নে!?