Rainy Night (ৰাতি বৰষুণত ,)



ৰাতি বৰষুণত ৷৷

আজি গোটেই ৰাতি বৰষুণ দিব
সৰিয়হ সৰুওৱা  বৰষুণ ৷
নিতাল মাৰি শুৱ জোন
ডাৱৰৰ আঁৰত ৷
বৰষুণে আন্ধাৰতে দিব চুমা পলাশ পাতত
ৰাতি সাৰে থাকিব নিয়তি চৰাইৰ মাতত ৷

নিদ্ৰাহীনতাত ভোগা কোনোবা কবিয়ে
নিজানে বেজাৰে বিচাৰি ফুৰিব শব্দ
বৰষুণীয়া ৰাতি
উইচিৰিঙাৰ মাতত
পাখী ভগা জোনাকী জাক ৰ'ব
ঢল ফাটলৈ পোনাবলৈ পাখী
ৰ'দৰ তাপত ৷

কবি টোপনি যাব বোৱাৰী পুৱা
বাঢ়নীৰ মাতত
দিবা স্বপ্ন এটা বুকুত বান্ধি
জোনাকী ৰ'দৰ ৷৷

Comments

Popular posts from this blog

মই সোৱণশিৰিয়ে কৈছোঁ

Udar Axomiya ( উদাৰ অসমীয়া)