Posts

সপোনতে

সপোনতে সপোনত কাৰ দূৰৈৰ বাঁহী যেন মাত সপোনতে পাৰ হৈ যাওঁ সাতোটা চিনাকি ঘাট তোৰ হৃদয়ৰ পৰা মোলৈ বহু যোজনৰ বাট পাৰহৈ অহা সাতোটা ঘাটৰো উজনিত তই সোণাাৰুৰ ফুল হৈ ফুল সাৰ পাই দেখোঁ কাঁটত বিদ্ধ মোৰ ৰাঙলী দুহাত ৰি ৰিয়াই বুকুত বাজি থাকে তথাপি সেই নুশুনা বাঁহীৰ মাত ৷  - বিনয় ৩ জুলাই
Image
জোনলৈ এই জোন শুনচোন ৰৈ যা এখন্তেক মোৰ চোতালত মোৰো আছে তোক কাষত পোৱাৰ তামুলী তৰাৰ সপোন ৷ জোন থ তোৰ অভিমান ভেম তোৰ বুকুৰ তুলসী জোপাত চৰিবহি জানো সোণৰ হৰিণ? জোন ৰৈ যা কৈ যা বুকুৰ ব্যেথা দি যা মোক সেই মালাধাৰ চকুৰ পানীৰ মুকুতাৰে গঁঠা ৷ জোন মোৰ চোতালত ক'লা আউঁসীৰ নাচোন আহচোন দে অকণি জোনাক বাকি পোহৰক বুকুৰ ভিতৰ খন ৷   - বিনয় ২৭ জুলাই ১৭
Image
নিশাহ'লে নিশা হ'লে নামি আহে দূৰ্বাসনা তাইৰ বাউল চুলিয়ে কিল বিলাই মোৰ ভয়াৰ্ত বুকুত জীৱনৰ য'ত পাপ আৰু পাপবোধে দেও দি নাচে শেতেলীৰ চাৰিও ফালে যেন কংসবধী মায়াৱী কৃষ্ণৰ তীক্ষ্ণ তৰোৱাল ওলমি ৰয় কম্পিত বক্ষত মোৰ ৷ হে মোৰ দূৰ্বাসনা ঘোৰ ৰাতিটোৰ শেষত হ'বলৈ দূৰ তোক কৰোঁ প্ৰাৰ্থনা মুক্ত কৰি জীৱনৰ য'ত গঞ্জনা মেলি দে,  মেলি দে পোহৰ অহাৰ বাট দূৰ্বাসনা তই সংকোচিত কৰ তোৰ প্ৰসাৰিত হাত এৰি দে পোহৰ অহাৰ বাট যি বাটেৰে নামি আহক কেৱল আত্মশ্লাঘা আৰু নিৰহংকাৰ নিষ্পাপ সেই চিৰ সুন্দৰৰ চিনাকি বাঁহীৰ মাত ৷৷     -বিনয় ২৯ জুন' ১৭

ছন্দ (Rhythm)

Image
জন্মজ হৃদপিণ্ডৰ ছন্দ ধুক, ধুক ধুক, ধুক ছন্দোবদ্ধতাত বন্দী জীৱন ৷ ছন্দোবদ্ধ প্ৰতিটো খোজ ছন্দোবদ্ধ জীৱন ৷ তাল তাৰ বজাই কোনে কোন সেই অদৃশ্য তবলা বাদক! ? এই যে ওপঙি আছে ব্ৰহ্মাণ্ডত গ্ৰহ- নক্ষত্ৰ গ্ৰহানুপুঞ্জ অন্তত গতি তাৰ আহ্নিক-বাৰ্ষিক সিও ছন্দোবদ্ধ ৷ প্ৰতিখন চহৰ-নগৰ মহা নগৰৰ থাকে নিজা ছন্দ সময় লগত বন্ধা থাকে তাল ৷ ছন্দপতন মানেই বে-তালা জীৱন বে-সুৰা জীৱন সংগীত ছন্দত ঘূৰিছে ভূমণ্ডল চলি আছে হৃদস্পন্দন বাজিছে সময় তবলা দ্ৰুত,মধ্য, বিলম্বিত উত্থান-পতন তথাপিও বে-তালা নহয় জীৱন ৷ যদি হেৰাই যায় যায় জীৱনৰ ছন্দ শেষ সকলো আনন্দ ৷ শক্তি প্ৰাৰ্থী হে অদৃশ্য শক্তি - ছন্দেৰে গাওঁ জীৱনৰ গান বাজি থক আমৰণ সুৰীয়া তান ৷    - বিনয় ১লা জুলাই ১৭ ( সংগীতজ্ঞ "বাবা বি ভি কাৰান্থ "দেৱৰ তাল সম্পৰ্কীয় এটি পাঠ ভিত্তিত ৷ হঠাৎ মনত পৰিল)
Image
ভালপোৱা এই যে ভাল পোৱা ৷ এক অস্তিত্বহীন অনুভূতি মাথো বেয়া পোৱাৰ বিপৰীত শব্দ ৷ যুদ্ধৰ শেষৰ  শান্তিৰ দৰে চাকিৰ তলিৰ ছাঁ ৰ দৰে পহাৰ তলিৰ খাৱৈৰ দৰে বেলিৰ শেষৰ নিশাৰ দৰে বিপৰীত অনুভৱ এটাৰ নাম ভাল পোৱা ৷ বেয়া পোৱাতো অপৰিহাৰ্য ভাল পোৱাৰ বাবে ৷ কাৰোবাক বেয়া পাওঁ বাবেইতো আন কাৰোবাক ভাল পাওঁ ৷ ভাল পোৱা যদি হ'ল হেতেন আন্তঃৰাষ্ট্ৰীয় গোলকীয় অথবা - ব্ৰহ্মাণ্ডিয় নহ'ল হেতেন যুদ্ধ-বিগ্ৰহ ৷ ভালপোৱা মানে যে আত্মকেন্দ্ৰিকতা আত্মাৰ স'তে সম্বন্ধ ভাল পোৱাৰ ৷ য'ৰ পৰা সৃষ্টি হয় আত্মীয়তা ৷ বেয়া পোৱাৰ পৰিণাম শত্ৰুতা ৷ ভাল পাবলৈ নিশিকিবা নিজকো  বেয়া নাপালে আনক ভাল পাব পাৰি নে নিজক? শেষ হক পৃথিৱীৰ যত ভালপোৱা য'ত নাথাকিব বৈপৰিত্য - বেয়াপোৱাৰ ৷৷    - বিনয়  শেষ জুন ২০১৭
কবিতা মোৰ বকুৰ বকুল ডালত ক'ৰ আলহি চৰাই সুখৰ-দুখৰ সকলো দিনত মাথো কিৰিলিয়াই ঠোঁটত তাৰ হাইতাল ৰঙী ৰং আৰু ডেউকাত প্ৰতিশ্ৰুতিৰ নাচোন হেৰ' তই আহি দিলি নহয় হুৰাই ৷      - বিনয় ২৫ মে' ১৭ বুকুৰ ফুঁ দি বজাম বুলি তোৰ পৰা বাঁহীটো ধাৰলৈ আনিছিলো সাঁচি-সামৰি থ'লো জোনাকত বজাম বুলি বাঁহীটোচোন খাই পেলালে ঘূঁণে খোলি কৰুকি  ৷      - বিনয় ২৫ মে' ১৭ ডাৱৰৰ সিপাৰে আছিল জোন কাঁইটৰ সিপাৰে ফুল ৷ মই কিন্তু নাছিলো তোমাৰ বুকুৰ সিপাৰে সাগৰ তীৰত সৰি পৰা মই মাথো পপীয়া তৰাৰ সপোন ৷      - বিনয় ২৬ মে' ১৭ মোৰ চৌপাশে মানুহৰ সাগৰ মোৰ ঘৰ মোৰ সংসাৰ মোৰ বন্দৰ ভৰিত মায়াৰ লংগৰ স্বাৰ্থৰ শিকলীয়ে টানে আত্ম কেন্দ্ৰিকতাৰ উপকূললৈ নিঃসংগতা মোৰ সহচৰ ৷     - বিনয় ২৭ মে, ১৭ কণ্ঠত তোৰ কাৰ দেওলগা হাত কোনে হৰি নিলে তোৰ মোক ভাল পাওঁ বোলা মাত?       - বিনয় ২৭ মে'১৭ মেলাতেই থাকিল জোনলৈ মেলা হাত ক'ৰ ডাৱৰেনো ঢাকি ধৰিলেহি জোনাক অহাৰ বাট ৷     - বিনয়, ২৭ মে' ১৭ সহনশীলতাৰ নিস্তব্ধতাৰ স'তে ওমলি আছিলো অতকাল ৷ হঠাৎ শুনিলো আত্মাৰ শংখনিনাদ কিমান সহিবি অন্যায় ক
-গোপন সত্য- সূৰ্যটোৰ সিপাৰে থাকিব পাৰে দূৰ্ঘোৰ তমসা ৷ পৰ্বতটোৰ সিপাৰে পোতা পুখুৰী ৷ জোনতো থাকে কলংক ৷ নীলাভ সাগৰৰ জলৰাশিৰ গোপনত অক্টোপাচ ৷ হুলৰ মাজতে ফুলে নান্দনিক ফুল ৷ ৰঙা তেজৰ তলত লুকাই থাকিব পাৰে ক'লা কৰ্কটৰ বীজ ৷ হাঁহিৰ সিপাৰে থাকিব পাৰে দুখৰ অভিসাৰীকা যাৰ স'তে আলিংগনৰ কথা ক'ব নোৱাৰি কাকো ৷ বুকুত শিল থৈ বৰ সহজে কৈ দিব পাৰি কুশলে আছো ৷