Posts

অ-সম মোৰ  "আচাম" দেশ ওখোৰা-মোখোৰা নহয় কেৱল কোনো দেশ সমকক্ষ নহয় মোৰ দেশৰ স'তে ৷ ঐস্বৰ্য্য-বিভূতি না-না জাতি অনেক ধৰ্ম মেটমৰা সম্পদ আৰু উদাৰতা সাৱটি মহিমামন্দিত বিশ্ব বন্দিত মোৰ অ-সম অসম দেশ ৷ অসম মাটিৰ স্বৰ্গ অসম অভেদ্য দূ্ৰ্গ ভাৰতৰ পূৱত জিলিকিছিল অপূৰ্ব জ্যোতিৰে প্ৰাগজ্যোতিষপুৰ হৈ পিতা ব্ৰহ্মপুত্ৰৰ পলসত গজা সভ্যতাৰ পুলিটো বাঢ়ি গৈয়েই আছিল লহ-পহ কৈ ৷ "ঘটোৎকচ" "ভগদত্ত" কিম্বা "নৰক"ৰ দূৰ্জেয় শকতিৰে জিলিকি আছিল অ-সম,  তুলনাবিহীন দেশ ৷ আহিছিল স্বৰ্গদেও পাহাৰটোৰ পাৰ হৈ সোণৰ জখলা বগাই  সোণালী শস্যৰ দেশ "ম্যুংদুন চ্যুনখাম"লৈ ৷ সাজিছিল নগৰ গঢ়িছিল গঢ়িছিল দেশ খেদিছিল মোগল ৷ শংকৰ-মাধৱে জুৰিছিল বৰগীত আজানদেউ চাহেৱে জিকিৰ ৷ যদিও অসমান পাহাৰ-পৰ্বতেৰে তথাপি সাৱটি সকলোকে সমানে বৈ আছিল চিৰিলুইত অ-সম মৰম বিলাই মোৰ অসম দেশত ৷ আহিছিল না না জন না না বেশত ৷ আমি উদাৰ জাতি বহুৱালো সকলোকে বৰঘৰত বৰপীৰা পাৰি ৷ বদনৰ আহ্বানত আহিল মান শেষ হ'ল দেশৰ সন্মান মাৰ গ'ল পূৱৰ বেলি পশ্চিমৰ ক'লা আন
জোন বাই এ -ঘৰ এটি দিয়াঁ "হাতীত উঠি পানীৰাম ঘৰলৈ যায় আলি বাটৰ মানুহে ঘূৰি ঘূৰি চায়?" অঁ, আমিও চাইছিলো ডিঙি মেলি কাণ উণাই শুনিছিলো আহিছে নেকি বগলী ডিঙীয়া গাড়ী আহিছে নেকি হাতী কৰ্টৰ নটিচ খন পাবৰ দিনাৰ পৰাই ৷ আহিল আহিল ঔ পিতাই খাঁকী, পখৰা পিন্ধা এজাকে গাওঁ খন ফুৰিছে পিট পিতায় ৷ হাতীৰ পিঠিত উঠি পানীৰাম অহা নাই যোৱা  নাই বুকুফিন্দাই সিয়ো বোলে আমাৰ দৰে সৰু মানুহেই পিতাই ভাঙিছে ঘৰবোৰ আমাৰ তাৰ পেটৰ তাড়নাতে তাক হেনো শাও দিব নাপায় ৷ ইয়াত এখন হাবি আছিল হেনো? আমাৰ ঘৰবোৰ ভাঙি কংত্ৰিটৰ দালানৰ পুলি লগাব হেনো কোনো ধনী পেটুৱাই? আমি ক'লৈ যাম অ' পিতাই বগলী ডিঙীয়া গাড়ীৰ হাতোৰাই মোৰ কুঁহিপাঠ খনো ফালি পেলালে আই ৷ পিতাই, পিতাই চা - তই যে চহৰত হাজিৰা কৰি কৰি সাজিছিলি আমাৰ ঘৰ আয়ে টিন পাত আনিবলৈ হাঁহ বেছি গোটাইছিল পইচা কেনেকৈ মহতিয়াই পেলালে পিতাই ৷ হাবিতো আৰু বহুত আছে ৷ চৰ আছে, চাপৰি আছে য'ত ভোটৰ পুলি ৰুইছে ৰজাই দিনে নিশাই ৷ দিছে ধৰ্মৰ দোহাই "শৰণাগতক খেদাব নাপায় ৷" আমাৰ ঘৰবোৰ ভাঙি অঘৰী কৰাতো কোন ধৰ্মৰ নিয়ম পিতাই? চৰ-চাপৰি,
বন্ধ বন্ধ খেলোঁ আহাঁ এনেয়ে কিমান থাকিবা আৰু খেলিব পৰা হ'লে বন্ধ বন্ধ এক গেইম ৷ জ্বলাব পৰা হ'লে টায়াৰ ভাঙিব পৰা হ'লে গাড়ীৰ গ্লাচ হাত খনো খজুৱাই আছে বহু দিন লপা থ'পা দিব পৰা হ'সে বন্ধ নমনা কেইটাক ৷ চেঃ ইছ্যু এটাৰেই আকাল ভঙা হ'লে ক'ৰবাত বুলড্ৰেজাৰে ঘৰ বন্ধ দি সাজি দিলো হেতেন সিহঁতক বাৰ, চৌব্বিশ, পয়সত্তৰ কিম্বা এশ ঘন্টাত ৷ বঢ়া হ'লে সামগ্ৰীৰ দাম দিব পাৰিলো হেতেন বন্ধকে এটা ৷ বন্ধৰ শেষত খাব পাৰিলো হেতেন মদে-ভাতে পাৰ্টি এটা ৷ চেঃ ওলোৱাই নাই বহু দিন ইছ্যু এটা ৷ আমি বৰ মতা বুজোঁ গণতান্ত্ৰিকতা কাৰোবাৰ চৌকাত জ্বলক নজ্বলক জুই তাত কি কথা? মৰক ৰোগী নৌ পাওঁতেই গৈ হস্পিটাল মৰিলেইচোন শেষ সংসাৰৰ য'ত জঞ্জাল ৷ থেলাৱালা, ৰিক্সা ৱালাৰ নুঘূৰক চকা আমাৰতো নহয় আহুকাল ৷ দেউতাৰ ভঁৰালত ধন ধানৰ কিহৰ আকাল? পচি যাওত পাচলি বেপাৰীৰ শাক গেলক মাছ শুদা হাতে ওভতক দিন হাজিৰে  পেট পোহা নদাই -ভদাই সিহঁতৰ কথাটো আৰু ভাবি লাভ নাই ৷ আমি নেতা আছে আমাৰ সংগঠন এদিন কৰিম ৰাজনীতিলৈ গমন আমাৰ বিৰুদ্ধেও বন্ধ দিব কোনোবাই তেতিয়াও আমাৰ চিন্তা নাই গুছি যাম ৰঙা লাই

বন্য আদালতত মানুহ

"অৰ্ডাৰ অৰ্ডাৰ অৱজেকশ্যন  ইজ অভাৰোল্ড ৷৷" (objection is overruled) অৰণ্যৰ আদালতৰ মহামান্য বিচাৰপতি জনে গম্ভীৰ কণ্ঠৰে শুনালে ৰায় ৷ মানুহ আৰু বন্যৰ দুয়ো পক্ষৰ অধিবক্তাৰ যুক্তি শুনাৰ অন্তত ৰায় গ'ল বন্যৰ ফালে ৷ আপুনি চাগে ভাবিছে হয়তু মহামান্য বিচাৰপতিয়ে ক'লে - "অমুক অভয়াৰণ্য বে-দখল কৰা সকলো পথালি চকুৱাক অমুক তাৰিখে বনজ চৰকাৰে উচ্ছেদ কৰিব, আৰু সিংহৰ নেতৃত্বত গজৰাজে ভাঙিব সিহঁতৰ ঘৰ ৷" ভুল ৷ নক'লে তেনেকৈ তেওঁ ক'লে সমগ্ৰ পৃথিৱীয়েই বে-দখল কৰিছে দুঠেঙীয়াই ৷ হাবি-বন মহতিয়াই কৰিছে অঘৰী বন্য সকলক ৷ অনধিকাৰত ভাগ কৰিছে পৃথিৱী অৰণ্য- অভয়াৰণ্য মানৱ বসতি, চুবা, গাঁও,  নগৰ -চহৰত ৷ আচলতে সকলোতে বন্যক খেদি সিহঁতৰ ভোগ, দখল ৷ সাৰি যোৱা নাই কোনো উৰণ-বুৰণ কিম্বা গজন ভ্ৰমণ ৷ কিহৰ অভয়াৰণ্য? কাক দিব অভয়?  বন্য  সদায় মুক্ত , নিৰ্ভীক ৷ পথালি চকুৱাই দখল কৰি বন্যৰ ঘৰ দিবলৈ আহে অভয়ৰ আশ্বাস? কৰিব নাপায় সিহঁতক বিশ্বাস ৷ সিহঁতৰ নিজৰ মাজতে ক'ত ভেদ, ক'ত জাত ৷ নগৰত থকা সোপাই ভাঙিবলৈ যায় বনত থকাৰ ঘৰ নিজেই নিজতে পৰ ৷ বন্যই নাভাঙে প্ৰজাতিৰ
শুই থাক অ' ভূপেন মামা "কুসুম্বৰৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰে তান" বুলি গুৰু বন্দনাৰেই আৰম্ভ কৰিছিলা লুইতৰ পৰা মিচিপি হৈ ভল্গাৰ বৰ্ণময়  যাত্ৰা ৷ তোমাৰ গীতৰ হেজাৰ শ্ৰুতাক মুগ্ধ কৰিছিলা যাদু কণ্ঠৰে মোহাচন্ন কৰিছিলা শব্দৰ মায়া জালেৰে ৷ শীতৰ সেমেকা ৰাতিবোৰত যিদৰে বস্ত্ৰহীনৰ তুঁহ জুই একুৰা হৈ জ্বলিছিলা কামেং সীমান্তৰ সৈনিকৰ মৃত্যুত উচুপি উঠিছিলা তুমি ৷ ধৰাৰ দিহিঙে-দিপাঙে লৱৰি ফুৰিছিলা যদিও সূৰ্য্য উঠা দেশৰ ৰ'দ পুৱাৰ কাৰণে মাতিছিলা আমাক ৷ একতাৰে মহুৰাতে জাতিটোক পকাবলৈ অহো পুৰুষাৰ্থ কৰিছিলা তুমি ৷ মূৰ ফুলাম গামোচা খনি ক'ৰবাৰ শেনে আহি নিলে টানি - বুলি চিঞৰিছিলা কোনে কি ভাও লয় দেশৰ বাবে মাতিছিলা সৱকে ৷ বহ্নিমান ব্ৰহ্মপুত্ৰৰ আকাশ পপীয়া তৰা ঘূৰাৰ কথা কৈছিলা জাতিটোক পদে পদে কৰা অপমানৰ কথা তুমিয়েই মনত পেলাই দিছিলা  সাগৰ সংগমত সাঁতুৰি ক্লান্ত নোহোৱা মানুহ জনো তুমিয়েই আছিলা ৷ জিৰাবৰ তৰু-তৃণহীন উৰণীয়া মৌ জাকৰ এটা মৌ মাখি আছিলা তুমি বিমূৰ্ত নিশা বোৰত মৌনতাৰ নীলা খেলো খেলিছিলা তুমি ৷  মহানগৰীৰ যক্ষ হৈ মিছলীয়া মৰমত কাৰাৰূদ্ধ হোৱা নাছিলা জ

বুদ্ধিজীৱি

"ওলতি চোৰে গিৰিক বান্ধে আৰু চাৰিকিল গিৰিকেই সাধে ৷" তথাপি ইহঁতৰ চেতন নাহে ৷ জড় নে চৈতৈন্য ধৰাতো টান বুদ্ধিজীৱি হেনো ইহঁতৰ নাম ৷ কলমৰ মোহ এৰি ক্ষমতাৰ সপোনৰ পাছত দৌৰা এমুঠি মানুহ চিন্তা চেতনাত স্বাৰ্থপৰতাৰ ভেকেটা গোন্ধ ৷ যাওক ৰসাতলে দেশ সাতোখন পাতালত পৰি ৰওক জাতি বহিৰাগতই দখল কৰক মাটি কিহৰ আপত্তি? লাগে মান লাগে সন্মান যাওক লাগিলে কটা স্বজাতিৰ নাক-কাণ লৈছে ঠিকা বচাব দেশ লাভ নহ'লে কিহৰ ঠিকা নাবাচে ইহঁতে কেঁচা-পকা ৷ সুবিধা য'ত হয় মূৰটো তাতেই থয় জনতাই চাৰ চাৰ বুলি চৰণৰ ধুলি লয় শিৰত তুলি পিছে নহয় পবিত্ৰ পদ ধুলি স্বাৰ্থ মিহলি লেতেৰা মলি ৷ দেখাত কি চাবা সন্ত-মহন্ত ৷ অভিসন্ধিৰ নাইয়েই যে অন্ত ধুৰন্ধৰৰ শিৰোমনি উমনিৰ বাও কণী সময়ে সময়ে টুকে ঘঁৰিয়ালৰ চকুপানী ৷ তোষামোদ আৰু ক্ষমতাৰ দূৰন্ত আশা জনতাক বন্দী কৰি খেলে সৰ্বনাশী পাশা কি কৰিবা ইহঁতৰ ওপৰত আশা ৷ নীলৰ পানী গাত সানি আৰু কিমান দিন শিয়াল ৰজা? জনতা সিংহৰ বজ্ৰ কণ্ঠ কিমান পৰলৈ বাধা? সময় থাকোঁতে পোচাক সলা কৃষ্ণই কৰিলে লীলা বুলি হাত সাৱতি নৰয় কোনেও ক'ব - ধৰ ধৰ ইহঁতক ধৰি বান্ধি কি
শিপাহীন "অলং দলং কৰিছে ৰজাৰ ৰাণী আহিছে…" "ইৰিকতি মিৰিকতি বাঁহৰ শলা মোমাইদেউৰ পদুলীত বান্ধিলো ঘোঁৰা… "বেঙেনা গছত কাপোৰ থৈ দেও দি আহ… ৷" নাই বুলবুল, টুটুলহঁত নিতাল চুবুৰী পাতাবাহাৰ গছ অাছে বেই সাজি তাৰ পাতেৰে নেখেলে সিহঁতে দৰা-কইনা ধেমালী ৷ কোৰোকাৰ দুনৰি সজাই পানীৰপোতাত কোনেও নোতোলে পানী হৈ-গুডু  টাং গুটি বাঘ-গৰু লুকা-চুৰি ৰৱাবৰ বল-মাৰ্বল লোকৰ বাৰীৰ বগৰী চুৰি নৰানীৰ মাজৰ নিগনি গাঁতৰ ধান অথবা লেচেৰী চৌ-ফলীয়া ৰ'দত চেঙেলি টোপোৱা বৰশী নৰাৰ পেঁপা খোচনাৰ জলফাই-শিলিখা-আমলখি নিমখ অকণ চুৰি কৰি নদৌৰে সিহঁত এৰাবাৰীলৈ বুলি ৷ চেংমৰা অথবা নিমৰ গুটি বাহঁৰ চুঙীৰ বন্দুক সাজি বাহঁ ঢকুৱাৰ মুকুট সাজি ভাওনাৰ খোল মুখত বজাই কোনে নাচে আজি? পিঠিৰ ঘামচি ভাঙি আইতাৰ সাধু কথা ঢকুৱাৰ বিচনিৰ বা নৰাই কটা ভৰিৰ পিটৰ চেক্ চেকনি অকণমান গৰম পানী… পঢ়াৰ টেবুলৰ ওখনা ওখনি আৰু দেউতাৰ ধমকনি ফিটা বাঢ়ি গৈ ক'লা পৰা "লেমৰ চিম্নি" চাকিৰ শলাকানীৰ এঙেৰুৱা খৰিৰ ধোঁৱাৰ মাজত আইৰ চকুপানী ৰিংকি, পিংকি চিংকি হঁতে একোকে নাজানে ৷ ঢেকীৰ নেজত বহি ঝ