Posts

ক্লজড্ চাৰ্কিট কেমেৰা (গল্প)

Image
-বিনয় কৃষ্ণ তামুলী ফুকন      -কালি কেইবজাত অফিচলৈ গৈছিলা? -এঘাৰ বজাত। -মইতো তোমাক ন বজাতে ঘৰত এৰি গৈছিলোঁ। সদায় তুমি দহ বজাত অফিচলৈ যোৱা। কালি কিয় ইমান দেৰিকৈ গ'লা? কোনোবা আহিছিল নেকি ঘৰলৈ? অভিৰঞ্জনৰ প্ৰশ্ন কেইটাই নীলাঞ্জনাক হতাশ কৰিলে যদিও তাই উত্তৰ দি গ'ল। -নাই। গাটো খুউৱ বেয়া লাগিছিল। অফিচলৈ ওলাইয়ো বিচনাত পৰি দিলোঁ। দেৰী হৈ গ'ল। নীলাৰ উত্তৰত অভিৰঞ্জন সন্তুষ্ট হ'ল নে নহ'ল তাই নুবুজিলে। কিন্তু গা-বেয়া লগা বুলি কোৱাতো সি তাইক এবাৰলৈও নুসোধিলে "কি হৈছে তোমাৰ বুলি।" এই কথাটোৱেহে নীলাঞ্জনা মনটো বেয়া কৰি পেলালে। "নীলাঞ্জনা- অভিৰঞ্জন " সৰু চহৰ খনৰ এক আদৰ্শ যুটি। সকলোৰে দৃষ্টিত সুখী দম্পত্তি। দুয়োৰে চৰকাৰী চাকৰি। অভিৰঞ্জনৰ কৰ্মক্ষেত্ৰ ঘৰৰ পৰা প্ৰায় ত্ৰিশ কিলোমিটাৰ নিলগত। নীলাৰ চাকৰি স্থানীয় চহৰ খনতে। স্বচ্ছল জীৱন। ৯ বছৰীয়া পুত্ৰ তন্ময়কলৈ সুখৰ সংসাৰ সিহঁতৰ। তথাপিও যেন নীলাঞ্জনাৰ বুকুৰ কোনোবাএটা কোনত দুখ আছে নীলাৰ। অভিৰঞ্জনে তাইক বুজি নোপোৱাৰ দুখ। উপাৰ্জনৰ এক আহিলা আৰু শৰীৰৰ দাবী পূৰণৰ যন্ত্ৰ হে যেন তাই। তাইৰ শৰীৰ মনৰ খবৰ ল'বলৈ সময়

নিজান নিজান.. নিতাল নিতাল।।

লগন স্তব্ধ ঘড়ীৰ কাঁটাত সময় প্ৰৱাহিত অথচ জীৱন স্থৱিৰ। নিসংগতা মোৰ জন্মজ লগৰী জীৱন পৰিক্ৰমাত নতজানু শিৰ। এই যে মৃত শামুকৰ খোলাত বন্দী নতুবা লেটা এটাৰ দৰে খোলাত। বিছা হৈ ওপজিলো ওপজিব জানো ফুটুকি পখিলা জীৱন মাথো নিৰৱে সৰি পৰা পকা পাত এখিলা আক্ষেপ নাই বিৰিখৰ নতুন কুঁহি পাত মেলিব প্ৰতিটো বসন্তত। পোহৰত জোনাকীৰ কি দাম?! কিহৰ বাবে পেলাওঁ তেজ-ঘাম? মোৰ বাবে আন্ধাৰ ভাল আত্মাৰ গোপনত নিসংগতাৰে পিব পাৰোঁ বিষাদ ফটিকা নাই কোনো জঞ্জাল।

মোৰ ঠিকনা বিচাৰি

মোৰ ঠিকনা বিচাৰিছে তেওঁ। হেল্ল, শুনা, তোমাৰ ঠিকনাটো দিয়া। অলপ মৰম পঠাম। কুৰিয়াৰ চাৰ্ভিছত। -হুমম.. কোন? কোন বাৰু তুমি?! -অহঃ পাহৰিলা মোক? মোৰ মাতটোও অচিনাকি এতিয়া তোমাৰ বাবে.. -মাফ কৰিবা । মই যে হৃদয় জয় কৰিবলৈ নিশিকিলো। -প্লিজ ঠিকনাটো দিয়া। -তুমিচোন হৃদয়ত লিখিছিলা মোৰ নাম তেজত আঁকি থৈছিলা মানচিত্ৰ। আজি ঠিকনা বিচাৰি ফ'ন কৰিছা। হাঃ হাঃ হাঃ নৰক নগৰৰ শেষটো বাইলেনৰ জৰাজীৰ্ণ ঘৰটো মোৰ ঠিকনা। অহৰ্নিশে খোলা থাকে বুকুৰ জপনা। (ঠিকনা বিচাৰি ফ'ন কৰা এসময়ৰ এগৰাকী  সুহৃদৰ হাতত)
হৃদয় এক ৰণক্ষেত্ৰ। যুদ্ধ আৰু হৃদয় যদিও পৃথক দুয়োটাকে জিনীবলৈ টান। কিছুমান মানুহে যুদ্ধ জয় কৰে কিছুমানে হৃদয়। কিন্তু যাৰ হৃদয়েই নাই তেওঁৰ কি জীনিবা! শৰীৰৰ? যুদ্ধ জিকিবলৈ যুদ্ধ ক্ষেত্ৰত নামিব লাগিব। হৃদয় জিকিবলৈ? হৃদয় শৰীৰত থাকে। সকলো শৰীৰত কিন্তু হৃদয় নাথাকে। পুনঃ হৃদয় জয় আটাইতকৈ সহজ। কিন্তু হৃদয় বিচাৰি পোৱাটো দুৰুহ। দূৰ্লভ। কঠিন।

দুখ বোৰ মোক দিয়া ভালপোৱাবোৰ তুমি লোৱা।

তেওঁ সুধিলে - "সুখী নে তুমি?" মই ক'লো- তোমাৰ দুখ বোৰ মোক দিয়া আৰু সুখী হোৱা। তেওঁ সুধিলে - "হাঁহি আছা নে?" মই ক'লো- চকুপানী বোৰ মোক দিয়া তুমি হাঁহি থাকা। প্ৰায়ে তেওঁৰ স'তে আলাপত বহোঁ তেওঁৰ নিসংগতাবোৰ মোক দিয়ে মই একাকীত্বৰ বিষাদত মগন হওঁ। তেওঁক বিশ্বাস দিব পৰাকৈ বিশ্বাসী হ'ব খোজোঁ। বিষাদ বোৰ পাণ কৰি নীলকণ্ঠী হওঁ। এদিন তেওঁ ক'লে অলপ শান্তি দিয়া। মই ক'লো-  বিনিময়ত যুদ্ধ নকৰিবা। ১০ ডিচেম্বৰ ২০১৮

এই বাটেৰে আজি তেওঁ আহিব

এই বাটেৰে আজি তেওঁ আহিব এই ফুলনীত আজি ফুল ফুল ফুলিব নুফুলা বহু কলিও সৰি পৰিব পছোৱা বলিব মিছা ভালপোৱাৰ তাচ পাতৰ ঘৰ পকা পাত সৰা দি খহি পৰিব এই বাটেৰে তেওঁ আহিব। এই বাটেৰে তেওঁ আহিব পুৰণি নিয়মবোৰ অনিয়মৰ ভৰত ভাঙি পৰিব সম্ভাৱনাহীন এজাক বৰষুণ সৰিব ইপাৰ-সিপাৰ একাকাৰ হ'ব হাঁহাকাৰ বোৰ চিৎকাৰ হ'ব এই বাটেৰে তেওঁ আহিব। পথবোৰ মসৃণ হ'ব পহৰিয়াবোৰ সস্ত্ৰম হ'ব চাইৰেণবোৰ বাজি উঠিব পথ হেৰুৱাৰ ভয় নাথাকিব এই বাটেৰে তেওঁ আহিব পথ হেৰুৱাবলৈ পথেই নাথাকিব।
একাকীত্বৰ  গৰল পান কৰি  নীলকণ্ঠী হওঁ। "মৃত্যু মা আমৃতং গময়" তমসাৰ পৰা পোহৰলৈ নিয়া জীৱনৰ পৰা! মৰণলৈ?! নিজৰ নিজানত নিৰ্জনতাৰ সুৰা পান কৰি মাতাল হওঁ সময় নদীত দলিয়াই দিওঁ যত দুখ, ক্লান্তি, অসুখ সৰু সৰু শিল গুটিৰ দৰে। ঢৌ উঠে। ঢৌ মানে যে সোঁত নহয় জীৱন সময় বালিত পৰি ৰয় আৰু মই! আত্মাৰ পৰা আত্মালৈ বন্ধা সেতু বোৰ ঘৈয়াই যাওঁ নিঃসংগ হওঁ  গৰল পান কৰো একাকীত্বৰ গৰল আৰু  নীলকণ্ঠী হওঁ।