Posts

ৰাতিবোৰ হাতী হয়

Image
ৰাতিবোৰ হাতী হয়। বেলিটো পাহাৰটোৰ সিপাৰে লুকালেই বাঢ়ি আহে উৎকন্ঠা। বেলিৰো যে কত বিশেষণ - দোকমোকালিৰ বেলি, দুপৰৰ বেলি, ৰান্ধনী বেলি.. ৰান্ধিবলৈ মোৰ আখলত খুদকণ এটিও নাই খেনোৰ উভৈনদী সম্পদে অহংকাৰৰ নদী ওফোন্দায়। শিতানে পথানে মাথোঁ ছহাট মাটি কাক কোনে বুজায়?  উশাহৰ শেষ পঞ্চভূতী দেহৰ অৱশেষ  কোনে বা বুজি পায়।  কথাবোৰ ভাবি ৰাতিটো  হাতী যেন হয়।  দূৰ্ভাৱনাৰ বলিষ্ঠ চাপৰ খোজে  মোৰ বুকুখন চেঁপি ৰয়।  কাতৰ উশাহ এটাৰে প্ৰাৰ্থনা কৰোঁ -  ৰাতিবোৰ হাতী নহওক  মনবোৰ উদাৰ হওক  জাতি ধৰ্ম বৰ্ণৰ পৰিয়চয় বোৰ তেহেলৈ যাওক।  মানুহবোৰ কেৱল মানুহ হওক ।

এটা উইচিৰিঙাৰ আৰ্তনাদ

Image
এটা উইচিৰিঙাৰ আৰ্তনাদ।   কিট্ কিট্ কিট্ চিঁ ঈঁ ঈঁ....   বৰ কৰ্কশ মাত এটা উফৰি আহে  মোৰ খোলা খিৰিকিৰে।  কিঁ....ঈঁ... কিট্ কিট্....   বৰ সংগোপনে সোমাই আহে   কলিজাৰ কপাট ভেদি   তেজে তেজে, শিৰে শিৰে..   পিতায়ে কয় উইচিৰিঙাই খেতিৰ পুলিবোৰ কাটে । কিঁ..... ঈঁ... বুলি ভেঙুচালিৰ মাত মাতে।  মোৰ বুকু খান্দি পিতাইৰ মৰিশালিৰ মাটি খুঁচৰি  উইচিৰিঙাই মাতে   সোধে -  মানুহ ক'ত?  মানৱতা ক'ত?   ৰজা ক'ত? ন্যায় ক' ত?  এটা অবাধ্য উইচিৰিঙাই ওৰে ৰাতি বিনায়  মোৰ মনত মগজুত।

ভন্টীৰ বিয়া। কবিতা আবৃত্তি

Image

চিঠিবোৰ ক'ত হেৰাল ।

Image

ইয়াত এখন নদী আছিল।।

Image
ঈগলৰ পোৱালীৰ দৰে যোজন উচ্চতাৰ পৰা এৰিদি উৰণ শিকোৱা নাছিল আমাক থাকিলেও এখন নীল আকাশ মূৰৰ ওপৰত। আমি ৰঙানৈত চিলনী সাঁতুৰ শিকি সোৱণশিৰিত ভটিয়নি নাও মেলিছিলোঁ। নৈ খন পাৰলৈ উঠি আহি বিদ্যুত পৰিবাহী গম্বুজ হ'ল। শিহু, সোণালী পিঠিয়া, বোকা পিঠিয়াৰ জলকেলি সাধুকথাত পৰিণত হ'ল। প্ৰতিবাদবোৰ প্ৰতাৰণাৰ দলিল হ'ল। লাহে লাহে নদী খনৰ মৃত্যু হ'ল। আজিকালি আমি সাধু কথা লিখোঁ - ইয়াত এখন নদী আছিল পাৰত পানৈ-জংকিৰ ইতিহাসৰ আছিল ইয়াত এখন সোণ গুৰি সিঁচা নদী আছিল ইয়াত এখন নদী আছিল  ইয়াত এখন নদী আছিল।  নতুবা আঁওৰাও  "অই আপ্পুন গণেশ পেগু" ৰ গীত  "সোৱনশিৰি সোণৰ নদী যুগে যুগে বৈ যায়... *

দেউতালৈ

Image
দেউতা... কিয় পলসুৱা কৰি গঢ়িলি মোৰ বুকু? কিয় দৃষ্টি দিলি আকাশমুখী কিয় দেউতা কিয়? খচকি চহাই-মৈয়াই ফালি স্বাৰ্থৰ নাঙলৰে চাহিদাৰ ভৰাল পুৰ সিহঁতৰ মই নিৰ্জীৱ অথচ মৰা শ নহয় উৰ্বৰ শস্য সম্ভৱ। আকাশমুখী দৃষ্টি মোৰ তললৈও চাব নোৱাৰো। উৰিবও নোৱাৰো মেঘ হৈ মাথো স্থানু। জীৱনৰ হাট প্ৰসাৰিত হাত কোঁচাব নাজানো মেলিলেই হাত সূৰ্যই দহে বুকুৰ মঙহ খহে নুবুজিলো কোনটো আওবাট কোন বাটে ঘাট। দেউতা... মই মই হ'ব নাজানিলো।

জোনাকী মন - হীৰেণ ভট্টাচাৰ্য

Image