Posts

Showing posts with the label গদ্য

বিহু কোন ঢালে ২

Image
বিহু কোন ঢালে??? ৰগৰ এটি মনলৈ আহিছেঃ- "চোৰ এটাক গঞাই ধৰি উত্তম-মধ্যম দি বান্ধি থৈছে ৷ টিভি চেনেলক খবৰ দিয়া হ'ল ৷ আহিল সাংবাদিক,  কেমেৰা চলিল ৷ কেমেৰাৰ আগত ওলাবলৈ ৰাইজে চোৰক সোধালে আকৌ লপা-থপা ৷ বাইট দিলে নিউজ চেনেলৰ "বুম"ৰ আগত ৷ এইটো চেনেলৰ সাংবাদিক গ'ল ৷ অলপ পৰ পাছত আৰু এটা চেনেলৰ সাংবাদিক আহিল ৷ একেই ঘটনাৰ পুনৰাবৃত্তি ৷ চোৰক আকৌ পিটন ৷ অসহায় চোৰটোৱে ৰাইজক কাতৰ ভাবে ক'লে - " ৰাইজ গোটেই কেইটা চেনেলৰ ৰিপৰ্টাক বোৰ আহিবলৈ দিয়কচোন ৷ তাৰ পাচত যিমান মৰিয়াই মৰিয়াব মোক ৷ কিমান বাৰ আৰু চেনেলটোৰ প্ৰতি পিটন খাই থাকিম??"" অসমীয়া বিহু তিনিটোৰো এই অৱস্থাই হৈছে গৈ নেকি? সৰুৰে পৰা গাই আহিছো- বিহু বিহু বিহুটি বিহু আমাৰ তিনিটি কাতি বিহু কঙালী মাঘৰ বিহু ভোগালী ব'হাগতে ধেমালি কৰোঁ৷""     পিছে টিভি চেনেল কেইটাৰ কৃপাত ব'হাগ বিহু চ'ততে আৰম্ভ হৈ আহাৰ মাহ পাইছে গৈ ৷ কাতি বিহুতো যেন কেমেৰা নহ'লে নহ'বই ৷ মাঘ বিহু আৰম্ভ হয় পুহৰ পৰা ৷ তাতে মাঘ বিহুৰ নামত টিভিত যিবোৰ দেখিছো ব'হাগ বিহুত কৈও এখোৰ চ'ৰা ৷ আমি সৰুতে মাঘ বিহ

পুৱতি নিশাৰ অনুভৱ

Image
পুৱতি নিশাৰ অনুভৱ: সাৰ পাই গ'লো ৷ পৃথিৱী শুই আছে,  সাৰ পাবলৈ আৰু অলপ পৰ বাকী ৷ সকলো নিদ্ৰা মগন ৷ টোপনিও হেনো এক প্ৰকাৰৰ মৰণ !? সেই বাবেই মানুহ মৰিলে চিৰ নিদ্ৰা যোৱা বুলি কয় চাগে ৷ শুই থকা মানুহৰ মুখমণ্ডলত কোনো ভাৱ-লেখ নাথাকে ৷ সেই বাবে  শুই থাকিলে  মানুহক কিমান ধুনীয়া দেখি! !! সৌন্দৰ্য অন্তৰৰ বস্তু ৷ আমি যি ভাৱো তাৰেই ছবি মুখমণ্ডলত ফুটি উঠে ৷ টোপনিত মানুহে একো নাভাৱে যে ৷ সেইবাবে শান্ত-সমাহিত দেখা যায় চাগে ৷ আচলতে মানুহৰ অন্তৰবোৰ বৰ নিৰ্মল ৰূপেই সৃষ্টি কৰে ঈশ্বৰে ৷ জন্মতে মানুহৰ অন্তৰত নাথাকে একো পাপ, হিংসা, ঈৰ্ষা, খিয়লা- খিয়লী ৷ মৃত্যুৰ পিছতো ৷ জন্ম আৰু মৃত্যুৰ মাজৰ সময় খিনিতে ইমান খোৱা-কামোৰা , দণ্ড-খঁৰিয়াল, শান্তি- অশান্তি ইত্যাদি ৷ টোপনিতো একো নাই, চিৰনিদ্ৰাতো একো নাই ৷ সকলো শান্ত, সমাহিত ৷৷

কিয় লিখো

Image
কিয় লিখোঁঃ বহুতেই প্ৰশ্ন কৰিছে ৷ ইমান কবিতা আপল'ড দি আছে যে? কোনবাই কয়- কবি হ'বলৈ ওলাইছা নেকি? উত্তৰত কওঁ- কবি হ'বলৈ নিলিখো ৷ মনলৈ যি আহে লিখি যাওঁ ৷ আগতে কাগজত লিখিছিলো ৷ সংৰক্ষণৰ অভাৱত হেৰাই গ'ল ৷ সেইবাবে ডিজিটেল যুগৰ সুবিধা লৈছো ৷ লিখাবোৰ থাকি যাওক,  এই ভাবি ফেচ বুকত আপল'ড দিওঁ ৷ ব্লগ এটাও কৰিছো ৷ মিচিং পৰিষদৰ অধ্যক্ষ পৰমানন্দ চায়েংগীয়া দাই এদিন প্ৰসংগ ক্ৰমে কৈছিল - "বিনয় জীৱনটো 40 ৰ পৰা আৰম্ভ হয় ৷" তেখেতৰ কথা মনত ৰাখিছো ৷ ময়ো পাৰ কৰিলো জীৱনৰ দুকুৰি বসন্ত ৷ সেয়ে আৰম্ভ কৰিছো জীৱন ৷ দেউতাই হাল বাবলৈ নিশিকালে ৷ লগত কলমটো আছে ৷ কলমৰ সলনি আজিকালি 'কি-বোৰ্ড' আহিল ৷ তাকে ব্যৱহাৰ কৰিছো ৷ নিজকে জাহিৰ কৰাৰ বাবে আপল'ড নকৰো ৷ নিজৰ বাবে কৰো ৷ ই এক স্বাৰ্থ পৰতা ৷ মোৰ স্বাৰ্থপৰতাই আপোনাক আমনি কৰিলে - মই তাৰ বাবে ক্ষমা প্ৰাৰ্থী ৷
সোঁৱৰণীৰ এখিলা পাতঃ সত্তৰ দশকত মোৰ জন্ম।  ইতিমেধ্য জীৱনৰ চাৰিটা দশক পাৰ কৰিলো। আজি 2016 চনৰ শেষটো দিন। এবাৰ ঘূৰি চাবলৈ মন গৈছে পাৰ হৈ যোৱা সময় বোৰ। মনত পৰিছে শৈশৱৰ সেই সোনোৱালী দিনবোৰলৈ।লখিমপুৰ জিলাৰ এখন ভিতৰুৱা গাঁও- অহোম গাঁৱত মোৰ জন্ম। শুনামতে সেই সময়ত দেউতাই তেতিয়াৰ বৰ অসমৰে মেঘালয়ৰ গাৰু পাহাৰত আছিল চাকৰি সূত্ৰে। মা-নিজৰ ঘৰত অছিল প্ৰসৱকালিন অৱস্থাৰ বাবে। তাতেই এনাইদেও মুক্তি যুদ্ধা স্বৰ্ণপ্ৰভা ফুকনৰ তত্বাবধানত মোৰ জন্ম। মোৰ কেঁচুৱাকালটো গাৰু পাহাৰত পাৰ হৈছিল যদিও সেই বিষয়ে মোৰ একো মনত নাই। মনত আছে কেৱল আহোম গাঁৱৰ কথা। আহোম গাঁও খন পুৰণি গাঁও। গাঁৱৰ পিছফালে গেজেপ মৰা হাবি। জাক জাক বান্দৰ, বিভিন্ন প্ৰজাতিৰ চৰাই, তৰহ তৰহ বনৰীয়া ফল-মূলৰেৰে ভৰপুৰ।গাঁৱৰ জনবসতি সেৰেঙা। মুঠেই 18 ঘৰমান মানুহ। সৱ অহোম সম্প্ৰদায়ৰ। এনাইদেওৰ লগত  আহোম সম্প্ৰদায়ৰ অপৰিহাৰ্য পানীয় সাজ প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় পিঠা তৈয়াৰ কৰিবৰ বাবে বন-দৰৱ সংগ্ৰহ কৰিবলৈ হাবিলৈ গৈ চিনাকি হৈছিলো নানা উদ্ভিদ, প্ৰাণীৰ সতে।এইবোৰ আছিল আৰম্ভনী। ভাবিছো আজি 2016 চনৰ শেষ দিনটোৰ পৰাই আৰম্ভ কৰোঁ লুটিয়াবলৈ মোৰ জীৱন সোঁৱৰণৰ পৃষ্ঠা।         ব
প্ৰসংগঃ দেচুৱালী- গেলামাল আগৰ দিনত অসমৰ প্ৰায়বোৰ গাঁৱতে একোখন সৰু সৰু নিমখ-তেল, আলু-পিঁয়াজৰ, লেমৰ চিম্নি আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান আছিল ৷ কোনো কোনো দোকানীয়ে অসমবাসী গঞাৰ দূৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি কানিৰ দৰে বৰবিহো বেচিছিল এনে দোকানত ৷ এই ব্যৱসায়ী সকল আছিল বহিৰাগত ৷ হয় মাৰোৱাৰী নহয় বিহাৰী ৷ কাঁয় কাঁয় কৰি থকাৰ বাবে মাৰোৱাৰী সকলক অসমীয়া গঞাই "কেঞা" আৰু মাৰোৱাৰীৰ দোকান সমূহক "কেঞা গোলা" বুলিছিল ৷ এই "গোলা" শব্দৰ পৰাই "গোলাৰ মাল" আৰু পিচলৈ "গেলামাল" শব্দৰ উৎপত্তি ৷ সেইদৰে বিহাৰী সম্প্ৰদায়ৰ ব্যৱসায়ী সকলে বছৰটোত গোটোৱা টকা বছৰৰ একোবাৰ নিজৰ দেশ ( বিহাৰ)ত থ'বলৈ "দেচ"লৈ গৈছিল ৷ সেইবাবে অসমীয়াই এই বিহাৰী সকলক দেশ+ৱালী= দেচুৱালী বুলিছিল ৷    কথা হ'ল এই বহিৰাগত ব্যৱসায়ী সকলে যুগ যুগ ধৰি অসমক ব্যৱসায়ৰ ক্ষেত্ৰ হিচাপেহে ব্যৱহাৰ কৰি আহিছে ৷ সেইদৰে ঋতু ভেদে অহা লেপ-তুলি সীয়া, কাঠ ফলা কামৰ বাবে অহা বিহাৰ- উত্তৰ প্ৰদেশৰ মানুহবোৰ, স্থায়ী কৈ থকা নাপিত, ধোবা আদি মানুহবোৰৰ প্ৰধান উদ্দেশ্য 'দেচ'ত থকা পৰিয়াললৈ ধন পঠিওৱা ৷