বিহু কোন ঢালে ২

বিহু কোন ঢালে???

ৰগৰ এটি মনলৈ আহিছেঃ-
"চোৰ এটাক গঞাই ধৰি উত্তম-মধ্যম দি বান্ধি থৈছে ৷ টিভি চেনেলক খবৰ দিয়া হ'ল ৷ আহিল সাংবাদিক,  কেমেৰা চলিল ৷ কেমেৰাৰ আগত ওলাবলৈ ৰাইজে চোৰক সোধালে আকৌ লপা-থপা ৷ বাইট দিলে নিউজ চেনেলৰ "বুম"ৰ আগত ৷ এইটো চেনেলৰ সাংবাদিক গ'ল ৷ অলপ পৰ পাছত আৰু এটা চেনেলৰ সাংবাদিক আহিল ৷ একেই ঘটনাৰ পুনৰাবৃত্তি ৷
চোৰক আকৌ পিটন ৷ অসহায় চোৰটোৱে ৰাইজক কাতৰ ভাবে ক'লে - " ৰাইজ গোটেই কেইটা চেনেলৰ ৰিপৰ্টাক বোৰ আহিবলৈ দিয়কচোন ৷ তাৰ পাচত যিমান মৰিয়াই মৰিয়াব মোক ৷ কিমান বাৰ আৰু চেনেলটোৰ প্ৰতি পিটন খাই থাকিম??""

অসমীয়া বিহু তিনিটোৰো এই অৱস্থাই হৈছে গৈ নেকি? সৰুৰে পৰা গাই আহিছো-
বিহু বিহু বিহুটি
বিহু আমাৰ তিনিটি
কাতি বিহু কঙালী
মাঘৰ বিহু ভোগালী
ব'হাগতে ধেমালি কৰোঁ৷""
    পিছে টিভি চেনেল কেইটাৰ কৃপাত ব'হাগ বিহু চ'ততে আৰম্ভ হৈ আহাৰ মাহ পাইছে গৈ ৷
কাতি বিহুতো যেন কেমেৰা নহ'লে নহ'বই ৷
মাঘ বিহু আৰম্ভ হয় পুহৰ পৰা ৷ তাতে মাঘ বিহুৰ নামত টিভিত যিবোৰ দেখিছো
ব'হাগ বিহুত কৈও এখোৰ চ'ৰা ৷ আমি সৰুতে মাঘ বিহুৰ ১০-১৫ দিনৰ আগৰ পৰা গাঁৱৰ ঘৰে ঘৰে গছ তুলি মুকলি পথাৰত দ'মাই ডেকা সকলে বাগী কুঠাৰ মাৰি খৰি ফলা, ভেলাঘৰ সজা, সংক্ৰান্তিৰ পুৱতি নিশা কাউৰীয়ে কা নৌ কৰাৰ আগতে মেজিত জুই দিয়া দেখিছিলো ৷
কাউৰী অপবিত্ৰ চৰাই গতিকে কাউৰীৰ মাতত মেজিটো অপবিত্ৰ হ'ব বুলি লোক বিশ্বাস আছিল ৷ মা-আইতা হঁতে পিঠাপনা, পোৰিছিল গোটেই নিশা ৷ বাহিৰৰ মানুহে গম নাপাইছিল আখলৰ কথা ৷ গাঁৱৰ সকলোৱে নিজ নিজ ঘৰত প্ৰস্তত কৰা পিঠা পনা, মাহ-কৰাই, কাঠ আলু, মোৱা আলু মেজিৰ তললৈ আনি অলপ অগ্নি দেৱতাক উৎসৰ্গা কৰাৰ অন্তত অৱশিষ্ট পৰস্পৰে ভগাই- বিতাই খাইছিল ৷
 কিন্তু আজি? কেমেৰা নহ'লে যেন বিহুৱেই নহ'ব ৷ লাইফ টেলিকাষ্ট নহ'লে সকলো পণ্ড শ্ৰম ৷ কোনোদিন আমলেট এটা বনাব নোৱাৰা ছোৱালী বোৰৰ কেমেৰাৰ সন্মুখত পিঠাৰ খোলা লৈ কি অভিনয়!!! মাঘ বিহুবুলি ব'হাগ
বিহুৰ দৰে পুহ মাহতে বৰ বিহু পতা ক'ত দেখিছা? ক'ত শুনিছা ৷ পিচৰ প্ৰজন্মটোৱে বিহু ৰ বিষয়ে লিখা ৰচনা খন কেনে হ'ব! !!? ভাবিলে পেটতে হাত-ভৰি লুকাই ৷ মানিলৈছো সংস্কৃতি এক বোৱতী নৈ, গতি সলাবাই। তথাপি বিহুৰ ক্ষেত্ৰত জিও টিউৱৰ শিক্তশালী মথাউৰি এটা মাৰিবৰ হ'ল নেকি ???
প্ৰশ্ন কৰিবৰ মন গৈছে - বিহু কোন ঢালে???

Comments

Popular posts from this blog

Udar Axomiya ( উদাৰ অসমীয়া)

বালিয়ে পোতা এখন গাঁৱৰ কথা। - বিনয় কৃষ্ণ তামুলী ফুকন "গেৰমে" ভূচিত্ৰাৱলীত নথকা এখন সৰু নৈ। নৈ বুলি ক'বলৈ বেয়াই লাগে। খৰালি কালত সাপৰ নেগুৰ যেন। কিছু সময়ত পানী নাথাকেই। পানী নথকা সময়ত পাৰৰ গঞাই নৈৰ বুকুত গাঁত খান্দি খোৱা পানী, গা পখলা পানী মানে দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় পানী সংগ্ৰহ কৰে। নৈ খনৰ অৱস্থিতি অসম অৰুণাচল প্ৰদেশৰ ধেমাজি জিলা সীমান্তৱৰ্তী নলবাৰী গাঁও পঞ্চায়ত। নৈ খনৰ সংগম হৈছে গোগামুখৰ পৰা প্ৰায় ৪ কিলোমিটাৰ পূৱে বৈ থকা "ন-নদী" স'তে । কিন্তু বাৰিষাৰ কালছোৱাত নৈ খন অবাধ্য হয়। সাপৰ নেগুৰ যেন নৈ খনে কাল মূৰ্তি ধৰে। অৰুণাচলৰ পাহাৰত বৰষুণ দিলেই গেৰমে নৈ খন বিস্তাৰিত হয়। পাহাৰত গছ গছনি কাটি তহিলং কৰাৰ ফলত বালি আৰু বালি কঢ়িয়াই আনে গৰমেই । ফল ভোগে নামনিৰ গাঁও বোৰে। তেনে এখন গাঁৱৰ নাম ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ নলবাৰী পঞ্চায়তৰ মানিকপুৰ গাঁও। বড়ো জনগোষ্ঠীৰ লোকৰ বসতি এই গাওঁ খনৰ অৱস্থা এতিয়া তথৈবচ। গাঁও খন চাবলৈ গৈ দেখিলো ঘৰবোৰ পোত গ'ল। বড়ো জনগোষ্ঠীয়ে চাং ঘৰ নাসাজে যদিও বানৰ পৰা বাচিবলৈ চাং ঘৰ সাজিছে। সেই চাং ঘৰবোৰো গেৰমেৰে নৈৰ বালিয়ে পোতি মাটিৰ ঘৰ যেন কৰিছে। মোৰ পৰিদৰ্শন কালত কেইজনমান বড়ো ডেকাই নাৱেৰে মূল পথত উঠিছে। গাঁও খন মই ২০০০ চনৰ পৰা দেখিছোঁ। তেতিয়া বালিয়ে পোতা পথাৰবোৰ শালিতলি আছিল। হঠাৎ এই বিপৰ্যয়ৰ কাৰণ গছ তহিলং কৰা। ঘৰে ঘৰে পৰ্টেল খুলি দায়বদ্ধতাৰ পৰিচয় দিয়া সকলে এইবোৰ ঢুকি পোৱাগৈ নাই। সেয়েহে সমস্যাটো মোৰ ফালৰ পৰাই উপস্থাপন কৰিলোঁ। মাণিকপুৰে বালিৰ তলতে কঁকবকাই থাকিব নে!?