Kohiiya
কঠিয়াৰ দৰে নিদ্ৰাৰত বাবেইতু মই স্বপ্ন দ্ৰষ্টা উজাগৰী সপোনৰ পম খেদি হোৱা নাই পথভ্ৰষ্ট ৷ আন্ধাৰত নিতাল মাৰি মই কাণ উনাওঁ দোকমোকালিৰ ফেঁহুজালি ৰাতিটো শেষ হ'লেই শুনিম চিনাকি চৰাইৰ সুহুৰি ৷ সূৰ্য বন্দনাৰে মুখৰ হ'ব পৃথিৱীৰ য'ত নিদ্ৰামগন - উৰণ, বুৰণ, গজন, ভ্ৰমণ এঙামুৰি দি আৰাম্ভ কৰিম মোৰ সূৰ্যমুখী যাত্ৰাৰ ৷ যদিও জৰাগ্ৰস্ত শৰীৰৰ আত্মাৰ গোপনত নিমাতে নিতালে শুই থাকে দূৰ্জেয় সংকল্প মোৰ যদিও তমসা ঘোৰ পোহৰলৈওতো নহয় দূৰ ৷ টোমাই থোৱা কঠিয়াৰ দৰে নিতাল মাৰি থাকিলেও একাল বুকুত কঢ়িয়াই ফুৰিছো সেউজীয়া এগাল বতৰ পালেই পোখামেলি শ্যমলিমাৰ সাগৰ সাজিম ৷ পাহাৰটোৰ নামনিত কলিয়া ডাৱৰ জমিলে বিষাদ নুবুলিবা বিষাদ বৰষুণ মোৰ আশীৰ্বাদ পানী পালেই মই গজিম কঠিয়াৰ দৰে চ'টিয়াইদিম এসাগৰ সেউজীয়া জীৱনৰ বোকা মাটিত ৷ ২০ জুলাই ১৭ ভাই Jamini Anurag ৰ হাতত ৷