এঠেঙীয়া বিতচকু
এঠেঙীয়া বিতচকু তেজৰ তলত দুখ শাওনৰ নৈৰ দৰে হুমুনিয়াহৰ ঢল তলমল সিপাৰৰ ঘাটতত ৰান্ধনী বেলি যেন তোৰ বিদায়ী মুখ ৷৷ শিতানত শিমলু তুলাৰ গাৰু মন হে কমোৱা তুলা বনাই থকা চিলনীৰ দৰে ৷ নাচাও বুলিলে তোৰ মুখ স্মৃতিবোৰ মনৰ জপনা খুলি সোমাই আহে বাৰে বাৰে ৷ বুকুৰ বেৰ চাই কটা খিৰিকিখন জপাই থ'লো ক'ৰ পৰা জানো জলঙা সৰকি সুমাই আহে জ্বলা মমৰ শেষ পোহৰ যেন এধানি ৰ'দ ৷৷ স্মৃতি যেন সুস্বাদু চুইংগাম এটা যেন চোবায়েই থাকিম তাৰ ৰসহীন শাহ ৷ দুখৰ চৰাই এটাই কূটা কঢ়িয়াইছে অবিৰত বুকুৰ বকুলত সাজিব তাৰ প্ৰজন্মৰ বাবে বাহ ৷ পঢ়াৰ মেজত এঠেঙ ভঙা বিতচকু পংগুত্ব সাৱটি পৰি আছে নিৰৱে মই জপাই মেলিছো মনৰ চকু ৷৷