বেলি ডুবাৰ সাধু
দিগন্তৰ প্ৰহৰীয়া এটা লোৰ গম্বুজ। পাশ্চাতপটত বিদায়ী বেলি ভাৱনাৰ খেলি মেলি মেলি খেলি। মিচৰৰ পিৰামিড হেনো কোনোৱা এলিয়েনে সজা ৰাতি ৰাতি সপোনলৈ আহে দেউতাই সজা সৰু আটোমটোকাৰি খেৰ বাঁহৰ পঁজা। বাঁহৰ জপনা, বাঁহৰ জেওৰা সীমাৰ সিঘৰলৈ যাবলৈ বাহঁৰ দেওনা। জেওঁৰাবো পকী দেৱাল এতিয়া ইঘৰ-সিঘৰ খবৰ ল'বলৈ কাৰো অৱকাশ নাইকীয়া। সপোনত দেখোঁ দেউতাই গোৱৰ আৰু মাটি কঢ়িওৱা। শৰণ খেৰ আৰু আলতীয়া মাটি কঢ়িওৱা। ইকৰা অথবা থাহ দিয়া বাহঁৰ বেৰ গোৱৰ মাটিৰে লিপা পিৰালিৰ গধূলি গোপাল অথবা ৰান্ধনী ফুলৰ সুঘ্ৰাণ বিয়পি পৰে মোৰ শিতানে পথানে। পথাৰ ডৰাই সোণ গুটিৰ সপোন আনে। ধান বেছি বিহুৰ চোলা অথবা দূৰ্গাপূজাৰ বেলুন অথবা পিষ্টলৰ গোলা। দেউতা সময়বোৰ চোন সনলি হ'ল। ই-দুনিয়াত নিমগ্ন তোমাৰ নাতি "হাতীত উঠি পানীৰাম" ঘৰলৈ নাযায় আজিকালি। জে ছি বি নে ফৰ্কলেনৰ অতপালি সপোনত মোৰ পিতাইৰ সমাধি দিঠকত আৰ্তনাদ -আমাক পুৰি মাৰিবলৈ উদয় হয় নেকি নতুন বেলি??? (লেখাটো ধেমাজিৰ পৰা আহি থাকোতে সূৰ্যাস্তৰ ফটো লৈ পিছত দেখা লোৰ গম্বুজ দুটাক লৈ লিখিছিলোঁ)