Posts

এঠেঙীয়া বিতচকু

Image
এঠেঙীয়া বিতচকু তেজৰ তলত দুখ শাওনৰ নৈৰ দৰে হুমুনিয়াহৰ ঢল তলমল সিপাৰৰ ঘাটতত ৰান্ধনী বেলি যেন তোৰ বিদায়ী মুখ ৷৷ শিতানত শিমলু তুলাৰ গাৰু মন হে কমোৱা তুলা বনাই থকা চিলনীৰ দৰে ৷ নাচাও বুলিলে তোৰ মুখ স্মৃতিবোৰ মনৰ জপনা খুলি সোমাই আহে বাৰে বাৰে ৷ বুকুৰ বেৰ চাই কটা খিৰিকিখন জপাই থ'লো ক'ৰ পৰা জানো জলঙা সৰকি সুমাই আহে জ্বলা মমৰ শেষ পোহৰ যেন এধানি ৰ'দ ৷৷ স্মৃতি যেন সুস্বাদু চুইংগাম এটা যেন চোবায়েই থাকিম তাৰ ৰসহীন শাহ ৷ দুখৰ চৰাই এটাই কূটা কঢ়িয়াইছে অবিৰত বুকুৰ বকুলত সাজিব তাৰ প্ৰজন্মৰ বাবে বাহ ৷ পঢ়াৰ মেজত এঠেঙ ভঙা বিতচকু পংগুত্ব সাৱটি পৰি আছে নিৰৱে মই জপাই মেলিছো মনৰ চকু ৷৷
ভোগালী আপদীয়া অপদ্য নাই অ’ শুনা নাই আইতাৰ ঢেকী শালত ঢেংকুলুচ মাত ৷ নচা নাই বঢ়নি মাৰিয়ে চিৰাৰ খোলাত দীঘল হাতৰ চোলা পিন্ধি বহা নাই পেহী। ঢেকীৰ নেজত বহি খেলা নাই মইনাই কলি ঔচ বগী ঔচ ধুপুচ। নাই সলোৱা কোমল চাউলৰ বাবে ঢেকীৰ থোৰা লগোৱা নাই সান্দহৰ বাবে গোল থোৰাত, ককাই। খুৱলি আৰু ওখন মাৰিৰ নাই কাজিয়া নিতাল পিঠাৰ খোলা গোহালীত গৰু নাই বাঁহৰ চুঙাৰ দৈ অথবা চুঙা পিঠা ঘিলা পিঠা, তিল পিঠা, ফেনী পিঠা খোলাচপৰীয়া, মাহ-কড়াই নাই কাঠ আলু, মোৱা আলু, জপৰা আলু ক’ত পায়? খালি মোনা হাতত লৈ দেউতা বজাৰ’লে যায় শ্বপিং মলত হেনো ‘পেকেজিং’ বিহু পায়। ঠালত সজাই বাইদেৱে "চেল্ফি" তুলি যায় লাইক কমেন্টৰ উজানেই উঠি যায়। দাদাহঁতে ঘৰ সাজে পথাৰত তমালৰ গাঁঠি কি চিনিকে নাপায়। হাজিৰালে মানুহ মাতি সাজে ভেলা ঘৰ চেনেলৰ কেমেৰাৰ আগত কি যে খৰ-ধৰ। আজিকালি ভোগ থাকে চহৰৰ দোকানত আজিকালি ৰং থাকে ৰঙা পানীৰ বটলত ‘ডি জে’ৰ চাউণ্ড বে সুৰা গান মুৰ্গিৰ ঠেং, ৰাতিপুৱাৰ ‘হেং’ লিভাৰৰ দৰৱ কিনে ফাৰ্মাচি দোকানত। বাগী কুঠাৰ নাই গাঁৱত ডেকা নাই আছে গৈ কেৰেলাত ঠেতেলা বেঙেনা খাই মাক হঁতে খুলি ৰাখি হেপাহৰ নঙলা বাট চাই আহিব পুতাই পিছে ভোগ নাই আছে ভোগ
লুণীয়া ঢল কাৰণৰ কথা নুসুধিবা ৷ কাৰণ অথবা অকাৰণ আনন্দ অথবা বিষাদ নুবুলিবা যিকোনো কাৰণত অকাৰণত বৈ আহিব পাৰে লুণীয়া পানীৰ নিজৰা ভাঙি চিঙি লৈ যাব পাৰে বুকুৰ ভেটা পেলাই থৈ যাব পাৰে বৰফুটীয়া বালি - সপোনৰ সম্ভাৱনাময় পথাৰত ৷ আবেগ নুবুলিবা কা-পুৰুষ নুবুলিবা ই যে জন্মজ ৷ কান্দোনৰ শিঙা ফুঁকিয়েইতো আৰম্ভ কৰিছিলো জীৱনৰ যুদ্ধ ৷ জীনিলো আইৰ মন সেয়ে কান্দোনেই মূল ধন মলিয়ন হৃদয় খন পখালিবলৈ দুখৰ শেলুৱৈ অথবা বিহমেটেকাবোৰ উটুৱাই নিবলৈ আহক দিয়া লুণীয়া ঢল ৷ - বিনয় ১১ জানুৱাৰী ১৮
এই বাটেৰেই আহিছিল তেওঁ একৈশতা বসন্তৰ একুৰি এপাহ কপৌফুল একৈশতা পাহাৰৰ সিপাৰৰ  কুলি চৰাইৰ মাত এটা হৈ তেওঁ আহিছিল ৷ কঁইটিয়া কেতেকীৰ একৈশটা পাত ভেদি বিলাইছিল বুকুৰ হালধীয়া সুৱাস আৰু মেঘবোৰে বৰষিছিল ধুই নিকা কৰিবলৈ তেওঁ অহাৰ বাট ৷ তেওঁৰ আগমনিৰ গৌৰৱত নৈ খন উফন্দি উঠিছিল গুছি গৈছিল আলহি খাবলৈ পাৰৰ গাঁৱবোৰলৈ একুৰি এটা ঘাট পাৰ হৈ হৈ তেওঁ জিৰাইছিল এপলক মোৰ বুকুৰ ঘাটত পাৰৰ এজাৰনী খনত হৈ চৈ লাগিছিল বনকুকুৰা আৰু জিলিৰ মাতত ৷ একৈশ দিন একৈশ ৰাতি সাৰে আছিল নাৱৰীয়াবোৰ গঙা চিলনি বোৰে উৰি উৰি স্বাগতম জনাইছিল তেওঁক বৰ চৰাইটোৱে ঠোঁটত ওলমাই আনিছিল এটা ৰূপালী মাছ ৷ এইটো বাটেৰেই আহিছিল তেওঁ প্ৰেমৰ অইনিঃতম এটা গায় গায় আৰু আপঙীয়া ৰাগীত মাতাল হৈ পৰিছিলো মই ৷ একৈশটা বসন্তৰ আগেয়ে আহিছিল তেওঁ একৈশটা বসন্ত পাৰ হৈ গ'ল একুৰি এবাৰ নৈ খন গৰ্বত ফুলি উঠিল একৈশ বাৰ চিঞৰিলে সুৱদী কুলিয়ে তাৰ পাচত নিতাল, নিমাত ৷ মৰা সৰিসৃপ এটাৰ দৰে বাটটো পৰি আছে এতিয়াও কুলি নহয় কেতেকীৰ মাত বিষাদ নিশাত ৷ তেওঁ নাহে হেনো এই বাটেৰে যাৰ নাম আছিল মোৰ যৌৱন মোৰ বসন্ত ৷ ১৫ জানুৱাৰী ২০১৮
লিমাৰিক স্বৰস্বতীৰ পূজা আহিল গাভৰুৰ মন উথপপ থপ ৷৷ টিভিত ওলাব লাগে বিউটি পাৰ্লোৰ আৰু মেকআপ ৷৷ স্বৰস্বতীক মাৰ গুলী ৷ বিউটি কন্টেষ্ট হ'ব বুলি ৷ পিলিঙা ৰিপৰ্টাৰে মাৰি আছে সাত জাপ ৷৷ ২ বিদ্যা দেৱী কোন হয় - নাজানো চ' চৰি ৷৷ পূজাৰ দিনা দেহত থাকে মেকাপেৰে ভৰি ৷৷ স্বৰস্বতীৰ হাঁহ জনী লকেল নে বিলাতী ৷ দাদাহঁতৰ বাজেটৰ হ'বই কিন্তু ঘাটি ৷ ডেটিঙৰহে দিন এইটো, মন থাকে ভৰি ৷৷

তিনিটা স্তৱক

১৷৷ উকিয়াই উকিয়াই ৰৈ যায় বুকুৰ ৰেল গাড়ী শেষটো ষ্টেচনত ৷ কবি আগবাঢ়ে পথৰুৱা বাটেৰে এখন হেৰুৱা হৃদয়ৰ সন্ধানত ৷৷ ২৷৷ মাজনিশাৰ এন্ধাৰ জুপুৰিত পোহৰ পোহৰ হৃদয় স্মৃতিৰ চাকিৰ এলান্ধুৰে ক'লা হয় ৷ নঙলা মুখত কবি থমকি ৰয় নিশাটোৰ শেষত জানোচা এলান্ধু কলিয়া হৃদয়ে যাচে এপিয়লা প্ৰেমৰ চাহ নেদেখা সপোনটোৰ কথা কয় ৷ ৩৷৷ কান্ধত ওলোমাই দুখৰ জোলোঙা আৰু অৱশ ভৰিত বন্ধা পানী জলঙা ৷ কবি গৈয়েই থাকে বিশ্বাসৰ জোনাকী বাটেৰে আশংকাৰ পাহাৰটোৰ পাৰ হ'লেই হেনো পাই প্ৰেমৰ চেৰিফুল এডৰা দ' কৈ উশাহ টানি খৰ খোজে আগবাঢ়ে মনটো হে তাৰ উৰুঙা উৰুঙা ৷৷ -বিকৃতাফু ২১ জানুৱাৰী ১৮
বুকুভৰা গীতবোৰ - '… জানিব খোজিছোঁ গোপন মন্ত্ৰ সৃষ্টিত থকা আই ৷ জানিব খোজিছোঁ কি গীত গালে  শূন্য আঁতৰি যায় ৷৷ উদং বতাহৰ বুকু কেনেকৈ মিঠা সুৰভীৰে ভৰে… সাৰ পাম মই পুুৱতি নিশাতে… " - নিৰ্মলপ্ৰভা বৰদলৈ সাৰ পাই গ'লো পুৱতি নিশাতে ৷ গ'লটো নিশা কাণত "হেডফোন" লগাই গীতৰ ৰাগীত ডুব গৈ থাকোঁতে কেতিয়া টোপনি গ'লো গমেই নাপালো ৷ অলপ সোনাকালেই ঢলি পৰিছিলো চাগে টোপনিৰ কোলাত ৷ আৰু এতিয়া সাৰ পাই দেখোঁ কণ্ঠত বিষ নুঠা ম'বাই ফোনটোত গান বাজিয়েই আছে ৷ সময় পুৱতিৰ তিনি বাজিছে ৷ আহঃ কি মিঠা গীত আছিল সেইবোৰ ৷ কি অপূৰ্ব, অৰ্থবহ গীতৰ কথা ৷ মিঠা সংগীত… ৷ সমান্তৰাল ভাৱে মনলৈ আহিছে আজি গীতৰ নামত চলি থকা অশ্ৰব্য চিঞৰ-বাখৰ বোৰ ৷ জানুৱাৰী মাহ ৷ পিকনিকৰ সময় ৷ প্ৰতিটো বনভোজৰ দলৰ গাড়ীত কাণতালমৰা শব্দ যন্ত্ৰ আৰু গীত (?)ৰ ব্যৱস্থা ৷ আই ঔ গীতৰ নামত যিবোৰ বাজিছে বুকু শাঁত পৰাৰ সলনি কাণ-মূৰ গৰম হৈ যোৱাৰ লগতে প্ৰচণ্ড খং এচাটি উজায় আহে ৷ খঙাল মানুহ মই ৷ মোৰ দোকানৰ মুখত এনে বহু গাড়ী ৰখাই একদম শীৰ্ষতম প্ৰাৱল্যত গীত বজাই কাণ ঘোলা কৰি দিয়ে ৷ আজি কালি আকৌ "ক্ষেত্ৰ ভ্ৰমণ" বুলি বিদ্যালয় সমূ