
"এগৰাকী সাহসী নাৰীৰ হাতত" ক'ৰ বিষাদ বতাহে নুমুৱাই থৈ গ'ল তোৰ বুকুৰ শলিতা কাৰ পাষান হাতে মুচৰি থৈ গ'ল তোৰ দগমগ সেওঁতা ? মাজ নিশা কোনে কৰুণ বাঁহীত বজাই দুখৰ "কাবান" শোকৰ মালিতা শোক বোৰ গলাই নেপেলাবি অ' শোকৰ তপত মমৰ পোহৰত তই আকৌ লিখচোন জীৱনৰ কবিতা ৷ শোক বোৰ জুই হৈ জ্বলিবলৈ দে তাৰ ৰঙা আঠঙাত শতৰুৰ বুকুৰ জোখাৰে গঢ়িব লাগিব শানিত তৰোৱাল ৷ অথবা নাঙল ফাল চন পৰা বুকুৰ মাটিত সিঁচিবলৈ এসাগৰ সেউজীয়া বিনয় 5/1/17