অপ্ৰত্যাশিত:

অপ্ৰত্যাশিত আছিল
সেই খবৰ
নৈ খনত বৰশী বোৱা
ছোৱালীজনী গুচিগৈছিল
কোনোবা বনিক বেহোৱা সাউদৰ স'তে
মুকুতাৰে জীৱন গঢ়াৰ আশাত
তাইৰ খেলৰ লগৰী গৰখীয়া জনৰ
বাঁহীটো হৈ পৰিছিল শব্দহীন
ক্ষণিকৰ বাবে সি উচুপি উঠিছিল
আকৌ বজাইছিল বৰ আকুলতাৰে
কাৰুণ্য মিহলি সুৰবোৰ
নৈখনৰ গৰাত ঠেকা খাই প্ৰতিধ্বনি তুলিছিল
পাৰৰ নিজাৰ পৰা আজাৰৰ ডালত
বেঙুনীয়াবোৰ এতিয়া বেজাৰ হৈ ফুলিছে
মুকুতা লোভী ছোৱালী জনী ওভটি আহিছে
তাই সজাব নোৱাৰিলে মুকুতাৰে জীৱন
সপোনতো হেনো তাইক
গৰখীয়া বাঁহীৰ মাতে আকুল কৰে
প্ৰত্যাশিত ভাৱেই কিন্তু গৰখীয়া জন নাছিল
সি বিষাদৰ সুহুৰী এটা বজাই
কাহানিবাই গুছি গ'ল
নৈ খনৰ সিটো পাৰলৈ
মুকুতালোভী ছোৱালীজনীৰ
উচুপনিত
এজাৰে সৰুৱাইছিল
এপাহ বেঙুনীয়া ফুল ৷
 ********-

*দুখ*

কপৌটিৰ ৰুণ এটি হৈ
কোনে গধূৰ কৰে মোৰ
দুখৰ চোতাল
গধূলী গোপাল ফুলাৰ সময়ত
জিলিৰ চিঞৰ সিঞাৰি সিঞাৰি
গো-ধূলি উৰুৱাই
গুছি যায় গৰখীয়া
তাৰ  বাঁহীৰ সুৰত কঁপি উঠে
মোৰ এসাগৰ পথৰুৱা শোক
শোক বোৰ স্বতঃস্ফূৰ্ত
নিষ্পাপ
আৰু
নিষ্কলুষ ৷
    ******

Comments

Popular posts from this blog

মই সোৱণশিৰিয়ে কৈছোঁ

Udar Axomiya ( উদাৰ অসমীয়া)