জীৱন

কান্দোনেৰে আৰম্ভ কৰা
এটা যাত্ৰাৰ নাম জীৱন
মাত ফুটে,
কলকলিনত মুখৰ হয়
আই-দেউতাৰ পৃথিৱী
আমি শব্দত আশ্ৰিত
শব্দৰেই উমলি-জামলি
পাত কৰো জীৱন
শব্দ হঁহুৱাই, কন্দুৱাই
শব্দই সৃষ্টি কৰিব পাৰে
মহাসমৰৰ
শব্দহীনতা মানেইতো মৃত্যু
জীৱনৰ সামৰণি
য'ত মই নিৰৱে ৰ'ম
জীৱনৰ ওভোটনি যাত্ৰাত
মোৰ নিশব্দ শৰীৰ সাৱটি
উচুপিব স-শব্দে

আন কোনোবাই ৷

Comments

Popular posts from this blog

মই সোৱণশিৰিয়ে কৈছোঁ

Udar Axomiya ( উদাৰ অসমীয়া)