#"একুৰিয়ামৰ মাছৰ দৰে উকা কঁপালৰ নাৰী গৰাকী:#

বুকুত একুৰিয়ামৰঙী আলংকৰীক
মাছ এজনী ধৰফৰাই থাকিলেও
তই সেন্দুৰ পিন্ধিব নোৱাৰ ৷

হেঙুলীয়া বেলি দেখি
আঁকিব নোৱাৰ জেতুকাৰ বেলি
তোৰ পাবলী আঙুলিত

পিন্ধিব নোৱাৰ হেঁপাহৰ নেপুৰ
উচাহৰ গলপতা
অথবা কামনাৰ জোনবিড়ি

শীতল শেতেলীত চতফটাই থাকিলেও
পুহৰ নিশা
উমাল বুকুৰ সপোন দেখিব নোৱাৰ তই

তই কেৱল জ্বলাব পাৰ
বেদনাৰ তাম ৰঙী চাকি
আঁকিব পাৰ তোৰ শেতেলীৰ গাৰুত
চকুপানীৰ তৈল্যচিত্ৰ
বুকুৰ গভীৰৰ বিষটোৰ স'তে
কথা পাতিব পাৰ গোপনে ৷

একুৰিয়ামৰ ৰঙীন মাছ জনী
ধৰফৰাই থাকিলেও বুকুত
তই শুভ্ৰতাকে জনাব লাগিব চ্যেলুট
কাৰণ তই যে আঁকিব  নোৱাৰ
কাৰোবাৰ দীৰ্ঘায়ু কামন কৰি
সেওঁতা ফালি সেন্দুৰৰ ৰেঘা ৷

বিনয় 4/1/17

Comments

Popular posts from this blog

মই সোৱণশিৰিয়ে কৈছোঁ

Udar Axomiya ( উদাৰ অসমীয়া)